ETV Bharat / sukhibhava

Conjunctivitis Myths: ক’লা চশমা পিন্ধিলে আই ফ্লু বিয়পিব পাৰেনে ? এই কথা কিমানদূৰ সত্য জানি লওক

author img

By

Published : Aug 15, 2023, 5:51 PM IST

আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে চকুৰ ফ্লুত ভোগা লোকসকলে প্ৰায়ে ৰাজহুৱা স্থানত ক’লা চশমা পিন্ধে, তেওঁলোকে ভাৱে যে এনে কৰিলে এই ৰোগ আন কোনো ব্যক্তিলৈ বিয়পি নাযায়, কিন্তু এই পদ্ধতি কিমান ফলপ্ৰসূ ?

Can Wearing Black Glasses Prevent Conjunctivitis From Spreading
ক’লা চশমা পিন্ধিলে আই ফ্লু বিয়পিব পাৰেনে ? এই কথা কিমানদূৰ সত্য জানি লওক

চকুৰ ফ্লু বা কনজাংটিভাইটিছ হ’ল চকুৰ ভাইৰাছজনিত সংক্ৰমণ যাৰ ফলত চকু ৰঙা পৰা, চকুৰ পতা ফুলা, চকুত জ্বলা-পোৰা আৰু চকুলো ওলোৱা আদি বহুতো সমস্যাৰ সৃষ্টি হয় । বতৰৰ হঠাৎ পৰিৱৰ্তনৰ বাবে এই সংক্ৰমণ অধিক দ্ৰুতগতিত বিয়পে । এই কাৰণেই চকুৰ ফ্লুত আক্ৰান্ত ৰোগীক পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হয় যদিও একাংশ লোকে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰি চকুত ক’লা চশমা পিন্ধি এই ভাইৰাছ আনৰ মাজলৈ বিয়পি নাযায় বুলি ভাবে । তেনে কৰাটো উচিত নে নহয় জানো আহক ।

কনজাংটিভাইটিছত ক’লা চশমা পিন্ধাটো সুৰক্ষিত নে ?

যদিও ক’লা চশমা পিন্ধি চকু দুটা উজ্জ্বল পোহৰ, ধূলি, মাটিৰ পৰা ৰক্ষা কৰিব পাৰি, কিন্তু যদি আপুনি ভাবিছে যে এনে কৰিলে এই ৰোগ আন মানুহলৈ বিয়পি নাযায়, তেন্তে এয়া মাথোঁ এটা উৰাবাতৰি । এই বিষয়ত কোনো সত্যতা নাই । চকুৰ ফ্লুত আক্ৰান্ত ৰোগীৰ চকুৰ সংস্পৰ্শত ভাইৰাছ বিয়পি নাযায় ।

কিয় চিকিৎসকে চশমা পিন্ধিবলৈ পৰামৰ্শ দিয়ে ?

কনজাংটিভাইটিছৰ ৰোগী উজ্জ্বল পোহৰৰ প্ৰতি অলপ বেছি সংবেদনশীল হৈ পৰে, লগতে যদি তেওঁলোকৰ চকুত ধূলি বা মাটি সোমাই যায়, তেন্তে বিষ বাঢ়িবলৈ আৰম্ভ কৰে । চশমাৰ পৰা চকুৱে তৎক্ষণাত সকাহ পায় যদিও সংক্ৰমণ বিয়পোৱা বা সংক্ৰমণ বিয়পি পৰাত বাধা দিয়াৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ।

চকুৰ ফ্লু কেনেকৈ বিয়পে ?

১) চকুৰ ফ্লুত আক্ৰান্ত ৰোগীয়ে যেতিয়া চকু ঘঁহি তাৰ পিছত সুস্থ ব্যক্তিৰ লগত হাত মিলাই দিয়ে । কোনো সুস্থ ব্যক্তিয়ে তেওঁৰ সংক্ৰমিত হাতেৰে চকুত স্পৰ্শ কৰিলে কনজাংটিভাইটিছ বিয়পে ।

২) কনজাংটিভাইটিছ ৰোগত আক্ৰান্ত ব্যক্তিৰ টাৱেল, আঁঠুৱা, বিচনা ব্যৱহাৰ কৰিব নালাগে কাৰণ ই আপোনাৰ চকুতো সংক্ৰমণ কৰিব পাৰে ।

চকুৰ ফ্লুৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে ?

১) চকুৰ ফ্লুৰ ৰোগ ব্যাপক হৈ থকাৰ সময়ত অপ্ৰয়োজনীয়ভাৱে চকু স্পৰ্শ কৰাৰ পৰা বিৰত থাকক । চকু মেলিবলৈ প্ৰয়োজন হ’লে প্ৰথমে চাবোনেৰে হাত ধুব লাগে ।

২) আপোনাৰ বিচনা, আঁঠুৱা, চাদৰ বা ৰুমাল আন কাকো ব্যৱহাৰ কৰিবলৈ নিদিব, নহ'লে আপুনিও সহজেই এই ৰোগৰ বলি হ'ব পাৰে ।

৩) চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰণৰ চকুৰ টোপাল বা চকুৰ মলম ব্যৱহাৰ নকৰিব ৷

৪) জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিব আৰু নিয়মিতভাৱে হাত ধুই থাকিব লাগে ।

লগতে পঢ়ক: Teeth Cleaning: দাঁত পৰিস্কাৰ নোহোৱাৰ বাবে চিন্তিত নেকি ? নিতৌ কৰক এই কাম মুকুতাৰ দৰে জিলিকি উঠিব আপোনাৰ দাঁত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.