ETV Bharat / sukhibhava

Eye flu: চকুৰ অসুখ বা কনজাংকটিভাইটিছ হ’লে কি কৰিব লাগে ? চিকিৎসকৰ পৰা জানি লওক - বেক্টেৰিয়াজনিত কনজাংটিভাইটিছ

ৰাজ্যত ভয়াৱহ হাৰত আই ফ্লু বা কনজাংকটিভাইটিছৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । বহুলোক এতিয়া আক্রান্ত এই ভাইৰাছত । কনজাংকটিভাইটিছ হ’লে কি কি সাৱধান অৱলম্বন কৰিব লাগে । এই সম্পৰ্কে জনালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় জ্যেষ্ঠ নেত্ৰ চিকিৎসক ডাঃ পংকজ বৰুৱাই ।

Eye flu
আই ফ্লু বা কনজাংকটিভাইটিছ হ’লে কি কৰিব লাগে
author img

By

Published : Aug 11, 2023, 1:07 PM IST

আই ফ্লু বা কনজাংকটিভাইটিছ হ’লে কি কৰিব লাগে

কনজাংকটিভাইটিছ হ'ল এক ভাইৰাছজনিত সংক্ৰমণ । বৰ্তমান সময়ছোৱা কনজাংকটিভাইটিছৰ সংক্ৰমণ বহু পৰিমাণে বৃদ্ধি পাইছে । নেত্ৰ চিকিৎসক ডাঃ পংকজ বৰুৱাৰ মতে, কনজাংকটিভাইটিছৰ বা আই ফ্লু হলে চকু ৰঙা পৰে, চকুৰ পানী উলায় । তলত এই সন্দৰ্ভত আৰু অধিক বিতংভাৱে জানো আহক...

শিশু সকলৰ ক্ষেত্ৰত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ?

এই ৰোগৰ বীজাণু ইজনৰ পৰা সিজনৰ দেহলৈ অতি সহজে বিয়পি যায় । সেয়েহে শিশু সকলৰ ক্ষেত্ৰত বিশেষ ধৰণৰ সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয় । শিশুসকল বিদ্যালয়লৈ গ’লে এটি শিশুৰ পৰা আন এটি শিশুলৈ সহজতে সংক্ৰমণ হ'ব পাৰে । এই ৰোগ হোৱা এজন ব্যক্তিৰ চকুৰ পানী আন এজন ব্যক্তিৰ দেহত লাগিলেও এই ৰোগ হয় । সেয়ে কোনো ডাঙৰ লোকৰ এই ৰোগ হলে তেওঁ শিশু পৰা দূৰত থাকিব লাগে ।

আই ফ্লু বা কনজাংকটিভাইটিছ হ’লে কি কৰিব লাগে ?

১) আই ফ্লু বা কনজাংকটিভাইটিছ যদি চকু ৰঙা পৰে তেন্তে চকুটো ঠাণ্ডা কৰি ৰাখিব লাগে । সেয়েহে সময়ে সময়ে ঠাণ্ডা পানী লগাই থাকিব লাগে ।

২) ক’লা চশমা পৰিধান কৰিব পাৰে ।

৩) যদি এই ৰোগ হৈ চকু ফুলে বা চকুৰ পতাটো ফুলি যায় ৷ তেতিয়া চিকিৎসাক পৰামৰ্শ অনুসৰি এণ্টিবায়’টিক আই ড্ৰপ ব্যৱহাৰ কৰিব লাগে ।

৪) চকুজুৰি ঠাণ্ডা কৰি ৰাখিবলৈ চকুৰ পতাত তিয়ঁহ লগাব পাৰে ।

আই ফ্লু বা কনজাংকটিভাইটিছৰ পৰা বাচিবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ?

১) বাৰে বাৰে চকু চুই থাকিব নালাগে । চকু চোৱাৰ পূৰ্বে হাত সদায় চাবোনেৰে ধুব লাগে ।

২) কিছুমান সামগ্রী যেনে -টাৱেল, টি ভি ৰিম’ট, দৰ্জা আদি যিবোৰ সামগ্রী সকলোৱে ব্যৱহাৰ কৰি থাকে সেইবোৰ ব্যৱহাৰৰ পূৰ্বে হাতখন চাবোনে ধুব লাগে ।

৩) পৰিয়ালৰ যদি কোনো সদস্যৰ এই ৰোগত আক্রান্ত হৈছে, তেন্তে তেওঁ পৰিয়ালৰ অন্য সদস্য সকলৰ পৰা অকমান আঁতৰত থাকিব লাগে ।

আনহাতে, যদি কনজাংকটিভাইটিছত আক্রান্ত হৈ চকুটো বেছি ফুলি যায়, জ্বৰ উঠে, চকুৰ বিষ হয় তেনে ক্ষেত্ৰত অনতিপলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে । যাতে চকুৰ মণিটোত কোনো দাগ বা ঘাঁ থাকি নাযায় ।

লগতে পঢ়ক: Conjunctivitis: চকুৰ কনজাংকটিভাইটিছৰ লক্ষণ তথা ল'বলগীয়া সাৱধানতাসমূহ জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.