ETV Bharat / sukhibhava

Lumpy Virus: লাম্পি ভাইৰাছ সংক্ৰমিত গৰুৰ গাখীৰ খোৱাটো কিমান নিৰাপদ? মানুহৰ বাবে ই মাৰাত্মক নেকি ? - লাম্পি ভাইৰাছ

লাম্পি ভাইৰাছত আটাইতকৈ বেছি আক্ৰান্ত হয় গৰু ৷ এনে ক্ষেত্ৰত সকলোৰে মনত হয়তো এটা প্ৰশ্নৰ উদয় হয় যে, এই ভাইৰাছত আক্ৰান্ত পশুধনৰ গাখীৰ খোৱাটো উচিত নে ? গতিকে এই প্ৰশ্নৰ উত্তৰ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

What is lumpy skin disease in cattle? Does it affect milk we consume?
লাম্পি ভাইৰাছত আক্ৰান্ত গৰুৰ গাখীৰ খাব লাগে নে
author img

By

Published : Jul 23, 2023, 1:57 PM IST

লাম্পি ভাইৰাছ হৈছে এক সংক্ৰামক ৰোগ ৷ এই ৰোগত বেছিকৈ আক্ৰান্ত হয় গৰু । যোৱা বছৰ এই ভাইৰাছত আক্ৰান্ত হৈছিল বৃহৎ সংখ্যক গৰু ৷ এতিয়া আকৌ এবাৰ লাম্পি ভাইৰাছৰ সংক্ৰমণ বহু ক্ষেত্ৰত বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ বাবে ইতিমধ্যেই বহু গৰুৰ মৃত্যুও হৈছে । লাম্পি ভাইৰাছ হৈছে ছালৰ এক প্ৰকাৰৰ ৰোগ, যি ছালত গোট খোৱাৰ পৰা আৰম্ভ হয় । কিছুমান গৰুৰ ছালত গোটা গোটাবোৰ চাগে দেখিছে আৰু ভাবিছে যে ই কি ? আচলতে এয়াই হৈছে লাম্পি ভাইৰাছ, যিটো এটা দুৰাৰোগ্য ৰোগ।

এই ভাইৰাছত জীৱ-জন্তু আৰু গাখীৰ দিয়া গৰুও আক্ৰান্ত হয় ৷ লাম্পি ভাইৰাছৰ প্ৰভাৱৰ বাবে গৰুৰ শৰীৰৰ প্ৰায় সকলো অংশতে ডাঠ গোটা গোটা গঠন হয়, যাৰ ফলত ঘাঁ হ’বলৈ আৰম্ভ কৰে । চিকিৎসা ভাষাত ইয়াক গোটা ছালৰ ৰোগ ভাইৰাছ অৰ্থাৎ ‘এল এছ ডি ভি’ বুলি কোৱা হয়। এই ৰোগৰ কিছুমান লক্ষণ দেখা যায়, যাৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ।

১/ জ্বৰ

২/ চকুৰ পৰা পানী ওলোৱা

৩/ লেলাৱটি ওলোৱা

৪/ শৰীৰত গোটা গোটা হোৱা

৫/ পশুৰ ওজন কমি যোৱা

৬/ ভোক কমি যোৱা

৭/ শৰীৰত ঘাঁ হোৱা

৮/ কম গাখীৰ দিয়া

লাম্পি ভাইৰাছত আক্ৰান্ত গৰুৰ গাখীৰ খাব পাৰি নে ?

মহ, মাখি, পৰজীৱী পোক, লেতেৰা পানী, দূষিত খাদ্য বা আক্ৰান্ত জীৱ-জন্তুৰ লেলাৱটিৰ সংস্পৰ্শলৈ আহিলে লাম্পি ভাইৰাছ জীৱ-জন্তুলৈ সংক্ৰমিত হোৱা বুলি ধাৰণা কৰা হৈছে । এই ভাইৰাছত আক্ৰান্ত জীৱ-জন্তুৰ গাখীৰ পান কৰিব পাৰি নে সেই বিষয়ে হয়তো সকলোৱে জানিব বিচাৰে ৷ নহয়নে ? এটা প্ৰশ্ন হয়তো সকলোৰে মনত উত্থাপন হয় যে এই ৰোগত আক্ৰান্ত গৰুৰ গাখীৰ খালে এই ৰোগ মানুহলৈ বিয়পিবনে ?

যদি আপোনাৰ মনতো এনে প্ৰশ্ন আহে, তেন্তে আমি আপোনাক কওঁ যে এতিয়ালৈকে মানুহৰ মাজত লাম্পি ভাইৰাছ বিয়পি পৰা কোনো ঘটনা পোহৰলৈ অহা নাই। গৰুৰ কেঁচা গাখীৰ খোৱাৰ ভুল একেবাৰেই নকৰিব, বিশেষকৈ লাম্পি ভাইৰাছত আক্ৰান্ত গৰুৰ । গাখীৰ যি জন্তুৰে নহওক কিয়, সদায় উতলাই খাব লাগে। কাৰণ উতলোৱা গাখীৰে ক্ষতিকাৰক বেক্টেৰিয়াবোৰ নাইকিয়া কৰাত সহায় কৰে।

Disclaimer: এই লিখনিত উল্লেখ কৰা পদ্ধতি আৰু পৰামৰ্শ অনুসৰণ কৰাৰ আগতে চিকিৎসক বা আনুষংগিক বিশেষজ্ঞৰ পৰামৰ্শ লৈ ল’ব ।

লগতে পঢ়ক: Respiratory infections in monsoon: বাৰিষাকালত বৃদ্ধি পাইছে উশাহ-নিশাহৰ সমস্য়া; আপোনাৰো আছে নেকি এই সমস্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.