ETV Bharat / sukhibhava

Hair Greying: অকালতে চুলি বগা হোৱাৰ কাৰণ কি হ’ব পাৰে ? - চুলি বগা পৰা

বিভিন্ন কাৰণত সময়তকৈ আগত চুলি পকে বা চুলিৰ ৰং বগা হয় ( Premature hair greying) ৷ জীৱন-শৈলীৰ পৰিৱৰ্তন, অনিয়মীয়া খাদ্যভ্যাস, চাপ, পুষ্টিৰ অভাৱ ইত্যাদি বিভিন্ন কাৰণত অকালতে চুলি বগা হয় ৷ ইয়াৰ উপৰিও আয়ুৰ্বেদ অনুসৰি বাত আৰু পিত্তৰ দোষৰ বাবেও চুলি সময়তকৈ আগতে পকে ৷

premature hair greying
অকালতে চুলি বগা হোৱাৰ কাৰণ কি হ’ব পাৰে ?
author img

By

Published : Feb 18, 2022, 10:10 PM IST

আগতে মানুহে বিশ্বাস কৰিছিল যে চুলি বগা হোৱাটো বয়স বৃদ্ধিৰ লক্ষণ ৷ কিন্তু সাম্প্ৰতিক সময়ত বহুতো কম বয়সৰ যুৱক-যুৱতী আনকি কিশোৰ-কিশোৰীসকলেও চুলি বগা পৰাৰ সমস্যাত ভোগা দেখিবলৈ পোৱা যায় ৷ চিকিৎসকসকলে কয় যে অনিয়মীয়া খাদ্যভ্যাস, অস্বাস্থ্যকৰ জীৱনশৈলী আৰু কেমিকেলযুক্ত পদাৰ্থৰ ব্যৱহাৰেই ইয়াৰ বাবে দায়ী (What causes premature hair greying) ৷ আয়ুৰ্বেদে কৈছে বাত আৰু পিত্তৰ বিভ্ৰান্তিৰ বাবে চুলি অকালতে বগা পৰে ৷

আয়ুৰ্বেদত বাত, পিত্ত আৰু কফ নামেৰে তিনিটা দোষৰ বিষয়ে উল্লেখ আছে ৷ এজন ব্যক্তিৰ শাৰিৰীক, মানসিক আৰু আৱেগিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাই এই তিনিটা দোষে ৷ বাত, পিত্ত আৰু কফ__ পৰিৱেশ, ভৌগোলিক কাৰক আৰু বংশগত কাৰকৰ ওপৰত নিৰ্ভৰশীল । এইবোৰৰ প্ৰভাৱ ব্যক্তিভেদে পৃথক হয় ।

আয়ুৰ্বেদিক বিশেষজ্ঞ, মুম্বাইৰ নিৰোগ আয়ুৰ্বেদিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ মনীষা কালেৰ মতে, অকালতে চুলি বগা হোৱাৰ অৱস্থাক অকাল পালিত্য বুলিও কোৱা হয় । যদি চুলিবোৰ অকালতে বগা হ'বলৈ আৰম্ভ কৰে, তেনেহ'লে ইয়াৰ বাবে বাত আৰু পিত্তৰ ভাৰসাম্যহীনতাক দায়ী বুলি গণ্য কৰা হয় ( Grey hair causes) । তেওঁ বৰ্ণনা কৰে যে, পিত্তৰ বিভ্ৰান্তিয়ে মেলানোচাইটক প্ৰভাৱিত কৰে, যি মেলানিন উৎপাদন কৰে ৷ মেলানিন হৈছে চুলিৰ ৰং নিৰ্ধাৰণ কৰা ৰঞ্জক । সেয়েহে, যেতিয়া মেলানোচাইট প্ৰভাৱিত হয়, মেলানিনৰ উৎপাদন বাধাপ্ৰাপ্ত হয় আৰু চুলি বগা হ'বলৈ আৰম্ভ কৰে ।

বংশগত কাৰণতো চুলি বগা পৰে বুলি বহুতে ক’ব বিচাৰে ৷ কিছুমান অন্য কাৰণ তলত উল্লেখ কৰা হ’ল-

1.শৰীৰত পুষ্টিৰ অভাৱ

ময়দা, চেনী, তেলযুক্ত অত্যাধিক জাংক ফুড খোৱা আৰু পুষ্টিকৰ খাদ্যৰ অভাৱৰ ফলত সৃষ্টি হয় হজমৰ সমস্যা ৷ এই অভ্যাসে শৰীৰৰ হজম প্ৰক্ৰিয়াকো প্ৰভাৱিত কৰে । ফলস্বৰূপে, দোষবোৰে আমাৰ স্বাস্থ্য আৰু শৰীৰৰ অন্যান্য কাৰ্যকলাপ প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰে । পিছলৈ, চুলি বগা পৰা আৰু অন্যান্য সমস্যা উদ্ভৱ হয় ।

2. টোপনিৰ অভাৱ

টোপনিৰ অভাৱৰ আমাৰ স্বাস্থ্যৰ ওপৰত বহুতো পাৰ্শ্বক্ৰিয়া আছে তথাপিও মানুহে ইয়াক গুৰুত্ব সহকাৰে নলয় । অসম্পূৰ্ণ টোপনিয়ে বহুতো শাৰিৰীক আৰু মানসিক সমস্যা সৃষ্টি কৰে । যদি আমি চুলি বগা হোৱাৰ কথা কওঁ, তেনেহ'লে টোপনিৰ অভাৱৰ ফলত শৰীৰত প্ৰদাহ হয়, যাৰ ফলত মেলানিন উৎপাদনত সমস্যা হয়, যাৰ বাবে চুলি বগা হ'বলৈ আৰম্ভ কৰে ।

3.নিম্ন স্তৰৰ আইৰণ

আইৰণৰ নিম্ন স্তৰে শৰীৰত হিম’গ্লবিনৰ স্তৰ হ্ৰাস কৰে, যাৰ ফলত চুলি বগা হ'ব পাৰে ।

4.চিন্তা

অত্যাধিক চাপৰ ফলত শৰীৰত নৰেপিনেফ্ৰাইন নামৰ হৰমন এটা সৃষ্টি হয়, যি মেলানোচাইট কোষবোৰ ক্ষতিগ্ৰস্ত কৰে । যিহেতু মেলানোচাইটবোৰে চুলিৰ ৰঞ্জক মেলানিন উৎপাদন কৰে, দীঘলীয়া সময়ৰ বাবে মেলানোচাইট কোষবোৰ কাৰ্যকৰী হৈ নাথাকিলে চুলিৰ ৰং সলনি হ'ব পাৰে আৰু বগা হ'ব পাৰে ।

5.ধূম্ৰপান

অত্যাধিক ধূম্ৰপান কৰা লোকসকলৰ দেহত বিষাক্ত পদাৰ্থই ক্ৰিয়া কৰে আৰু ই আমাৰ শৰীৰক নেতিবাচকভাৱে প্ৰভাৱিত কৰিব পাৰে । ই আমাৰ স্বাস্থ্যক প্ৰভাৱিত কৰি স্বাভাৱিক কাৰ্যক্ষমতাত বাধা দিয়ে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে । ইয়াৰ প্ৰভাৱ চুলিৰ ওপৰতো দৃশ্যমান হয়, যি সময়ত বগা হ'বলৈ আৰম্ভ কৰে।

লগতে পঢ়ক: Water weight can cause weight gaining: পানীৰ বাবেও বৃদ্ধি হ’ব পাৰে আপোনাৰ শৰীৰৰ ওজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.