ETV Bharat / sukhibhava

Dental Care: সঁচাকৈ দাঁত পোকে খায়নে ? এই সন্দৰ্ভত কি কয় চিকিৎসকে ?

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 4:02 PM IST

Updated : Sep 9, 2023, 5:42 PM IST

বহুৰোগীয়ে চিকিৎসকসকলৰ ওচৰত দাঁতৰ বিভিন্ন সমস্যা লৈ যোৱা দেখা যায় ৷ তাৰেই ভিতৰত এটা সমস্যা হৈছে দাঁত পোকে খোৱা সমস্যা ৷ দাঁতৰ পোকে খোৱাটো ৰোগ হয়নে ? কেনেদৰে দাঁতৰ যতন ল'ব লাগে জনালে দন্তৰোগ বিশেষজ্ঞা ডাঃ প্ৰিয়ংকা দাসে ৷

dental care
সঁচাকৈ দাঁত পোকে খাইনে ? এই সন্দৰ্ভত কি কয় চিকিৎসকে ?
দন্তৰোগ বিশেষজ্ঞা ডাঃ প্ৰিয়ংকা দাস

প্ৰায় ৰোগীয়ে কয়-"মোৰ দাঁত পোকে খাইছে ৷ কেতিয়াবা সকাহ পাও যদি আৰু কেতিয়াবা কিবা খালেই খুব বিষাবলৈ আৰম্ভ কৰে ৷'' দৰাচলতে দাঁতৰ পোক বুলি কোনো ৰোগ নাই ৷ দাঁত পোকে খোৱাটো এক ভ্ৰান্ত ধাৰণাহে মাথোঁ ৷ দাঁতৰ এনে বিষ বিভিন্ন কাৰণত হ'ব পাৰে ৷ সাধাৰণতে দেখা যায় খাদ্যবস্তু খোৱাৰ পিছত দাঁত ভালদৰে পৰিষ্কাৰ নকৰিলে সেইবোৰ দাঁতৰ ফাঁকত সোমাই যায় ৷ ইয়াতেই বিভিন্ন ধৰণৰ ৰাসায়নিক সৃষ্টি হৈ দাঁতত কলা বৰণ হ'বলৈ ধৰে ৷ এই ৰাসায়নিকে দাঁতৰ ক্ষতি সাধন কৰে ৷ ফলত ই কলা পৰে ৷ এনে অৱস্থাত যদি অৱহেলা কৰি চিকিৎসা নকৰে তেন্তে পিছত বিষ অনুভৱ হয় ৷ যিমানেই এনেদৰে দাঁতৰ ক্ষতি সাধন হৈ থাকে সিমানেই বিষৰ প্ৰকোপ বাঢ়ে ৷ আনকি দাঁতৰ ক্ষয় বেচিকৈ হৈ থাকিলে সেয়া নিৰ্মূল কৰিবলৈ দাঁতটো উঠাই দিব লগীয়া পৰ্যন্ত হয় ৷

দাঁতৰ বৰণ কলা পৰা অথবা সঘনাই বিষায় থাকিলে কেতিয়াও অৱহেলা কৰিব নালাগে ৷ কিছুমান দাঁতটো বেছি পোকে খোৱা নাই বুলি চিকিৎসা কৰিব নোখোজে ৷ এয়া কেতিয়াও কৰিব নালাগে ৷ সাধাৰণতে শিশু অৱস্থাত এনে সমস্যা বেছিকৈ গা কৰি উঠে ৷

আমি খোৱাৰ পিছত ভালদৰে পৰিস্কাৰ নকৰিলে এনে সমস্যা গা কৰি উঠে ৷ কিয়নো দাঁতৰ মাজত ৰৈ যোৱা খাদ্যবস্তুখিনিত সৃষ্টি হোৱা ৰাসায়নিকে এনামেলৰ ক্ষতিসাধন কৰে ৷ শিশুসকলে বেছিকৈ চকলেট খালেও এনে সমস্যাই গা কৰি উঠে ৷ তদুপৰি বটলত ভৰাই গাখীৰ খুওৱাৰ পিছত যদি শিশুৰ মুখখন ভালদৰে পৰিস্কাৰ কৰা নহয় তেতিয়াও এনে বিষ হোৱাৰ লগতে দাঁত কলা পৰে ৷

এটা দাঁতত এনে হলে যদি ভালদৰে চিকিৎসা কৰা নহয় তেতিয়াহলে কাষৰ দাঁতটোতো হোৱাৰ আশংকা থাকে ৷ শিশুসকলে যিহেতু ভালদৰে ব্ৰাছ কৰিব নোৱাৰে সেয়েহে ডাঙৰে ব্ৰাছ কৰাই দিব লাগে ৷ ব্ৰাছ কৰা পদ্ধতিটো শিকাই দিলেহে সুফল পোৱা যায় ৷

যদি দাঁতৰ বৰণ কলা হৈছে তেতিয়াহলে অতিশীঘ্ৰেই দন্ত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত ৷ কেৱল লং তেল ব্যৱহাৰ কৰিলেই দাঁতৰ বিষৰ উপশম নহয় ৷ কেতিয়াও পিনেৰে দাঁত খুচৰিব নালাগে ৷ চিকিৎসাকৰ পৰামৰ্শ অবিহনে কেতিয়াও পেইন কিলাৰ খাব নালাগে ৷

লগতে পঢ়ক: Dog Biting: যদি আপোনাক কুকুৰে কামোৰে তেন্তে এই ভুলবোৰ কৰাৰ পৰা বিৰত থাকক

Last Updated : Sep 9, 2023, 5:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.