ETV Bharat / sukhibhava

গৰ্ভাৱস্থাত এইবোৰ বস্তু খালে প্ৰখৰ হ’ব শিশুৰ মগজু, গৱেষণাত প্ৰকাশ পাইছে এই কথা - গৰ্ভত শিশুৰ মগজু প্ৰখৰ কৰিব

Mediterranean diet during pregnancy: গৰ্ভাৱস্থাত শিশু আৰু মাতৃৰ সুস্বাস্থ্য নিশ্চিত কৰিবলৈ স্বাস্থ্যসন্মত খাদ্য আৰু ৰুটিনৰ পৰামৰ্শ মানি চলিব লাগে । শিশুৰ মগজু সুস্থ কৰি ৰাখিবলৈ বহু ঔষধ সেৱন কৰা হয় । গৱেষণাৰ পৰা জানিব পৰা গৈছে যে কিছুমান খাদ্যাভ্যাস পালন কৰিলে গৰ্ভত শিশুৰ মগজু প্ৰখৰ কৰিব পাৰি । এই বিষয়ে সবিশেষ জানো আহক . . .

What is good to eat for baby brain development during pregnancy?
গৰ্ভাৱস্থাত শিশুৰ মগজু কেনেকৈ উন্নত কৰিব পাৰি
author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 4:45 PM IST

আপুনি কেতিয়াবা ভাবিছেনে যে গৰ্ভত থকা শিশুটিৰ মগজু কিছুমান খাদ্যৰ জৰিয়তে প্ৰখৰ কৰিব পাৰি ? বা নৱজাতকৰ মগজুৰ স্বাস্থ্য আৰু অধিক উন্নত কৰিব পাৰি । এই কথা পোহৰলৈ আহিছে দ্য ছানত প্ৰকাশিত এক গৱেষণাত । গৰ্ভত থকা শিশুৰ মগজু কিছুমান খাদ্যৰ জৰিয়তে উপকৃত কৰিব পাৰিব বুলি গৱেষণাত প্ৰকাশ কৰিছে বিজ্ঞানীসকলে ।

গৰ্ভাৱস্থাত শিশুৰ স্বাস্থ্যৰ বাবে মাতৃয়ে নিজৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন ল’ব লগা হয় । কাৰণ এই সময়চোৱাত শিশুৰ প্ৰতিটো অংগৰ বিকাশ ঘটে, গতিকে গৰ্ভৱতী মহিলাৰ ডাইট প্লান সুস্থ হ’ব লাগে । আনকি ফলিক এচিডৰ ঔষধো গৰ্ভাৱস্থাত গ্ৰহণ কৰা হয় । গৰ্ভত থকা শিশুটিৰ মগজুৰ স্বাস্থ্য কেনেদৰে স্বাভাৱিকভাৱে উন্নত কৰিব পাৰি সেই বিষয়ে জানো আহক ।

গৱেষণাই কি কয় ?

এই গৱেষণা স্পেইনৰ ৬২৬ টা শিশুৰ ওপৰত কৰা হৈছিল, যাৰ মাতৃক গৰ্ভাৱস্থাত অলিভ তেল আৰু মেডিটেৰিয়ান খাদ্যৰ নিয়ম মানি চলিবলৈ কোৱা হৈছিল । এই গৱেষণা জামা নেটৱৰ্কত প্ৰকাশ পাইছিল । অংশগ্ৰহণকাৰী মহিলাসকলক দুটা গোটত ভাগ কৰা হৈছিল । য’ত এটা গোটক মেডিটেৰিয়ান খাদ্যৰ নিয়ম মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছিল ।

যিসকলে এই মেডিটেৰিয়ান নিয়ম মানি চলিছিল তেওঁলোকক অলিভ অইল আৰু আখৰোট খাবলৈ দিয়া হৈছিল । স্বাস্থ্যকৰ চৰ্বিৰ বাবে ফলমূল আৰু শাক-পাচলি দিয়া হৈছিল । ইয়াৰ উপৰিও দুগ্ধজাত সামগ্ৰী আৰু মাংস কমকৈ সেৱন কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল ।

গৱেষণাত কি পালে বিজ্ঞানীসকলে ?

গৱেষণাৰ মতে এই খাদ্য খোৱা মহিলাসকলৰ সন্তানৰ আইকিউ লেভেল দুবছৰৰ পিচত পৰীক্ষা কৰা হৈছিল । বিশেষ কথাটো হ’ল তেওঁলোকৰ জ্ঞাম আনতকৈ বেছি আছিল । এনে শিশুৰ আৱেগিক অনুভূতিও বেছি আছিল ।

মেডিটেৰিয়ান খাদ্য কি ?

আচলতে এইটো এটা উদ্ভিদৰ শ্ৰেষ্ঠ খাদ্য য’ত ফল-মূল, শাক-পাচলি, শুকান ফল, অলিভ তেল আৰু প্ৰামাণিক মছলা খোৱাৰ পৰামৰ্শ দিয়া হয় । এই খাদ্যাভ্যাস পালন কৰা মহিলাগৰাকীয়ে সপ্তাহত কমেও দুবাৰকৈ সাগৰীয় খাদ্য বা মাছ খায় । প্ৰটিনৰ বাবে কম চৰ্বিযুক্ত পনিৰ আৰু কণী খাব পাৰে, কিন্তু এইটোও সীমাবদ্ধভাৱে খোৱাটো বাঞ্ছনীয় ।

এই নিয়ম মানি চলিলে পাব এইসমূহ সুবিধা

বিশেষজ্ঞসকলে কয় যে মেডিটেৰিয়ান খাদ্যৰ বহু উপকাৰিতা আছে । ইয়াৰ ফলত কেন্সাৰৰ সম্ভাৱনা কমি যায়, ইয়াৰ উপৰিও এলঝেইমাৰ, ডায়েবেটিছ আৰু স্তন কেন্সাৰৰ দৰে মাৰাত্মক ৰোগবোৰো হোৱাৰ সম্ভাৱনা কমি যায় । যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে এই খাদ্য সৰ্বোত্তম বিকল্প বুলি প্ৰমাণিত হ’ব পাৰে ।

মনত ৰাখিব এইবোৰ কথা

– এই খাদ্য গ্ৰহণ কৰা লোকসকলে কেৱল উদ্ভিদ ভিত্তিক খাদ্য যেনে দালি, বীন, গুটি আৰু মোটা শস্য খাব লাগে ।

– মাখন বা আন চৰ্বিৰ সলনি অলিভ অইলৰ দৰে স্বাস্থ্যকৰ বস্তু বাছি লোৱাটোৱেই উত্তম ।

– ৰেড মিট কমকৈ খাব লাগে । সপ্তাহত এবাৰ খালে ভাল ।

– নিমখৰ সলনি আন মছলা বা বনৌষধিৰে আপোনাৰ খাদ্যৰ সোৱাদ বৃদ্ধি কৰক ।

– ৰেড ৱাইন পৰিমিত পৰিমাণে খাব লাগে আৰু নিয়মিতভাৱে ব্যায়াম কৰিব লাগে ।

লগতে পঢ়ক: চুলি কিয় কেৱল দুমুখীয়া হয়, চাৰিমুখীয়া বা ছয়মুখীয়া নহয় কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.