হালধি আমাৰ পাকঘৰৰ এক গুৰুত্বপূৰ্ণ অংশ ৷ এই মছলাবিধ কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, বহুতো প্ৰসাধন সামগ্ৰীতো ব্যৱহাৰ কৰা হয় ৷ হালধিত বহু ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায় যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী, ইয়াৰ ভিতৰত কেলৰি, চৰ্বি, কেলচিয়াম, ফছফৰাছ, ছডিয়াম, পটাছিয়াম, আইৰণ আৰু থাইয়ামিন আদি ৷ ইয়াৰ পিছতো ইয়াক সঠিক সেৱন কৰিব লাগে অন্যথা স্বাস্থ্যৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে ৷ যদি কোনো ব্যক্তিয়ে অত্যধিক হালধি সেৱন কৰে তেন্তে তেওঁ কি পৰিণতিৰ সন্মুখীন হ’ব লাগিব ৷
অত্যধিক হালধি খোৱাৰ অপকাৰিতা
১/ পেটৰ সমস্যা
অতিমাত্ৰা হালধি সেৱন কৰিলে পেটৰ বিষ, বদহজম, বিষ আদি হ’ব পাৰে ৷ বিশেষকৈ যিসকল লোকে ইতিমধ্যে পেটৰ সমস্যাত ভুগি আছে, তেওঁলোকে হালধি খোৱাৰ সময়ত বিশেষ সাৱধান হোৱা উচিত ৷
২/ ৰক্তক্ষৰণৰ বিকাৰ
হালধিয়ে তেজৰ সোঁত বৃদ্ধি কৰিব পাৰে আৰু ই ৰক্তক্ষৰণৰ বিকাৰগ্ৰস্ত ৰোগীৰ বাবে বিপদজনক হ’ব পাৰে ৷ যদি আপোনাৰ তেজ জমা হোৱাৰ সমস্যা আছে তেন্তে অতিৰিক্তভাৱে হালধি সেৱন নকৰিব ৷ অন্যথা লোকচান নিশ্চিত ৷
৩/ খজুৱতি আৰু ফোহা ওলোৱা
হালধি ছালৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় যদিও অত্যধিক সেৱন কৰিলে ছালৰ বাবে বিপদজনক হ’ব পাৰে, আচলতে ইয়াৰ অত্যধিক সেৱনে ৰক্তকণিকাত বেয়া প্ৰভাৱ পেলায়, যাৰ ফলত খজুৱতি আৰু ফোহা ওলাব পাৰে ৷
৪/ এলাৰ্জী
কিছুমান মানুহৰ হালধিৰ প্ৰতি এলাৰ্জি হ’ব পাৰে, আৰু ইয়াক অতিৰিক্তভাৱে সেৱন কৰিলে এলাৰ্জিৰ প্ৰতিক্ৰিয়া বৃদ্ধি পাব পাৰে ৷ এনে লোকে হালধি ব্যৱহাৰ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাই ভাল ৷
লগতে পঢ়ক: Dengue Cases in Assam: শিশুৰ দেহত এই লক্ষণ দেখিলে তৎক্ষণাত গ্ৰহণ কৰক চিকিৎসকৰ পৰামৰ্শ