ETV Bharat / sukhibhava

তিতা চুলিয়ে ক্ষতিসাধন কৰিব পাৰে আপোনাৰ চুলিকোচাৰ

জৈৱিক, ছালফেট মুক্ত চেম্পু ব্যৱহাৰ কৰাৰ পৰা আৰম্ভ কৰি প্ৰতি 15 দিনৰ মূৰে মূৰে চুলিত স্পা কৰালৈকে একোচা সুন্দৰ, ক’লা আৰু ঘন চুলি পাবলৈকে আমি কি কি নকৰোঁ? কিন্তু বেছিভাগ সময়তে আমি নজনাকৈ কিছুমান ভুল কৰো, যিয়ে আমাৰ চুলিৰ ক্ষতিসাধন কৰে ৷ যাৰ ফলত নিস্তেজ আৰু শুকান হৈ পৰিব পাৰে আপোনাৰ চুলিকোচা ৷

Wet hair Mistakes that may be silently damaging your tresses
আপোনাৰ চুলিকোচাৰ ক্ষতিসাধন কৰিব পাৰে তিতা চুলিয়ে
author img

By

Published : May 3, 2022, 9:17 AM IST

একোচা সুন্দৰ আৰু উজ্জ্বল চুলি পাবলৈ আমি নকৰো কি? সাধাৰণতে বজাৰত উপলব্ধ চুলিৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰীয়ে আমি ব্যৱহাৰ কৰো ৷ কিন্তু এনেবোৰ কাম কৰোতে বহু সৰু সৰু কথা আমাৰ অজ্ঞাতে ৰৈ যায় ৷ ইয়াৰ মাজতে আটাইতকৈ ডাঙৰ ভুল হৈছে তিতা চুলিৰে বাহিৰলৈ ওলোৱাটো ৷ চুলি তিতা থাকিলে ইয়াৰ গুৰিসমূহৰ ক্ষতিসাধন হৈ চুলি দুৰ্বল হৈ পৰে ৷ আমি আমাৰ অজ্ঞাতে এনে আৰু কিছুমান ভুল আমি কৰো, যিয়ে চুলিৰ ক্ষতি কৰে ৷ চাও আহক তেনেধৰণৰ কিছুমান ভুল :

  • তিতা চুলি ফণিওৱা (Combing wet hair) :

বহু লোকে তিতা চুলি ফণিয়ায় ৷ সহজে চুলি শুকাবলৈ বহু লোকে এই পন্থা গ্ৰহণ কৰে ৷ কিন্তু এনে কৰাৰ ফলত তিতা চুলি অধিক দুৰ্বল হৈ পৰে ৷ যাৰ বাবে অধিক যত্নৰ প্ৰয়োজন ৷ সেয়েহে গা ধোৱাৰ পিছত চুলি ফণিওৱাৰ সলনি পূৰ্বে ফণিৱাওক ৷ তদুপৰি চুলিত সামান্য পৰিমাণে চিৰাম বা তেল ব্যৱহাৰ কৰক ৷ চুলি ফণিওৱাৰ ক্ষেত্ৰত পৰাপক্ষত বহল দাঁতৰ ফণী ব্যৱহাৰ কৰিব ৷ চুলি সামান্য পৰিমাণে তিতা থাকিলেহে ফণিৱাব ৷ কিয়নো অত্যধিক শুকান হোৱাৰ পিছত ফণিয়ালে চুলি সৰাৰ সম্ভাৱনা থাকে ৷ চেম্পু কৰাৰ পিছত কণ্ডিচনাৰ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব ৷

  • টাৱেলেৰে জোৰকৈ মচিবলৈ চেষ্টা নকৰাতো ভাল (Vigorously rubbing with a towel to dry them) :
    সাধাৰণতে চুলিৰ গুৰিসমূহ দুৰ্বল হৈ থাকে, ইয়াত বেছি জোৰ প্ৰয়োগ কৰিলে চুলি সৰিবলৈ আৰম্ভ কৰে ৷ কোনো ব্যক্তিয়ে চুলি ধোৱাৰ পিছত যদি টাৱেলেৰে জোৰকৈ মচিবলৈ ধৰে, তেন্তে চুলি সৰা আৰম্ভ হ’বলৈ ধৰে ৷ সেয়ে জোৰকৈ ঘঁহাৰ সলনি কপাহী কাপোৰেৰে লাহে লাহে মচি দিয়ক ৷ ইয়ে আপোনাৰ চুলিৰ পৰা অতিৰিক্ত পানীখিনি বাহিৰ কৰাৰ লগতে সহজে চুলি শুকুৱাত সহায় কৰিব ৷ মনত ৰাখিব, তিতা চুলি কেতিয়াও নাবান্ধিব ৷ এনে কৰিলে উফি হোৱাৰ সম্ভাৱনা থাকে ৷
  • তিতা চুলি বান্ধি থোৱা (Tying up wet hair) :

সাধাৰণতে গ্ৰীষ্মকালত গৰম আৰু ঘামৰ বাবে চুলি মেলি ৰখাটো তীব্ৰ প্ৰত্যাহ্বানজনক হ’ব পাৰে ৷ কিন্তু চুলি নবন্ধাকৈ ৰখাৰ ফলতো অধিক ক্ষতি হ'ব পাৰে । যদি আপুনি আপোনাৰ চুলি পনিটেল বা টান খোপা কৰি বান্ধে, তেন্তে চুলি সৰিব পাৰে ৷ লগতে মূৰত উফি আৰু খজুৱতি হোৱাৰ সম্ভাৱনা থাকে ৷ সেয়েহে কোনো ষ্টাইল কৰাৰ পূৰ্বে আপোনাৰ চুলি সম্পূৰ্ণৰূপে শুকাবলৈ দিয়ক ।

  • তিতা চুলিত হিট দিয়া (Heat styling on wet hair) :

সাধাৰণতে বহু লোক বিশেষকৈ মহিলাসকলে চুলি শুকুৱাবলৈ হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰে, যিয়ে চুলিৰ যথেষ্ট ক্ষতিসাধন কৰিব পাৰে । এনে ষ্টাইলিং সঁজুলি সম্পূৰ্ণৰূপে পৰিহাৰ কৰক ৷ যদি আপুনি ইয়াক ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এয়া নিশ্চিত কৰিব যাতে আপোনাৰ চুলিত পানীৰ পৰিমাণ কম হয় ৷ তিতা চুলিত ষ্ট্ৰেটনাৰ বা কাৰ্লাৰ ব্যৱহাৰ কৰাটো পৰাপক্ষত পৰিহাৰ কৰা উচিত ৷

  • শোৱাৰ সময়ত চুলি বান্ধি থোৱা (Sleeping with your hair dripping) :
    শোৱাৰ পূৰ্বে মূৰ ধোৱা পৰিহাৰ কৰক ৷ তিতা চুলিৰ সৈতে শুলে চৰ্দি হোৱাৰ সম্ভাৱনা অধিক হৈ পৰাৰ লগতে মূৰৰ ছালৰ সংক্ৰমণ হ’ব পাৰে ৷ তদুপৰি তিতা চুলিৰ বাবে চুলি সৰাও আৰম্ভ হয় ৷ কপাহৰ সলনি ৰেচমৰ গাৰু কভাৰ ব্যৱহাৰ কৰাটোও চুলিৰ বাবে ভাল ।

লগতে চাওক : নিদ্ৰাহীনতাই কেনেদৰে প্ৰভাৱিত কৰে আপোনাৰ চকুজুৰিক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.