ETV Bharat / sukhibhava

Stay healthy during summer: গ্ৰীষ্মকালত স্বাস্থ্যৱান হৈ থকাৰ কেইটামান উপায় - গৰমৰ সৈতে যুঁজিবলৈ টিপছ্

গ্ৰীষ্মকাল বহু ক্ষেত্ৰত আনন্দদায়ক হ’লেও ই আপোনাৰ স্বাস্থ্যৰ ওপৰত বিভিন্ন দিশৰ পৰা বিৰূপ প্ৰভাৱ পেলাব পাৰে । গতিকে এই গ্ৰীষ্ম ঋতুত নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ আমি আপোনালোকলৈ কিছুমান পৰামৰ্শ আগবঢ়ালো যাক আপোনালোকে অনুসৰণ কৰি গৰমৰ দিনকেইটাত নিজকে স্বাস্থ্যৱান কৰি ৰাখিব পাৰে (Stay healthy during summer) ৷

Stay healthy during summer
গ্ৰীষ্মকালত স্বাস্থ্যৱান হৈ থকাৰ কেইটামান উপায়
author img

By

Published : Apr 8, 2022, 3:16 PM IST

বছৰৰ এই সময়ছোৱাত প্ৰচণ্ড গৰমৰ পৰা সকলোৱে আঁতৰি থাকিব বিচাৰে ৷ গ্ৰীষ্মকালৰ এই গৰম কেৱল শাৰিৰীকভাৱে ক্লান্তিকৰ আৰু অস্বস্তিকৰেই নহয়, বৰঞ্চ ইয়াৰ ফলত অন্য ধৰণৰ বেমাৰৰো কাৰক ৷ ছালৰ জ্বলা-পোৰা, দাগ, জ্বৰ, ডিহাইড্ৰেচন আৰু খাদ্যৰ বিষক্ৰিয়াৰ দৰে ৰোগৰ আশংকাও থাকে এই সময়চোৱাত ৷

পানীৰে সৈতে খেলা কৰিবলৈ গ্ৰীষ্মকালৰ গৰম আনন্দদায়ক যদিও এই সময়ত আমি আমাৰ স্বাস্থ্যক অৱহেলা কৰাটো উচিত নহয় ৷ এই ঋতুত গৰমৰ সৈতে যুঁজিবলৈ আৰু লগতে সুস্থ আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ অতিৰিক্ত যত্নৰ প্ৰয়োজন (Stay healthy during summer) ৷

তলত কেইটামান টিপছ্ উল্লেখ কৰা হ’ল-

যথেষ্ট পৰিমাণে পানী খাব:

গৰমৰ গৰম আৰু ঘামে আপোনাৰ শৰীৰক ডিহাইড্ৰেট কৰিব পাৰে, যাৰ ফলত স্বাস্থ্যৰ প্ৰতিকূল পৰিণাম যেনে জ্বৰ-চৰ্দি হ'ব পাৰে । নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ দৈনিক কমেও 2 ৰ পৰা 3 লিটাৰ পানী খাব ।

হিটষ্ট্ৰোক পৰিহাৰ কৰিবলৈ সাৱধানতা অৱলম্বন কৰক:

উৎকট গৰমৰ দিনকেইটাত প্ৰাপ্তবয়স্ক সকলে সন্মুখীন হোৱা আন এটা ডাঙৰ সমস্যা হৈছে হিটষ্ট্ৰোক । ইয়াৰ মুখ্য কাৰণ হৈছে যে প্ৰাপ্তবয়স্ক সকল এই ধৰণৰ বতৰৰ প্ৰতি অধিক সংবেদনশীল, কিয়নো সঘনাই সালসলনি হোৱা তাপমাত্ৰাৰ সৈতে তেওঁলোকৰ শৰীৰ খাপ নাখায় । তীব্ৰ জ্বৰ, ওকালি অহা, বমি, মুৰৰ বিষ আৰু মূৰ ঘূৰোৱা এই সকলোবোৰ হিটষ্ট্ৰোকৰ লক্ষণ ।

পাতল আৰু আৰামদায়ক পোছাক পৰিধান কৰক:

গ্ৰীষ্মকালত উজ্জ্বল ৰ'দত আপোনাৰ শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ বতাহ আহ-যাহ কৰিব পৰা পাতল কাপোৰ পৰিধান কৰক । গধুৰ কাপোৰৰ সলনি কপাহ আৰু লাইনেনৰ দৰে প্ৰাকৃতিক কাপোৰ বাছি ল’ব ।

