ETV Bharat / sukhibhava

Mosambi Benefits: আমি কিয় দৈনিক মৌচুমী খাব লাগে ? ইয়াৰ আচৰিত উপকাৰিতা জানি লওক - মৌচুমী ৰসৰ উপকাৰিতা

মৌচুমীক যদি আমি ছুপাৰফুড বুলিও কওঁ তেন্তে হয়তো ভুল নহ’ব, কাৰণ ই অনেক উপকাৰিতাৰে ভৰপূৰ যাৰ বিষয়ে হয়তো আপুনি পূৰ্বে জ্ঞাত নাছিল । সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক ইয়াৰ উপকাৰিতা ৷

Why should we eat Mosambi daily? Know its countless benefits
আমি কিয় দৈনিক মৌচুমী খাব লাগে ? ইয়াৰ আচৰিত উপকাৰিতা জানি লওক
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 12:26 PM IST

মৌচুমীৰ খোৱাটো ভাৰতীয় খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ, দেশৰ বেছিভাগ ঠাইতে মৌচুমীৰ ৰসৰ দোকান নিশ্চিতভাৱে দেখা পাব ৷ এই ফলবিধত বহুতো স্বাস্থ্য উপকাৰিতা লুকাই আছে ৷ মৌচুমীক ভিটামিন চিৰ সৰ্বোত্তম উৎস বুলি গণ্য কৰা হয় । ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ বাবে ভিটামিন চি খুবেই প্ৰয়োজনীয় বুলি গণ্য কৰা হয় । শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাই শৰীৰক বহুতো ঋতুভিত্তিক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে ।

মৌচুমীয়ে বিশেষকৈ গ্ৰীষ্মকালত অতি উপকাৰী, কাৰণ ইয়াত প্ৰাকৃতিক তৰল পদাৰ্থ, ভিটামিন, খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ যদি আমি মৌচুমীৰ পুষ্টিকৰ উপাদানৰ কথা ক’বলৈ যাও তেন্তে ইয়াত ভিটামিন এ, চি, কেলচিয়াম, কাৰ্বহাইড্ৰেট, ফছফৰাছ, পটাছিয়াম, ফলেট আদি থাকে । পুষ্টিবিদে প্ৰতিদিনে মৌচুমী খাব লাগে এই সন্দৰ্ভত কি ক’লে জানো আহক-

মৌচুমী খোৱাৰ ৫টা উপকাৰিতা

১/ পুষ্টিকৰ উপাদানৰ ভৰাঁল

ভাল পৰিমাণৰ ভিটামিন চি, ভিটামিন এ, আৰু ফাইবাৰ মৌচুমীত পোৱা যায়, যিবোৰ আপোনাৰ শৰীৰৰ বাবে উপকাৰী আৰু ইয়াৰ সেৱনৰ ফলত শৰীৰত বহুতো পুষ্টিকৰ উপাদানৰ অভাৱ নহয় ৷

২/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব

মৌচুমীত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু চৰ্দি, কাহ, ফ্লু আৰু অন্যান্য ভাইৰাছজনিত ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ৷

৩/ হজম শক্তি ভাল হৈ থাকিব

মৌচুমীত ভাল পৰিমাণৰ আঁহ থাকে, যাৰ ফলত পেটৰ স্বাস্থ্য উন্নত হয় ৷ ই হজম শক্তি উন্নত কৰে, কোষ্ঠকাঠিন্য দূৰ কৰে, আৰু আপোনাক লঘু আৰু সক্ৰিয় কৰি ৰাখে ৷

৪/ ওজন হ্ৰাস কৰাত সহায় কৰে

মৌচুমী খালে ওজন নিয়ন্ত্ৰণত সহায় কৰে, কাৰণ ই কম কেলৰিযুক্ত খাদ্য যিয়ে পেট আৰু কঁকালত চৰ্বি ওলমি থকাত বাধা দিয়ে ৷ যিসকল লোকে নিজৰ ফিটনেছক লৈ চিন্তিত তেওঁলোকে মৌচুমীৰ ৰস খালে যথেষ্ট উপকাৰিতা লাভ কৰিব ৷

৫/ মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰে

মৌচুমী সেৱনে আপোনাৰ মানসিক স্বাস্থ্য উন্নত কৰে, যিয়ে উত্তেজনা আৰু মানসিক চাপ দূৰ কৰাত সহায় কৰে ৷ মানসিক স্বাস্থ্যৰ উন্নতিৰ ঔষধতকৈও কম নহয় ৷

লগতে পঢ়ক: Rashmika Mandanna: শীতকালতো নিজকে এক আকৰ্ষণীয় লুক দিবলৈ অনুসৰণ কৰক ৰশ্মিকা মন্দান্নাৰ এই ষ্টাইলিং টিপছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.