ETV Bharat / sukhibhava

Diet of diabetic patients: ভাত নে ৰুটি, ডায়েবেটিছ ৰোগীৰ বাবে কোনটো উত্তম ?

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 5:43 PM IST

ডায়েবেটিছত আক্ৰান্ত ৰোগীয়ে তিনিসাঁজ ভাত খাব পাৰেনে ? এদিনত তিনিসাঁজ ভাত খালে এনে ৰোগীৰ শৰ্কৰা বৃদ্ধি পায় নেকি ? তেওঁলোকে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব পাৰে এই সম্পৰ্কে ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক সাক্ষাতকাৰত ডায়বেট'ল'জিষ্ট ডাঃ ৰূপম দাসে দিলে এই পৰামৰ্শ ৷

Diet of diabetic patients
ভাত নে ৰুটি ডায়েবেটিছ ৰোগীৰ বাবে কোনটো উত্তম ?
ডায়বেট'ল'জিষ্ট ডাঃ ৰূপম দাস

সাধাৰণতে এই ৰোগত আক্রান্ত ৰোগীয়ে যেতিয়া বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ যায় তেতিয়া তেওঁলোকে ভাত খাব নে ৰুটি ? দিনটোত তিনিসাঁজ ভাত খাব পাৰে নে নোৱাৰে আদি প্ৰশ্ন প্ৰায়ে কৰা শুনা যায় ৷ আন একাংশই আকৌ এই ৰোগত আক্রান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছত ভাত খাবলৈ এৰি দিয়ে ৷ প্ৰায় ভাত ডায়েবেটিছত আক্রান্ত ৰোগীয়ে 'ভাত' শব্দটো শুনিলে আতংকিত হোৱাৰ কোনো কাৰণ নাই ৷ কেৱল এনে ৰোগীয়ে সতৰ্কতা অৱলম্বন কৰিব লাগিব ৷ কেৱল ভাত বুলিয়ে নহয়, আন আহাৰ খোৱাৰ ক্ষেত্ৰতো সদায় সতৰ্কতা অৱলম্বন নকৰিলে বিপদ ঘনীভূত হ'ব পাৰে ৷

ডায়েবেটিছত আক্রান্ত ৰোগীয়ে দিনটোৰ ভিতৰত নিৰ্দিষ্ট পৰিমাণৰ কেলৰিযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে ৷ কিছুমান খাদ্যৰ পৰিমাণ বেছি হ’লেও শৰ্কৰা কম থাকিব পাৰে ৷ আনহাতে কিছুমান এনে খাদ্য আছে যিবোৰ অলপ খালেই শৰীৰে দিনটোৰ বাবে প্ৰয়োজনীয় কেলৰি লাভ কৰে ৷

প্ৰায়ভাগ ৰোগীয়ে চিকিৎসকৰ ওচৰলৈ আহিলে যিবোৰ প্ৰশ্ন কৰে সেইবোৰৰ ভিতৰত এটা প্ৰশ্ন অন্যতম যে তেওঁলোকে ভাত খাব নে ৰুটি ? কিছুমান ৰোগীয়ে পুৱা আৰু নিশা ভাত নাখায় ৷ দুয়ো সাজতেই ৰুটি খায় ৷ কিন্তু ৰুটি কেইখন খাব পাৰে ? বগা আটা বা ময়ডাৰে প্ৰস্তুত কৰা ৰুটি বা লুচী আদিত বেছি পৰিমাণৰ কাৰ্ব'হাইড্ৰেট থাকে ৷

ঠিক তেনেদৰে বগা বা কলা চাউলত গ্লাইচেমিক ইনডেক্সৰ পৰিমাণৰ ওপৰত ভাত কিমান খাব পাৰে সেয়া নিৰ্ধাৰণ কৰা হয় ৷ লগতেই ডায়েবেটিছ আক্রান্ত ৰোগীসকলে সদায় সুষম আহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত ৷

লগতে পঢ়ক: Kidney Patients Diet: কিডনীৰ ৰোগীসকলে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে ? চিকিৎসকৰ পৰা সকলো তথ্য জানি লওক

লগতে পঢ়ক: Foods To Avoid In Kids Tiffin: ভুলতেও আপোনাৰ শিশুটিক টিফিনত খাবলৈ নিদিব এইসমূহ খাদ্য

লগতে পঢ়ক: Mustard seeds: স্বাস্থ্যৰ তথা ছালৰ বাবে এইসমূহ উপকাৰিতা কঢ়িয়াই আনে সৰিয়হৰ গুটিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.