অধিক সময় কোঠালিৰ ভিতৰত কটাওক:

বাহিৰলৈ গৈ কৰিবলগীয়া কাৰ্যকলাপবোৰ দিনটোৰ ঠাণ্ডা অংশত সীমাবদ্ধ কৰক, যেনে ৰাতিপুৱা 11 বজাৰ আগতে বা সন্ধিয়া 5 বজাৰ পিছত আপোনালোকে কামবোৰ কৰিব পাৰে ।

স্বাস্থ্যকৰ লগতে লঘু আহাৰ গ্ৰহণ কৰিব:

কমকৈ কিন্তু সঘনাই খাদ্য গ্ৰহণ কৰি থাকিব । উচ্চ কাৰ্ব’হাইড্ৰেট আৰু চৰ্বিযুক্ত গধুৰ খাদ্যই শৰীৰৰ উষ্ণতা বৃদ্ধি কৰিব পাৰে । অধিক পানী থকা পাচলি আৰু ফলমূল খোৱাত গুৰুত্ব দিব ৷ কমলা, তৰমুজ, বিলাহী, তিয়হ আদিত প্ৰচুৰ পৰিমাণে পানী পোৱা যায় ।

আপোনাৰ চকু সুৰক্ষিত কৰি ৰাখক:

সূৰ্য্যৰ উজ্জ্বল ৰশ্মিৰ পৰা চকুজুৰিক আৰাম দিবলৈ কৰ্মক্ষেত্ৰ আৰু খেলাৰ সময়ত সুৰক্ষামূলক চশমা পৰিধান কৰিব । বাহিৰলৈ যাওঁতে চানগ্লাছ পিন্ধিয়ে যাব যিয়ে কমেও ৯৯ শতাংশ ইউভি ৰশ্মি প্ৰতিৰোধ কৰে ।

সুৰা আৰু কেফেইন পৰিহাৰ কৰিব:

সুৰা, বজাৰত উপলব্ধ যিকোনো পানীয় আৰু কফিয়ে অতি সহজে আপোনাক ডিহাইড্ৰেট কৰিব পাৰে । সম্ভৱ হ’লে গৰমৰ বতৰত এই পানীয়বোৰৰ গ্ৰহণ সীমিত কৰিবলৈ চেষ্টা কৰক । ইয়াৰ এটা ভাল বিকল্প হৈছে সাধাৰণ পানী নতুবা সুগন্ধি পানী ।

আমাৰ বিশেষজ্ঞ পুষ্টিবিদ ডাঃ দিব্যা গুপ্তাই গ্ৰীষ্মকালত স্বাস্থ্যৱান হৈ থাকিবলৈ কিছুমান আহাৰৰ পৰামৰ্শও আগবঢ়াইছে (healthy summer diet tips) । তেখেতে আম, তিয়ঁহ, টৰৈ, তৰমুজ আৰু দৈ খোৱাৰ ওপৰত গুৰুত্ব দিছে । ডাঃ দিব্যাই কমলা, তিয়ঁহ আৰু পুদিনা মিহলাই পানী খোৱাৰ পৰামৰ্শ দিয়ে (Summer detox water) ।

ইয়াৰ বাবে 1 টা কমলা, নেমু আৰু তিয়ঁহ লওঁক ৷ প্ৰয়োজন অনুসৰি বাকলি ৰাখিবও পাৰে গুচাইয়ো ল’ব পাৰে ৷ তাৰ পিছত গোটেইকেইটা সৰু সৰু টুকুৰা কৰি কাটি লওক ৷ এতিয়া এটা পানী থোৱা পাত্ৰত নেমু, তিয়ঁহ আৰু কমলাৰ টুকুৰা বোৰ বাকী পানী দি প্ৰায় এঘণ্টা থৈ দিয়ক ৷ প্ৰয়োজন অনুসৰি ইয়াত পদিনাৰ পাত, ডালচেনি আদিও ব্যৱহাৰ কৰিব পাৰে ৷ প্ৰায় এঘণ্টা ৰখাৰ পিছত ইয়াক সেৱন কৰিব পাৰে আপুনি ৷ ই শৰীৰক হাইড্ৰেট কৰি ৰখাৰ লগতে ৰোগ-প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে ৷

লগতে পঢ়ক: পুনৰ বিদ্যালয়লৈ উভতিছে শিশুসকল: পিতৃ-মাতৃয়ে চকু দিয়ক শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.