ETV Bharat / sukhibhava

Tongue Taste Change: হঠাৎ জিভাৰে সোৱাদ নোপোৱা হ’লে আওকাণ নকৰিব; হ’ব পাৰে এইসমূহ ৰোগ - মুখত টেষ্ট সলনি হোৱা

হঠাৎ যদি আমি জিভাৰ সোৱাদ নোপোৱা হওঁ তেতিয়া খাদ্য খাবলৈ মন নাযায় ৷ এনে হ’লে বহুলোকে আওকাণ কৰে যদিও তেনে কৰাটো উচিত নহয় ৷ এয়া কেতিয়াবা গুৰুতৰ ৰোগৰ লক্ষণো হ’ব পাৰে ৷ সেয়ে এই সমস্যাই দেখা দিলে কি কি ৰোগৰ লক্ষণ হ’ব পাৰে জানি লওক...

why suddenly change the taste of the tongue? know the reason
এইসমূহ ৰোগত হঠাৎ সলনি হয় জিভাৰ সোৱাদ, আওকাণ কৰিলে হ’ব এই লোকচান
author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 6:00 PM IST

খাদ্য অবিহনে আমি আমাৰ জীৱন কল্পনাই কৰিব নোৱাৰো ৷ কিন্তু সকলোৱে কেৱল জীয়াই থকাৰ বাবেই খাদ্য নাখায়, বৰঞ্চ বহু লোকে জিভাৰ জুতি বিচাৰে প্ৰতিটো খাদ্যত ৷ যিটো আমাৰ জিভাৰ ওপৰত নিৰ্ভৰ কৰে ৷ কিন্তু বহুবাৰ আমি জিভাত বেয়া সোৱাদ অনুভৱ কৰোঁ আৰু ইয়াক আওকাণ কৰোঁ ৷ কিন্তু তেনে কৰাটো বিপজ্জনক হ’ব পাৰে ৷ কাৰণ জিভাখন নিস্তেজ হোৱাটো বহু গুৰুতৰ ৰোগৰ লক্ষণ ৷ দৰাচলতে আমি অসুস্থ হ’লে আমাৰ জিভাৰ সোৱাদ আৰু ৰঙো সলনি হয়, যাৰ বাবে চিকিৎসাৰ সময়ত চিকিৎসকে প্ৰায়ে আমাৰ জিভাখন ভালদৰে চায় ৷

জিভাৰ সোৱাদ কিয় সলনি হয় ?

১/ জ্বৰ

যেতিয়া কোনো লোক জ্বৰত আক্ৰান্ত হয়, তেতিয়া জিভাই সোৱাদ নাপাব পাৰে ৷ এইটো এটা সাধাৰণ শাৰীৰিক সমস্যা যদিও কিছুমান ক্ষেত্ৰত ই কোনো ৰোগৰ লক্ষণো হ’ব পাৰে ৷

২/ ডায়েবেটিছ

ডায়েবেটিছ ৰোগী প্ৰায়ে জিভাৰ সোৱাদৰ পৰিৱৰ্তনৰ সন্মুখীন হয় ৷ তেওঁলোকৰ ৰক্তশৰ্কৰাৰ অৱস্থা জানিবলৈ এইটো গুৰুত্বপূৰ্ণ হ’ব পাৰে ৷

৩/ দাঁতৰ সমস্যা

দাঁতৰ সমস্যাই জিভাৰ সোৱাদতো প্ৰভাৱ পেলাব পাৰে ৷ জিঞ্জিভাইটিছ, গহ্বৰ, বা মুখ পৰিষ্কাৰ নকৰাৰ বাবে এনে সমস্যাৰ সৃষ্টি হোৱাটো অতি সাধাৰণ কথা ৷

৪/ স্নায়ুজনিত সমস্যা

বহুতো স্নায়ুজনিত ৰোগ, যেনে পাৰ্কিনছন ৰোগ, এলঝেইমাৰ, বা মাল্টিপল স্ক্লেৰোচিছৰ ফলত জিভাৰ সোৱাদ সলনি হ’ব পাৰে ৷

৫/ কাহ আৰু চৰ্দি

কাহ আৰু চৰ্দিৰ সময়ত জিভাৰ সোৱাদ কমি যাব পাৰে, কাৰণ নাক বন্ধ হোৱাৰ বাবে এনে হয়, আচলতে আমাৰ সোৱাদ নিৰ্ণয়ৰ বাবেও নাকেই দায়ৱদ্ধ ৷

৬/ ক'ভিড-১৯

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ সংক্ৰমণে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল, এই সময়ছোৱাত বহুলোকে জিভাৰ সোৱাদ হেৰুৱাই পেলোৱা অনুভৱ কৰিছিল ৷ এয়া Covid-19 ৰ অন্যতম গুৰুত্বপূৰ্ণ লক্ষণ ৷

লগতে পঢ়ক: Water Benefits: দৈনিক ৫ গিলাচ পানী খালে এই ৪ টা সমস্যাৰ পৰা পৰিত্ৰাণ পাব

লগতে পঢ়ক: Bhindi Masala Recipe: ভাত-ৰুটিৰ সৈতে খাবলৈ খুবেই সুস্বাদু এই ভেন্দি ভাজি, এনেদৰে কৰক তৈয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.