ETV Bharat / sukhibhava

Benefits of Thoranam: ঘৰৰ মূল দুৱাৰত আঁৰক আমৰ পাত; ঘৰলৈ আহিব সুখ-শান্তি-সমৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 6:31 PM IST

আম গছৰ পাতৰ পৰা কাঠলৈকে ব্যৱহাৰ হয় ৷ বাস্তু শাস্ত্ৰতো ইয়াৰ গুৰুত্ব অতি বেছি ৷ আপোনাৰ সমস্যা দূৰ কৰিবলৈ আম কিদৰে ব্যৱহাৰ কৰা হয়, আজি জানো আহক-

Why mango leaves are tied to door? benefits of mango leaves hanging at the main door
ঘৰৰ মূল দুৱাৰত আঁৰক আমৰ পাত; ঘৰলৈ আহিব সুখ-শান্তি-সমৃদ্ধি

বাস্তু শাস্ত্ৰতো প্ৰকৃতিক যথেষ্ট গুৰুত্ব দিয়া হৈছে ৷ এই শাস্ত্ৰত কিছুমান গছ-গছনি আৰু উদ্ভিদক অতি শ্ৰদ্ধাৰ বুলি গণ্য কৰা হয় ৷ ইয়াৰ ভিতৰত আঁহত গছ, আম গছ, বট গছ অন্যতম ৷ এই শাস্ত্ৰত আম গছৰ পৰা বহু সমস্যাৰ প্ৰতিকাৰ লাভৰ বিষয়ে উল্লেখ কৰা হৈছে ৷ আমৰ পাত বন্ধাক মাভিলাই থোৰানাম বুলিও জনা যায়, ই ভাল বীজাণুনাশক আৰু বতাহ বিশুদ্ধ কৰে যিয়ে উৎসৱ আৰু ভাল অনুষ্ঠানৰ বাবে মানুহৰ সমাগম হ’লে সহায় কৰে । শুভ কামসমূহত আম গছৰ পাতৰ পৰা কাঠলৈকে ব্যৱহাৰ হয় ৷ আপোনাৰ সমস্যা দূৰ কৰিবলৈ আম কিদৰে ব্যৱহাৰ কৰা হয়, আজি জানো আহক-

মূল দুৱাৰত আঁৰি ৰাখিব

বিশ্বাস অনুসৰি, আম গছ মঙ্গল গ্ৰহৰ কাৰক ৷ সেয়েহে, যিকোনো কাম কৰাৰ আগতে আমৰ পাত ব্যৱহাৰ কৰা হয় ৷ ঘৰৰ মূল দুৱাৰত আম পাত আঁৰি ৰাখিলে ঘৰখনৰ পৰা নেতিবাচক শক্তি আঁতৰ কৰা হয় আৰু সুখ-সমৃদ্ধি বৰ্তি থাকে ৷

ধনৰ অভাৱ দূৰ

পূজাৰ সময়ত আমৰ পাতৰে ঘৰত পানী ছটিয়াব ৷ ই ঘৰৰ সদস্যৰ ধনৰ অভাৱ দূৰ কৰাৰ লগতে ধন লাভৰ সম্ভাৱনা বৃদ্ধি কৰে ৷

কেৰিয়াৰত সফলতা

যদি আপোনাৰ কেৰিয়াৰত কোনো বাধা আছে, তেন্তে আম গছৰ গুৰিত পানী দিব ৷ পানী দিয়াৰ পিছত গছজোপাৰ গুৰিত সেঁৱা কৰিব ৷এনে কৰাৰ ফলত কেৰিয়াৰৰ সমস্যাবোৰ আঁতৰ হোৱাৰ লগতে সফলতাৰ পথ মুকলি হ'ব ৷

গোঁসাই ঘৰত ৰাখিব আমৰ পাত

ঘৰৰ গোঁসাইঘৰত আমৰ পাত ৰখাটোও অতি শুভ ৷ গোঁসাইঘৰত থকা ভগৱান গণেশৰ মূৰ্তি বা ফটোৰ ওচৰত আম পাত ৰাখিব ৷ এনে কৰিলে ঘৰত কেতিয়াও ধনৰ অভাৱ নহ'ব আৰু মা লক্ষ্মীৰ আশীৰ্বাদপ্ৰাপ্ত হ'ব ৷

সুখী হয় বজৰংবলী

জ্যোতিষীয় বিশ্বাস অনুসৰি, আম হনুমানজীৰ আটাইতকৈ প্ৰিয় ফল ৷ আমৰ পাতত চন্দন কাঠেৰে 'জয় শ্ৰী ৰাম' লিখক আৰু হনুমানজীক আগবঢ়াওক ৷ ইয়াৰ ফলত পৰিয়ালটোৱে বজৰংবলীৰ আশীৰ্বাদ লাভ কৰিব ৷

লগতে পঢ়ক: Health Tips: খেজুৰৰ সৈতে খাওক এইবিধ বস্তু, নিমিষতে দূৰ হ’ব শৰীৰৰ দুৰ্বলতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.