ETV Bharat / sukhibhava

Hair Fall: দৈনিক কিমান চুলি সৰাটো স্বাভাৱিক ?

author img

By

Published : Dec 23, 2022, 4:55 PM IST

কেতিয়াবা আমি স্বাভাৱিকভাৱে চুলি সৰিলেও চিন্তিত হৈ পৰো ৷ কিন্তু আপুনি হয়তো নাজানে যে স্বাভাৱিক চুলি সৰাটো শৰীৰৰ এক নিয়মীয়া প্ৰক্ৰিয়া ।

When Should You Be Alarmed About Your Hair Fall The Right Time To Contact Your Doctor
দৈনিক কিমান চুলি সৰাটো স্বাভাৱিক তথা কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে ?

চুলি সৰাটো এতিয়া তেনেই স্বাভাৱিক সমস্যা হৈ পৰিছে । ডেকাৰ পৰা বৃদ্ধলৈকে সকলোকে চুলি সৰা সমস্যাই অশান্তি দিছে । চুলি সৰা সমস্যাৰ পৰা মুক্তি পাবলৈ মানুহে ঘৰুৱা চিকিৎসাৰ পৰা আৰম্ভ কৰি ব্যয়বহুল চিকিৎসালৈকে কামটো কৰি দিয়ে । কিন্তু বহু সময়ত আমি স্বাভাৱিক চুলি সৰা সন্দৰ্ভতো মানসিক চাপ লওঁ(Hair Fall)। আচলতে চুলি সৰা এটা স্বাভাৱিক প্ৰক্ৰিয়া বুলি অতি কম সংখ্যক লোকেহে জানে । স্বাস্থ্য বিশেষজ্ঞৰ মতে, স্বাভাৱিক চুলি সৰাটো চিন্তাৰ কোনো কাৰণ নহয় ।

এই ৰিপৰ্টত আমি আপোনালোকক জনাম যে, প্ৰতিদিনে চুলি সৰাটো এক স্বাভাৱিক প্ৰক্ৰিয়া । কিন্তু এই ক্ষেত্ৰত কেতিয়াবা সাৱধান হোৱাটোও উচিত । তেন্তে জানো আহক কোনটো পৰ্যায়ত চুলি সৰিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত(How To Stop Hair Fall )।

প্ৰতিদিনে কিমান চুলি সৰা স্বাভাৱিক ?

বহু সময়ত আমি দৈনিক চুলি সৰি পৰা দেখি ভয় খাওঁ । কিন্তু জনাই দিওঁ যে, স্বাভাৱিক চুলি সৰাটো শৰীৰৰ এক স্বাভাৱিক প্ৰক্ৰিয়া । আমেৰিকান একাডেমী অৱ ডাৰ্মেট’লজীৰ তথ্য অনুসৰি এজন ব্যক্তিৰ দৈনিক ৫০ৰ পৰা ১০০টা চুলি কমি যোৱাটো তেনেই স্বাভাৱিক । চুলিৰ গুৰি এটা চক্ৰৰ মাজেৰে পাৰ হৈ যায় ইয়াৰে প্ৰথম পৰ্যায়টোক এনাজেন বোলা হয়, য’ত চুলিৰ বৃদ্ধি হয় আৰু দ্বিতীয় পৰ্যায়টোক টেল’জেন বুলি কোৱা হয়, যাক ৰেষ্ট ষ্টেজ বুলিও ক'ব পাৰি ।

উল্লেখ্য যে, বেছিভাগ সুস্থ লোকৰ মূৰত ৮০ৰ পৰা ১২ হাজাৰ চুলি থাকে(Hair Fall Reason) । চুটি চুলি থকা মানুহতকৈ দীঘল চুলি থকা লোকৰ মূৰৰ পৰা বেছি চুলি সৰি পৰে । প্ৰায়ে দীঘল চুলি থকা মানুহৰ চুলিবোৰ হয় ধোৱাৰ সময়ত নহয় কম্বল কৰাৰ সময়ত বেছি ভাঙি যায় ।

কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে

যদি আপোনাৰ চুলিখিনি একেলগে গোট খাই সৰি পৰে আৰু মূৰৰ ছালত টান দাগ দেখা গৈছে, তেন্তে ই চিন্তাৰ কাৰণ হ’ব লাগে । এই ধৰণৰ চুলি সৰাৰ আঁৰত ক’ৰবাত স্বাস্থ্যৰ সৈতে জড়িত কাৰণ আছে । এইদৰে চুলি সৰা যিকোনো বিপদজনক ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে । সেইবাবেই যদি আপুনি মূৰত চুলি সৰি পৰি থকা দেখা পায় বা চুলি স্পৰ্শ কৰি সৰিবলৈ আৰম্ভ কৰে, তেন্তে আপুনি তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে ।

লগতে পঢ়ক: Covid 19 New Variant: এই ৫টা গেজেটৰ ব্যৱহাৰে আপোনাক বচাব পাৰে ক'ভিডৰ পৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.