ETV Bharat / sukhibhava

Cauliflower Recipe: ঘৰতে তৈয়াৰ কৰক ফুলকবিৰে তৈয়াৰী এইবিধ সোৱাদযুক্ত খাদ্য; নিমিষতে হ’ব তৈয়াৰ - গ্ৰীলিং পদ্ধতি

ফুলকবি স্বাস্থ্যৰ পক্ষে অতি উপকাৰী পাচলি । কাৰণ ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে যিবোৰ আমাৰ শৰীৰৰ প্ৰয়োজন । সেয়ে আজি আমি ফুলকবিৰ এনে এবিধ সোৱাদযুক্ত ৰেচিপিৰ বিষয়ে ক‘বলৈ ওলাইছো যিটো আপুনি সন্ধিয়াৰ চাহৰ সৈতে আনকি ব্ৰেকফাষ্টতো খাব পাৰে ।

Cauliflower Recipe
ঘৰতে তৈয়াৰ কৰক ফুলকবিৰে তৈয়াৰী এইবিধ সোৱাদযুক্ত খাদ্য; নিমিষতে হ’ব তৈয়াৰ
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 5:03 PM IST

ফুলকবি এনেকুৱা এটা শাক যে বছৰৰ বাৰ মাহৰ আটাইকেইটা খাই আনন্দ ল’ব পাৰি ৷ ফুলকবি বহু ধৰণে খাব পাৰে ৷ ইয়াত বহু ধৰণৰ ভিটামিন, প্ৰ’টিন, ফাইবাৰ, ওমেগা ৩ ফেটি থাকে৷ যিটো আমাৰ স্বাস্থ্যৰ পক্ষে বহু দিশত উপকাৰী ৷ ফুলকবি গ্ৰহণ কৰি আমি আমাৰা ওজনো নিয়ন্ত্ৰণত ৰাখিব পাৰো ৷

গ্ৰীল কৰা ফুলকবিৰ ৰেচিপি

উপকৰণ- ১ মধ্যমীয়া আকাৰৰ ফুলকবি, ২ কাপ দৈ, ১/২ চামুচ আদা আৰু নহৰুৰ পেষ্ট, ১/২ বা ১ চামুচ ৰঙা জলকীয়াৰ গুড়ি, ১/২ বা ১ চামুচ গৰম মছলাৰ গুড়ি, ১/২ চামুচ হালধিক গুড়ি, ১ চামুচ ধনীয়া গুড়ি (পিহি ধনীয়া), ১ চামুচ চাট মছলা, ১/২ চামুচ জনি গুটি পিহি লোৱা, ১ চামুচ কচুৰি মেথি (শুকান মেথিৰ পাত), ২ চামুচ বেচন, ১ বা ২ চামুচ নেমুৰ ৰস, ১ চামুচ তেল ক'লা নিমখ বা চেন্ধা নিমখ অনুসৰি প্ৰয়োজনীয়তা ৷

তৈয়াৰ কৰাৰ পদ্ধতি

  • ইয়াৰ বাবে প্ৰথমে দৈ প্ৰস্তুত কৰিব লাগিব ৷ কপাহী কাপোৰত দৈখিনি বান্ধি ওলোমাই থওক, যাতে ইয়াৰ অতিৰিক্ত পানী ওলাই যাব পাৰে ৷
  • কবিখিনি ধুই মধ্যমীয়া আকাৰত কাটি লওক ৷ তাৰ পিছত নিমখীয়া পানীত পাঁচ মিনিট উতলাই লওক ৷
  • এই ফুলকবিখিনি এটা বাটিত থৈ লওক৷ পানী বাহিৰ কৰা দৈ, আদা-নহৰুৰ পেষ্ট, ৰঙা জলকীয়াৰ গুড়ি, গৰম মছলা গুড়ি, হালধি গুড়ি, ধনীয়া গুড়ি, নেমুৰ ৰস, বিলাহী, কচুৰি মেথি আৰু বেচন দি সকলো ভালদৰে মিহলাই লওক ৷
  • এতিয়া ফুলকবিৰ এই মিশ্ৰণখিনি ফ্ৰীজত এঘণ্টা সময় ৰাখক ৷

গ্ৰীলিং পদ্ধতি

  • অভেনটো ২০০ ডিগ্ৰী চেলছিয়াছত গৰম কৰক ৷ মেৰিনেট কৰা কবিখিনিত তেল লগাই এটা এটাকৈ গ্ৰীল ৰেকত থৈ দিব ৷
  • ২৫-৩০ মিনিট গ্ৰীল কৰি লওক ৷ মাজে মাজে কবিৰ ৰং সোণালী হৈ পৰিছে নে নাই পৰীক্ষা কৰি থাকিব ৷
  • যদি ইয়াক চাৰিওফালৰ পৰা লাহে লাহে ব্ৰাউন কৰিব লাগে তেন্তে ইপিঠি সিপিঠি কৰি থাকিব ৷
  • কবিখিনি ভালকৈ গ্ৰীল কৰি উলিয়াই আনিব ৷
  • প্লেট এখনত থৈ ​​ওপৰত চাট মছলা ছটিয়াই পৰিবেশন কৰক ৷
  • সোৱাদটো অলপ বেছি টেঙা কৰিবলৈ গ্ৰীল কৰা কবিত নেমুৰ ৰসো দিব পাৰে ৷ গৰমা-গৰমে ধনীয়া-পদিনা চাটনিৰ সৈতে সকলোৰে সৈতে উপভোগ কৰক ৷

লগতে পঢ়ক: Gooseberry Juice Benefits: প্ৰতিদিনে পুৱা খালী পেটত পান কৰক আমলখিৰ ৰস, স্বাস্থ্যৰ পক্ষে এক নহয় অনেক উপকাৰিতা পাওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.