বিশ্বাস মতে, ওঁঠত তিল থকাসকল খুবেই আকৰ্ষণীয় ৷ সমুদ্ৰ শাস্ত্ৰৰ মতেও যিসকলৰ ওঁঠত তিল আছে, তেওঁলোকক অতি ভাল ব্যক্তিত্বৰ মানৱ বুলি গণ্য কৰা হয় ৷ অৱশ্যে, ওঁঠৰ বিভিন্ন অংশত তিল থকাটোয়ে ইয়াৰ অৰ্থ পৃথক কৰে ৷ আজি এই বিষয়ে জানো আহক-
এগৰাকী মহিলাৰ ওঁঠত তিল থকাৰ অৰ্থ
ওপৰৰ ওঁঠত তিল থকা মহিলা এগৰাকী এখন কোমল অন্তৰৰ তথা এটা অতি আনন্দময় জীৱনৰ গৰাকী ৷ আনহাতে, যদি তিলটো তলৰ ওঁঠত থাকে, তেনেহ'লে ই মহিলাগৰাকী ব্যয়বহুল বস্তু আৰু আৰামদায়ক জীৱন প্ৰতি আকৃষ্ট বুলি প্ৰমাণ কৰে ৷
এজন পুৰুষৰ ওঁঠত তিলৰ অৰ্থ
যদি এজন পুৰুযৰ ওপৰৰ ওঁঠত তিল থাকে, তেন্তে সেই ব্যক্তিজন অতি আকৰ্ষণীয় ৷ যদি তিলটো তলৰ ওঁঠত থাকে, তেনেহ'লে ই বুজায় যে মানুহজনৰ জীৱন অতি আৰামদায়ক ৷
ওঁঠৰ বিভিন্ন ফালে তিল থকাৰ অৰ্থ
যদি তিলটো ওঁঠৰ তলত থাকে, তেন্তে সেই বিশেষ ব্যক্তিজনৰ জীৱনত দৰিদ্ৰতাই বিৰাজ কৰে ৷ওঁঠৰ তলত তিল থকা লোকসকলে সকলোকে দেখি অসুৰক্ষিত অনুভৱ কৰে ৷ যিসকল লোকৰ ওঁঠৰ ওপৰত বাওঁফালে তিল থাকে, তেওঁলোক সন্তানৰ প্ৰতি খুবেই সহনশীল প্ৰকৃতিৰ হয় ৷ তেওঁলোকৰ উদাৰতাৰ বাবেই পৰিয়ালটোলৈ সুখ আৰু সমৃদ্ধিৰ পৰিৱেশ আহে ৷ এই লোকসকল বিশ্বাসৰ যোগ্য ৷
ওঁঠত তিল থকা লোকসকল হৃদয়ৰে খুবেই ধনী ৷ যিসকলৰ ওঁঠৰ চাৰিওফালে তিল থাকে তেওঁলোকে সকলোৰে সৈতে খুব মৰমেৰে কথা কয় আৰু তেওঁলোকৰ হৃদয়ত সকলোৰে প্ৰতি প্ৰেম থাকে ৷ ওঁঠৰ বাওঁফালে তিল থকা লোকসকল শিশু প্ৰিয় ৷ ওঁঠৰ সোঁফালে তিল থকা লোকসকল তেওঁলোকৰ সংগীৰ প্ৰতি খুবেই দায়ৱদ্ধ হয় ৷ একে সময়তে, তল ওঁঠত তিল থকা লোকসকলে খাবলৈ খুব ভাল পায় ৷ এনে লোকসকলে তেওঁলোকৰ নিজৰ নিজৰ ক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰে ৷
জ্যোতিষশাস্ত্ৰ অনুসৰি, যিসকল লোকৰ তিল ওঁঠৰ সোঁফালে থাকে, তেওঁলোক তেওঁলোকৰ জীৱন সংগীৰ বাবে বহুত ভাগ্যৱান হয় ৷ এনে লোকসকলে তেওঁলোকৰ সংগীৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰে ৷ যিসকল পুৰুষৰ ওপৰৰ ওঁঠত তিল থাকে তেওঁলোক নিজে ব্যৱহাৰ কৰা সা-সামগ্ৰীৰ প্ৰতি খুবেই সচেতন হয় ৷ যিসকল মহিলাৰ ওঁঠৰ সোঁফালে তিল থাকে, তেওঁলোকে তেওঁলোকৰ স্বামীৰ পৰা যথেষ্ট মৰম লাভ কৰে ৷
আনহাতে, যদি এজন ব্যক্তিৰ ওঁঠৰ বাওঁফালে তিল থাকে, তেন্তে ইয়াক অতি অশুভ বুলি বিবেচনা কৰা হয় ৷ এনে লোকসকলে জীৱনত তেওঁলোকৰ পত্নীৰ পৰা খুব কম সমৰ্থন পায় ৷ কিন্তু এনে লোকসকলৰ প্ৰকৃতি বহুত ভাল হয় ৷
লগতে পঢ়ক: Benefits of Donating Blood: এজন ব্যক্তিৰ ৰক্তদানে ৰক্ষা কৰিব পাৰে অন্য এজনৰ জীৱন