ETV Bharat / sukhibhava

Eye Strain: লেপটপ-কম্পিউটাৰত কাম কৰোঁতে চকুৰ বিষ হয় নেকি ? এইদৰে নিজৰ চকুযুৰিক কৰক ৰক্ষা

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 2:17 PM IST

ডিজিটেল গেজেটৰ যুগত আমি বেছিভাগ সময় লেপটপ, মোবাইল বা স্মাৰ্ট টিভিৰ পৰ্দাৰ সন্মুখত কটাবলগীয়া হয়, যাৰ বাবে চকুত বিষ হোৱাটো স্বাভাৱিক । এনে ক্ষেত্ৰত কি কৰা উচিত জানি লওক...

What is the fastest way to stop a toothache at home?
লেপটপ-কম্পিউটাৰত কাম কৰোঁতে চকুৰ বিষ হয় নেকি ? এইদৰে নিজৰ চকুযুৰিক কৰক ৰক্ষা

এই ডিজিটেল গেজেটৰ যুগত মোবাইল ফোন, কম্পিউটাৰ, লেপটপৰ আদিৰ স্ক্ৰীণ আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে ৷ অফিচত অধ্যৱসায়ীভাৱে কাম কৰাই হওক, আজৰি সময়ত ছ’চিয়েল মিডিয়াত স্ক্ৰ’ল কৰাই হওক বা চিনেমা উপভোগ কৰাই হওক, আমাৰ মনোযোগ স্ক্ৰীণত কেন্দ্ৰীভূত হৈ থাকে ৷ এই দীঘলীয়া সময়ৰ সংস্পৰ্শলৈ অহাৰ ফলত আমাৰ চকুত প্ৰায়ে অসুবিধাৰ সৃষ্টি হয় মূৰৰ বিষ আদি অনুভৱ হয় ৷ এই ডিজিটেল জগতখনত চকুৰ চাপ কেনেদৰে কমাব পাৰি জানি লওক-

পৰ্দাৰ পৰা চকু কেনেকৈ ৰক্ষা কৰিব ?

১) এই পুষ্টিকৰ উপাদানসমূহৰ সেৱন বৃদ্ধি কৰিব লাগে

চকুক বিষৰ পৰা ৰক্ষা কৰিবলৈ আভ্যন্তৰীণ পুষ্টিৰ প্ৰয়োজন হয়, যাৰ বাবে ভিটামিন এ আৰু ওমেগা-৩ ফেটি এচিড প্ৰচুৰ পৰিমাণে থকা স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব লাগে ৷ বন্ধাকবি, পালেং, ব্ৰকলি, সৰিয়হৰ পাত আৰু চৰ্বিযুক্ত মাছ খাব লাগে ৷

২) ২০-২০ টা সূত্ৰ গ্ৰহণ কৰক

আপোনাৰ কাম যিমানেই গুৰুত্বপূৰ্ণ নহওক কিয়, অবিৰতভাৱে পৰ্দালৈ চাই থকাটো বিপদজনক ৷ ইয়াৰ বাবে ২০-২০ সূত্ৰ গ্ৰহণ কৰিব পাৰে ৷ অৰ্থাৎ প্ৰতি ২০ মিনিটৰ মূৰে মূৰে চকু দুটাক ২০ ছেকেণ্ডৰ বাবে জিৰণি দিয়ক ৷ হয় চকু দুটা বন্ধ কৰক নহয় পৰ্দাৰ পৰা আঁতৰি আন ঠাইলৈ চাওক ৷

৩) পৰ্দাৰ পৰা কিছু দূৰত্ব বজাই ৰাখক

যেতিয়াই আপুনি লেপটপ বা কম্পিউটাৰত অহৰহ চাই কাম কৰে তেতিয়াই পৰ্দাৰ পৰা এটা নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখক, কাৰণ লেপটপটো অতি ওচৰৰ পৰা চালে আপোনাৰ চকুত অবাঞ্চিত চাপ পৰে ৷ দূৰত্ব বজাই ৰাখি এনে সমস্যা কম কৰিব পৰা যায় ৷

৪) পৰ্দাৰ উজ্জ্বলতাৰ পৰিমাণ কমাই ৰাখক

লেপটপ বা মোবাইলৰ স্ক্ৰীণৰ উজ্জ্বলতা অতি কম বা বেছি হ’লেও চকুত বিষ হ’ব পাৰে ৷ ইয়াৰ বাবে আপুনি উজ্জ্বলতাৰ কমাই ৰাখিব লাগে যাতে চকুৰ বিষ ৰোধ কৰিব পৰা যায় ৷

লগতে পঢ়ক: Dog Bite: যদি কুকুৰে কামোৰে তেন্তে চিকিৎসাত পলম নকৰিব, সংক্ৰমণৰ পৰা হাত সাৰিবলৈ তৎক্ষণাত কৰক এই ১০টা কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.