ETV Bharat / sukhibhava

Fenugreek Seeds For Hair: চুলিৰ সৈতে জড়িত সকলো সমস্যা হ’ব দূৰ মাত্ৰ এনেদৰে ব্যৱহাৰ কৰক মেথি গুটি - মেথি গুটি

যদিও বজাৰত চুলিৰ বাবে বহুতো সামগ্ৰী পাব, তথাপিও ঘৰুৱা উপায় বেলেগ কথা । এইবোৰৰ কোনো পাৰ্শ্বক্ৰিয়াৰ ভয় নাথাকে আৰু ইয়াৰ দ্বাৰা দীৰ্ঘম্যাদী সুবিধাও পোৱা যায় । যদি আপুনি চুলিৰ লগত জড়িত সমস্যাৰ সৈতে যুঁজি আছে তেন্তে মেথিৰ গুটিও এবাৰ ব্যৱহাৰ কৰিব লাগে ।

What happens if we eat fenugreek seeds daily?
চুলিৰ সৈতে জড়িত সকলো সমস্যা হ’ব দূৰ মাত্ৰ এনেদৰে ব্যৱহাৰ কৰক মেথি গুটি
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 3:26 PM IST

প্ৰতিগৰাকী ছোৱালীয়ে দীঘল, ক’লা আৰু ডাঠ চুলিৰ সপোন দেখে আৰু ইয়াৰ বাবে তেওঁলোকে বহু ধৰণৰ চুলিৰ সামগ্ৰী ব্যৱহাৰ কৰে ৷ বহু সময়ত কিছুমান সামগ্ৰী ব্যৱহাৰৰ বাবে চুলি সৰিবলৈ আৰম্ভ কৰে আৰু শুকান আৰু নিৰ্জীৱ হৈ পৰে ৷ ইয়াৰ পৰিৱৰ্তে যদি ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰা হয় তেন্তে পকেটত চাপ পৰাই নহয় আৰু ইয়াৰ প্ৰভাৱ সোনকালে দেখা পাব ৷ ইয়াৰ উপৰিও আপোনাৰ চুলিৰ ক্ষতি হোৱাৰ পৰাও ৰক্ষা পৰিব ৷ তেনে এক ঘৰুৱা সামগ্ৰী হৈছে মেথি গুটি ৷ ই আমাৰ চুলিৰ বাবে অতি গুণকাৰী বুলি গণ্য কৰা হয় ৷ সেয়ে আহক আজি চুলিৰ বাবে মেথি গুটি ব্যৱহাৰৰ বিষয়ে জানি লওক, যাতে আপুনি ঘন, ক'লা, ডাঠ আৰু দীঘল চুলিৰ অধিকাৰী হ’ব পাব পাৰে ৷

চুলিত মেথি গুটি লগোৱাৰ উপকাৰিতা

মেথি গুটি আপোনাৰ চুলিৰ বাবে অমৃতৰ দৰে ৷ ইয়াত থকা প্ৰ’টিন আৰু নিকোটিনিক এচিডে চুলিক ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰাত সহায় কৰে ৷ ইয়াৰ উপৰিও ইয়াত লেচিথিন পোৱা যায়, যিয়ে চুলিক মজবুত কৰে আৰু লগতে চুলিকো কোমল কৰি তোলে ৷ চুলিত মেথি গুটি প্ৰয়োগ কৰিলেও চুলি সৰা সমস্যা দূৰ হয় ৷

চুলিত মেথি গুটি প্ৰয়োগ কৰিলেও উফিৰ সমস্যা ৰোধ হয় ৷ মেথিৰ গুটিত এন্টিফাংগেল গুণ পোৱা যায়, যাৰ ফলত চুলিত ভেঁকুৰৰ সংক্ৰমণ ৰোধ হয় ৷

চুলিত মেথি কেনেকৈ ব্যৱহাৰ কৰিব ?

মেথি গুটিৰ পেষ্ট

চুলিৰ বাবে মেথি গুটি তিনি ধৰণে ব্যৱহাৰ কৰিব পাৰে ৷ প্ৰথমে পেষ্টৰ দৰে লগাব পাৰে ৷ ইয়াৰ বাবে মেথিৰ গুটি কিছু সময় পানীত তিয়াই তাৰ পিছত পেষ্ট বনাব লাগে ৷ এতিয়া এই পেষ্ট চেম্পু কৰাৰ আগতে ৩০ মিনিট লগাব আৰু তাৰ পিছত কুহুমীয়া পানীৰে চুলিখিনি ধুই লওক ৷

মেথি গুটি আৰু নাৰিকল তেল

আপোনাৰ নাৰিকল তেলত মেথিৰ গুটি মিহলাই ল’ব পাৰে ৷ ইয়াৰ বাবে প্ৰথমে নাৰিকল তেলত ১-২ চামুচ মেথি গুটি দি গৰম কৰি লওক ৷ এতিয়া তেল ঠাণ্ডা হোৱাৰ পিছত মূৰত লগাব আৰু অন্ততঃ এঘণ্টামান ৰাখিব ৷

মেথি গুটি আৰু দৈ

মেথি গুটি আৰু দৈ ব্যৱহাৰ কৰাটোও চুলিৰ বাবে অতি উত্তম বুলি ধৰা হয় ৷ ইয়াৰ বাবে মেথিৰ গুটি ৰাতিটো তিয়াই ৰাতিপুৱা ইয়াৰে পেষ্ট তৈয়াৰ কৰি লওক ৷ এতিয়া মেথি গুটিৰ পেষ্টত, দুই চামুচ দৈ মিহলাই মূৰত ভালদৰে লগাওক ৷ ইয়াক কমেও ৪০-৪৫ মিনিট ৰাখিব আৰু তাৰ পিছত চুলিখিনি ধুই লওক ৷

লগতে পঢ়ক: Skin Care Tips: চন্দ্ৰৰ দৰে জিলিকি উঠিব আপোনাৰ মুখমণ্ডল; অনুসৰণ কৰক এই পদ্ধতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.