ETV Bharat / sukhibhava

Psychotic Disorder: কি হয় চাইকোটিক ডিছঅৰ্ডাৰ ? যি ৰোগত ভুগিছে গায়িকা চেলেনা গোমেজ

Psychosis Disorder হৈছে এক প্ৰকাৰৰ গুৰুতৰ মানসিক ৰোগ । এই সময়ছোৱাত ৰোগীয়ে শুদ্ধ আৰু ভুলৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে ।

What is psychotic disorder? Singer Selena Gomez was suffering from this
কি হয় চাইকোটিক ডিছঅৰ্ডাৰ ? যি ৰোগত ভুগিছিল গায়িকা চেলেনা গোমেজ
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 3:14 PM IST

বহু সময়ত হঠাৎ মানুহৰ আচৰণৰ পৰিৱৰ্তন ঘটে ৷ যদিও বেছিভাগেই এইটো বিভ্ৰান্তিৰ অৱস্থা হ’ব পাৰে ৷ এনে পৰিস্থিতিক বিজ্ঞানৰ ভাষাত চাইকটিক ডিছঅৰ্ডাৰ বুলি কোৱা হয় ৷ শেহতীয়াকৈ জন্মদিন উদযাপন কৰাৰ সময়ত আমেৰিকাৰ জনপ্ৰিয় অভিনেত্ৰী তথা গায়িকা চেলেনা গোমেজে তেওঁৰ মনোৰোগ বিকলতাৰ বিষয়ে প্ৰকাশ কৰিছিল ৷

তেওঁ কৈছিল যে, প্ৰতিটো কথা-বতৰাত তেওঁৰ অস্বস্তি অনুভৱ হয় ৷ এই সময়ছোৱাত তেওঁ কি কষ্টৰ মাজেৰে পাৰ হৈছিল তাকে মনত পেলাব পৰা নাছিল ৷ এই অৱস্থা অতিক্ৰম কৰিবলৈ তেওঁৰ দীৰ্ঘদিনীয়া চিকিৎসাও গ্ৰহণ কৰিছিল ৷ ইয়াৰ বিষয়ে অধিক জানো আহক-

চাইকোটিক ডিছঅৰ্ডাৰ কি ?

Psychosis Disorder হৈছে এক গুৰুতৰ মানসিক ৰোগ ৷ এই সময়ছোৱাত ৰোগীয়ে শুদ্ধ আৰু ভুলৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে ৷ এই ৰোগত ভোগা লোকে নিজকে অকলশৰীয়া অনুভৱ কৰে আৰু কল্পনাৰাজ্যত বাস কৰে লগতে অদ্ভুত মাত শুনে আৰু এনে বস্তু দেখে, যিবোৰ বাস্তৱ নাথাকে ৷ অৰ্থাৎ এইটো এটা বিভ্ৰান্তিৰ পৰিস্থিতি ৷ চাইকোটিক ডিছঅৰ্ডাৰ বা মনোৰোগ বিকাৰৰ ৰোগী এজন মোহ বা ভ্ৰমৰ দৰে কথাত আৱদ্ধ হৈ পৰে ৷ এই দুয়োটাতে ৰোগীয়ে বিভিন্ন ধৰণৰ অভিজ্ঞতা লাভ কৰে, যিটো হয়তো কেৱল এটা ভ্ৰমহে হ’ব পাৰে ৷ ব্যক্তিজন বিভ্ৰান্ত হৈ থাকে, যাৰ বাবে মানুহে তেওঁক বুজিবলৈ অসুবিধা পায় ৷

চাইকোটিক ডিছঅৰ্ডাৰৰ লক্ষণ-

  • বিভ্ৰান্ত হোৱা
  • ৰোগীয়ে অদ্ভুত শব্দ আৰু দৃশ্য দেখিবলৈ-শুনিবলৈ কিন্তু সেয়া কেৱল ভ্ৰমহে ৷
  • সংগঠিতভাৱে চিন্তা কৰিব নোৱাৰা ৷
  • ব্যৱহাৰৰ বৃহৎ পৰিৱৰ্তন
  • হতাশ অনুভৱ কৰা
  • অপ্ৰয়োজনীয়ভাৱে আনৰ প্ৰতি সন্দেহ কৰা
  • দৈনন্দিন কামবোৰ কৰাত অসুবিধা

চাইকোটিক ডিছঅৰ্ডাৰৰ কাৰণ-

  • ৰোগীয়ে জিনীয় কাৰণত মানসিক ৰোগত ভুগিব পাৰে ৷
  • ড্ৰাগছ, সুৰা আৰু অন্যান্য ড্ৰাগছ সেৱন কৰা
  • কোনো বেয়া পৰিঘটনাৰ সংঘটিত হোৱা
  • অস্বাস্থ্যকৰ আৰু অসংগঠিত জীৱনশৈলী

চাইকোটিক ডিছঅৰ্ডাৰৰ চিকিৎসা-

  • মানসিক চিন্তা কম কৰিবলৈ চেষ্টা কৰক
  • ড্ৰাগছ আৰু সুৰাৰ পৰা আঁতৰি থাকক
  • ব্যৱহাৰ সলনি হোৱাত মনোযোগ দিব
  • সুস্থ জীৱনশৈলী গ্ৰহণ কৰক
  • থেৰাপীৰ সহায় ল’ব পাৰে
  • পৰিয়ালৰ পৰা সহায় লওক

লগতে পঢ়ক: Health Tips: আপুনিও ধঁপাত গ্ৰহণ কৰে নেকি? তেন্তে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়সমূহ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.