ETV Bharat / sukhibhava

Vastu Tips: আপুনিও আপোনাৰ শোৱনি কোঠাত ৰাখে নেকি এইসমূহ সামগ্ৰী ?

আমাৰ শোৱনি কোঠাত থকা সামগ্ৰীবোৰে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী হৈ থকাৰ ক্ষেত্ৰত ইতিবাচক শক্তি প্ৰদান কৰে ৷ বাস্তু শাস্ত্ৰৰ মতে কিছুমান সামগ্ৰী শোৱনি কোঠাত ৰখাটো একেবাৰে অশুভ ৷ আজি এই বিষয়ে জানো আহক-

What things should not be kept in bedroom?
আপুনিও আপোনাৰ শোৱনি কোঠাত ৰাখে নেকি এইসমূহ সামগ্ৰী ?
author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 5:40 PM IST

বাস্তু শাস্ত্ৰত বিশ্বাস কৰা লোকসকলে সেই নিয়ম অনুসৰিহে তেওঁলোকৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰে ৷ এই শাস্ত্ৰত উল্লেখ কৰা নিৰ্দেশনা অনুসৰিয়েই শোৱনি কোঠা, পাকঘৰ, স্নানাগাৰ, পূজা কোঠা সকলো নিৰ্মাণ কৰা হয় ৷ ঘৰটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কোঠাটো হৈছে শোৱনি কোঠা ৷ কিয়নো সকলোয়ে তেওঁলোকৰ বেছিভাগ সময় এই কোঠাতে অতিবাহিত কৰে ৷ এই কোঠাত থকা সামগ্ৰীবোৰে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী হৈ থকাৰ ক্ষেত্ৰত ইতিবাচক শক্তি প্ৰদান কৰে ৷ বাস্তু শাস্ত্ৰৰ মতে কিছুমান সামগ্ৰী শোৱনি কোঠাত ৰখাটো একেবাৰে অশুভ ৷ আজি এই বিষয়ে জানো আহক-

একুৱাৰিয়াম

বাস্তুৰ মতে, শোৱনি কোঠাত একুৱাৰিয়াম ৰখাটো শুভ বুলি গণ্য কৰা নহয় ৷ ই বিবাহিত জীৱনত চাপ বৃদ্ধি কৰে আৰু সঙ্গীৰ সৈতে কাজিয়াও বৃদ্ধি কৰে ৷

ঝাড়ু

শোৱনি কোঠাত ঝাড়ু ৰখাটোও ভাল বুলি গণ্য কৰা নহয় ৷ ঝাড়ু মা লক্ষ্মীৰ বাসস্থান ৷ শোৱনি কোঠাত ঝাড়ু ৰাখিলে অপ্ৰয়োজনীয় ব্যয় বৃদ্ধি হোৱাৰ লগতে ঘৰটোত বাস কৰা সদস্যসকলৰ মাজৰ ভালপোৱা, মিলা-প্ৰীতি হ্ৰাস হয় ৷

তাজমহলৰ ছবি

তাজমহলৰ ছবিও শোৱনি কোঠাত ৰাখিব নালাগে ৷ ইয়াৰ ফলত বিবাহিত জীৱনত সমস্যা হ'ব পাৰে ৷

ফটা তথা পুৰণি কাপোৰ

যদি আপোনাৰ কোনো কাপোৰ ফাটি যায়, ইয়াক শোৱনি কোঠাত থকা আলমাৰীত নাৰাখিব ৷ ই আপোনাৰ ঘৰত দুখৰ কাৰণ হ'ব পাৰে আৰু ই জীৱনটোক সমস্যাৰে আৱৰি ৰাখিব পাৰে ৷

জোতা-ছেণ্ডেল

জোতা-ছেণ্ডেল কেতিয়াও শোৱনি কোঠাত ৰাখিব নালাগে ৷এই কোঠাত জোতা-ছেণ্ডেল ৰাখিলে নেতিবাচক শক্তি বৃদ্ধি হয় ৷ যাৰ ফলত পৰিয়ালৰ সদস্যসকলে মানসিক সমস্যাৰ সৈতে যুঁজিব লগীয়া হয় ৷ ইয়াৰ উপৰিও, এনে কৰাৰ দ্বাৰা মা লক্ষ্মীও অসন্তুষ্ট হয় ৷

বেয়া ইলেক্ট্ৰনিক সামগ্ৰী

শোৱনি কোঠাত ত্ৰুটিপূৰ্ণ ইলেক্ট্ৰনিক সামগ্ৰী যেনে চাৰ্জাৰ, ফোন, হেয়াৰ ড্ৰায়াৰ, হেডফোন আদিও নাৰাখিব ৷ ই কোঠাটোত বাস্তু দোষৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক: Krishna Janmashtami 2023: সমগ্ৰ দেশতে বিখ্যাত শ্ৰীকৃষ্ণৰ এইসমূহ মন্দিৰ; এবাৰ হ’লেও নিশ্চয় ভ্ৰমণ কৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.