ETV Bharat / sukhibhava

ভুলতেও শৰীৰত অভাৱ হ’বলৈ নিদিব এই ভিটামিনৰ; অন্যথা হ’ব এই লোকচান

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 4:14 PM IST

এতিয়ালৈকে আমি বহুতো পুষ্টিকৰ উপাদানৰ কথা শুনিছো যিবোৰ আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিন্তু ভিটামিন বি ১২ৰ উপযোগিতাৰ বিষয়ে আপুনি জ্ঞাত নে ?

What happens if your body is deficient in vitamin B12?
ভুলতেও শৰীৰত অভাৱ হ’বলৈ নিদিব এই ভিটামিনৰ; অন্যথা হ’ব এই লোকচান

ভিটামিন বি ১২ এবিধ পুষ্টিকৰ উপাদান যাৰ বিষয়ে বহু কমকৈ আলোচনা কৰা হয় যদিও ই আমাৰ শৰীৰৰ বাবে এক অতি গুৰুত্বপূৰ্ণ উপাদান, ইয়াক আমাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ, তেতিয়াহে আমি এটা সুস্থ জীৱনৰ সপোন দেখিব পাৰো । আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ বিকাশৰ বাবে এই ভিটামিন অতি উপযোগী । এই সন্দৰ্ভত চিকিৎসকে কয় যে, বি ১২ৰ উপস্থিতিয়ে শৰীৰত ৰক্তকণিকা গঠন আৰু ডি এন এ সংশ্লেষণত সহায় কৰে ।

এই খাদ্যসমূহৰ পৰা ভিটামিন বি ১২ পোৱা যায়

যদি আমাৰ শৰীৰত ভিটামিন বি ১২ৰ অভাৱ হয় তেন্তে ইয়াৰ ভয়াৱহ পৰিণতি হ’ব পাৰে । ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি দৈনন্দিন খাদ্য তালিকাত কিছুমান বিশেষ খাদ্য অন্তৰ্ভুক্ত কৰাটো উচিত । যেনে মাংস, মাছ, কুকুৰা, কণী আৰু গাখীৰ খোৱাটো উচিত । নিৰামিষভোজী লোকসকলৰ সদায় এই ভিটামিনৰ অভাৱৰ আশংকা থাকে ।

ইয়াৰ শোষণ ক্ষুদ্ৰান্ত্ৰত হয়

ভিটামিন বি ১২ শোষণ আমাৰ অন্ত্ৰত হয়, বিশেষকৈ ক্ষুদ্ৰান্ত্ৰৰ শেষত যাক ইলিয়াম বোলা হয় । আপোনাৰ অন্ত্ৰত B12 সঠিকভাৱে শোষিত হৈছে নে নাই সেয়া নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ ।

ভিটামিন বি ১২ৰ উপকাৰিতা

১) কেতিয়াও নহয় ৰক্তৰ অভাৱ

যদি আপুনি ভিটামিন বি ১২ সমৃদ্ধ খাদ্য সঠিক পৰিমাণত সেৱন কৰি আছে তেন্তে আপোনাৰ শৰীৰত ৰক্তহীনতা সমস্যাই দেখা নিদিয়ে । এই পুষ্টিকৰ উপাদানসমূহৰ অভাৱ হোৱা লোকসকলে ৰক্তহীনতাত ভুগিবলগীয়া হয়, কাৰণ এওঁলোকৰ দেহত ৰক্তকণিকা কমিবলৈ আৰম্ভ কৰে ।

২) গৰ্ভৱতী মহিলাৰ বাবে গুৰুত্বপূৰ্ণ

গৰ্ভৱতী মহিলাসকলে নিয়মিতভাৱে ভিটামিন বি ১২ যুক্ত খাদ্য গ্ৰহণ কৰিব লাগে কাৰণ গৰ্ভত থকা শিশুৰ মগজুৰ বিকাশৰ বাবে ই অতি প্ৰয়োজনীয় । যদি গৰ্ভাৱস্থাত এই গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানৰ অভাৱ হয়, তেন্তে জন্মৰ সময়ত শিশুৰ মগজু আৰু মেৰুদণ্ডত সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

লগতে পঢ়ক: গৰ্ভাৱস্থাৰ সময়ত ভ্ৰমণ কৰা মহিলাসকলে কি কি ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.