ETV Bharat / sukhibhava

শীতকালত আপুনিও গ্ৰহণ কৰে নেকি কমকৈ পানী ? তেন্তে আজিয়েই ত্যাগ কৰক এই অভ্যাস - শীতকালত আমি কিমান পানী খাব লাগে

পানীৰ অভাৱত ডিহাইড্ৰেচনৰ সমস্যাই দেখা দিয়ে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ মগজুত পৰে । এনে পৰিস্থিতিত স্মৃতিশক্তি দুৰ্বল হোৱাৰ সম্ভাৱনা থাকে । যদি আপুনিও এই ভুল কৰি আছে তেন্তে ইয়াৰ ফলত আপুনি কেনে ধৰণৰ সমস্যাত ভুগিব পাৰে জানি লওক...

What are the diseases caused by drinking less water?
শীতকালত আপুনিও গ্ৰহণ কৰে নেকি কমকৈ পানী ? তেন্তে আজিয়েই ত্যাগ কৰক এই অভ্যাস
author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 2:58 PM IST

শীতকালীন বতৰে লাহে লাহে টোকৰ মাৰিবলৈ আৰম্ভ কৰিছে ৷ আনহাতে শীতকাল পৰাৰ লগে লগে বিভিন্ন ৰোগেও এই বতৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰে ৷ ঠাণ্ডা বতৰত মানুহে প্ৰায়ে গৰমৰ তুলনাত কমকৈ পানী খায়, যাৰ বাবে শৰীৰত ডিহাইড্ৰেচনৰ সমস্যা হ’বলৈ আৰম্ভ কৰে ৷

এনে পৰিস্থিতিত ই বহু ৰোগৰ কাৰণ হৈ পৰে ৷ বতৰ যিয়েই নহওক কিয় আমাৰ শৰীৰৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ ৷ পানীয়ে আমাৰ শৰীৰক হাইড্ৰেট কৰি ৰখাত সহায় কৰে ৷ ইয়াৰ উপৰিও ই আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ আঁতৰোৱাৰো কাম কৰে ৷ শৰীৰে পৰ্যাপ্ত পৰিমাণৰ পানী নাপালে বহুতো গুৰুতৰ ৰোগ হ’ব পাৰে ৷ পানীৰ অভাৱত হ’ব পৰা এই ৰোগসমূহনো কি বিতংভাৱে জানো আহক-

বৃক্ক প্ৰভাৱিত কৰে-

আপুনি নিশ্চয় প্ৰায়ে শুনিছে যে কম পানী খালে কিডনীত পাথৰ হ’ব পাৰে আৰু এই কথা সঁচা ৷ বৃক্কই সঠিকভাৱে কাম কৰিবলৈ পানীৰ প্ৰয়োজন হয়, এনে পৰিস্থিতিত যদি পৰ্যাপ্ত পানী নাথাকে তেন্তে বৃক্কই সঠিকভাৱে কাম কৰিবলৈ সক্ষম নহয় আৰু ইয়াৰ ফলত প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ বা বিৰক্তিৰ সৃষ্টি হ’ব পাৰে ৷

কোষ্ঠকাঠিন্যৰ সমস্যা-

পানী কমকৈ খালে কোষ্ঠকাঠিন্যৰ সমস্যাই দেখা দিব পাৰে ৷ আচলতে আমি যেতিয়া পানী কমকৈ খাওঁ তেতিয়া ই আমাৰ পেটত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়, যাৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যা হ’বলৈ আৰম্ভ হয় ৷

মূৰৰ বিষৰ সমস্যা-

আপুনি হয়তো জানি আচৰিত হ’ব যে কমকৈ পানী খালে মূৰৰ বিষ হ’ব পাৰে, কিন্তু সেয়া একেবাৰে সঁচা ৷ আচলতে আমি কমকৈ পানী খালে আমাৰ শৰীৰৰ হাইড্ৰজেনৰ মাত্ৰা কমি যায় আৰু ইয়াৰ ফলত মূৰৰ বিষৰ সমস্যাৰ সৃষ্টি হয় ৷

ছাল শুকান হৈ পৰিব পাৰে-

ঠাণ্ডাৰ সময়ত ছাল শুকান হৈ পৰে, ইয়াৰ আঁৰৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল পানী কমকৈ খোৱা, যেতিয়া আমি কম পানী খাওঁ তেতিয়া ছালখন শুকান হ’বলৈ আৰম্ভ কৰে ৷ সেইবাবেই শীতৰ এই সময়ছোৱাত প্ৰয়োজন অনুযায়ীহে পানী খাব লাগে ৷

ইউটিআই সমস্যা–

আজিৰ সময়ত ইউটিআইৰ সমস্যাটো অতি সাধাৰণ হৈ পৰিছে ৷ পানী কম হোৱাৰ বাবেও এই সমস্যাই আমাক আমনি কৰে ৷ এনে পৰিস্থিতিত ঠাণ্ডা দিনতো পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে ৷

স্মৃতিশক্তি দুৰ্বল হৈ পৰে–

পানীৰ অভাৱত ডিহাইড্ৰেচনৰ সমস্যাৰ সৃষ্টি হয়, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ মগজুত পৰে ৷ এনে পৰিস্থিতিত স্মৃতিশক্তি দুৰ্বল হোৱাৰ সম্ভাৱনা থাকে ৷

দিনটোত কিমান পানী খাব লাগে ?

প্ৰায়ে মানুহে ভাবে যে গৰমৰ তুলনাত শীতকালত কম পানী খাব লাগে, কিন্তু সেয়া একেবাৰেই অসত্য ৷ ঠাণ্ডা দিনতো দিনটোত কমেও ৩-৪ লিটাৰ পানী খাব লাগে ৷ অৰ্থাৎ দৈনিক ৭-৮ গিলাচ পানী খাব লাগে ৷

লগতে পঢ়ক: কেনেকুৱা ধৰণৰ মাটি ক্ৰয় কৰিলে লাভ কৰিব সুফল, কি কয় বাস্তুশাস্ত্ৰই?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.