ETV Bharat / sukhibhava

শৰীৰ কপাই যোৱা এই ঠাণ্ডাৰ বতৰত চাহ নে কফি ? কোনবিধ শৰীৰৰ বাবে উত্তম - চাহ বা কফি

শীতকালত আমি আমাৰ শৰীৰক গৰম কৰি ৰাখিবলৈ প্ৰায়ে চাহ বা কফি খাও ৷ কিন্তু বহুতে নাজানে যে শীতকালত চাহ নে কফি কোনবিধ অধিক লাভদায়ক ৷ চাহ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নে কফি আপোনাৰ বাবে অধিক উপকাৰী ? গতিকে, এই সকলোবোৰ প্ৰশ্নৰ উত্তম আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে জানি লও আহক...

Which is better for the winter season tea or coffee? let's find out
শৰীৰ কপাই যোৱা এই ঠাণ্ডাৰ বতৰত চাহ নে কফি ? কোনবিধ শৰীৰৰ বাবে উত্তম
author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 2:04 PM IST

শীতকালত চৰ্দি আৰু কাহৰ সমস্যাই মানুহৰ বাবে যথেষ্ট অশান্তিৰ সৃষ্টি কৰে ৷ মূৰৰ বিষৰ লগতে শৰীৰক ক্লান্তি আৰু অৱসাদে আগুৰি ধৰে ৷ এনে পৰিস্থিতিত পুৱা সাৰ পোৱাৰ পিছত এনেকুৱা কিবা এটা খাবলৈ মন যায় যিয়ে শৰীৰটোক গৰম কৰি তোলাৰ লগতে এই সকলোবোৰ সমস্যাও প্ৰতিৰোধ কৰিব পৰা যায় ৷

এনে ক্ষেত্ৰত প্ৰথমে আমাৰ মনলৈ আহে চাহ অথবা কফি ৷ কিন্তু বহুতে নাজানে যে শীতকালত চাহ নে কফি কোনবিধ অধিক লাভদায়ক ৷ চাহ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নে কফি আপোনাৰ বাবে অধিক উপকাৰী ? গতিকে, এই সকলোবোৰ প্ৰশ্নৰ উত্তম আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে জানি লও আহক...

চাহ বা কফি কোনটো উত্তম-

শীতকালত চাহতকৈ কফি সেৱন কৰাটো অধিক লাভদায়ক হয় ৷ দৰাচলতে কফিত কেফেইন থাকে ৷ এইটো এনে এটা যৌগ যাক শীতকালত সেৱন কৰিলে স্বাস্থ্যৰ পক্ষে উপকাৰী হ’ব পাৰে ৷ ই আপোনাৰ শৰীৰত তেজ বঢ়ায় ৰক্তসঞ্চালন উন্নত কৰে যিয়ে আপোনাক গৰম কৰি ৰাখে ৷ শৰীৰৰ পৰা জমা হোৱা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে৷ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে ৷ আনহাতে, চাহ খালে যদিও কিছু সময়ৰ বাবে ভাল লাগে কিন্তু কফিয়ে শৰীৰত যিমান উষ্ণতা দিব পাৰে সিমান উষ্ণতা প্ৰদান নকৰে ৷ ইয়াৰ উপৰিও চৰ্দি আৰু মূৰৰ বিষ কমোৱাতো কফিয়ে সহায় কৰিব পাৰে ৷ ইয়াৰ উপৰিও ইয়াৰ দুটা বিশেষ উপকাৰিতা আছে ৷

শীতকালত কফি খোৱাৰ উপকাৰিতা-

১) তৎক্ষণাত শক্তি বৃদ্ধি কৰে

কফিত ভাল পৰিমাণৰ কেফেইন থাকে যিয়ে আপোনাৰ শৰীৰক তৎক্ষণাত শক্তি প্ৰদান কৰে ৷ এই কেফেইনে আপোনাক অধিক সময়ৰ বাবে মানসিকভাৱে সুস্থ হৈ থকাত সহায় কৰিব পাৰে, যাৰ ফলত আপুনি পুনৰ টোপনি নাহে আৰু আপোনাৰ মনটো ভাল থাকে ৷ ইয়াৰ সৈতে আপোনাৰ মগজুৱে এলাৰ্ট মোডত ভাল কাম কৰে ৷

২) এন্টিঅক্সিডেন্টৰে সমৃদ্ধ

এন্টিঅক্সিডেন্ট হৈছে এনে পদাৰ্থ যিয়ে প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে আৰু ফ্ৰী ৰেডিকেলৰ ফলত শৰীৰৰ কোষৰ ক্ষতি ৰোধ কৰে ৷ এইবোৰে খাদ্য হজম কৰাত সহায় কৰে আৰু প্ৰদূষণৰ ফলত হোৱা চাপৰ সংস্পৰ্শৰ পৰা ৰক্ষা কৰে ৷ চাহতকৈ কফিৰ এই গুণ বেছি ৷ ইয়াত কিছুমান বিশেষ পলিফিনল থাকে যিবোৰ স্বাস্থ্যৰ বাবে উপকাৰী ৷ এইদৰে কফি সেৱনে শীতকালত বহুতো ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে ৷

লগতে পঢ়ক: বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায়ে কিদৰে নিজৰ ছাল-চুলিৰ যতন লয় জানো আহক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.