ETV Bharat / sukhibhava

সুস্বাস্থ্য বজাই ৰাখিবলৈ আজিয়েই ত্যাগ কৰক এই চাৰিবিধ পানীয়

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 6:07 PM IST

চিকিৎসক তথা পুষ্টিবিদসকলৰ মতে, ছালৰ সৈতে অন্ত্ৰৰ স্বাস্থ্যৰ পোনপটীয়া সম্পৰ্ক আছে ৷ আমি ভালপোৱা কিছুমান পানীয়ই আমাৰ ছালখন ধ্বংস কৰাত গুৰুতৰ ভূমিকা পালন কৰে ৷ সেই অখাদ্য সমূহৰ বিষয়ে আজি জানো আহক-

These four drinks are harmful to health
সুস্বাস্থ্য বজাই ৰাখিবলৈ আজিয়েই ত্যাগ কৰক এই চাৰিবিধ পানীয়

বজাৰত বিভিন্ন ধৰণৰ পানীয় পোৱা যায় । যি সোৱাদত অতি সোৱাদযুক্ত আৰু ইয়াক খোৱাৰ পিছত আমি সতেজ অনুভৱ কৰো । মানুহে চিন্তা নকৰাকৈয়ে এই পানীয়বোৰ সেৱন কৰে । কিন্তু আপুনি জানেনে যে এই পানীয়বোৰ আপোনাৰ বাবেও ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে ।

পুৰুষেই হওঁক বা মহিলাই হওঁক, উজ্জ্বল ছালৰ গৰাকী হোৱাটো সকলোৰে কাম্য ৷ ছালখন উজ্জ্বল তথা সতেজ কৰি তুলিবলৈ সকলোয়েই বিভিন্ন প্ৰকাৰৰ সৌন্দৰ্য সামগ্ৰী মুখত প্ৰয়োগ কৰে ৷ বিশেষকৈ মহিলাসকলে ৷ কিন্তু অধিক ৰাসায়নিক পদাৰ্থযুক্ত সামগ্ৰীবোৰে মুখৰ ছাল নষ্ট কৰি পেলায় ৷ যদি আপোনাৰ ছাল ডিহাইড্ৰেটেড হৈছে, তেনেহ'লে ই খাদ্যৰ বাবেও হ'ব পাৰে ৷ চিকিৎসক তথা পুষ্টিবিদসকলৰ মতে, ছালৰ সৈতে অন্ত্ৰৰ স্বাস্থ্যৰ পোনপটীয়া সম্পৰ্ক আছে ৷আমি ভালপোৱা কিছুমান পানীয়ই আমাৰ ছালখন ধ্বংস কৰাত গুৰুতৰ ভূমিকা পালন কৰে ৷ সেই অখাদ্য সমূহৰ বিষয়ে আজি জানো আহক-

  • সুৰা

সুৰা কেৱল স্বাস্থ্যৰ বাবেই নহয়, ছালৰ বাবেও অত্যন্ত ক্ষতিকাৰক ৷ ইয়াত কিছুমান বেক্টেৰীয়া পোৱা যায়, যাৰ ছালৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে ৷ সুৰা সেৱন কৰিলে ছাল ডিহাইড্ৰেট হোৱাৰ লগতে ওঁঠ শুকান আৰু ছালখনৰ উজ্জ্বলতা হ্ৰাস হয় ৷

  • ছ’ডা

ইয়াত উচ্চ ফ্ৰুক্টোজ কৰ্ণ চেনী থাকে ৷ যাৰ বাবে ছ'ডা খালে ৰক্ত শৰ্কৰা বৃদ্ধি হয় আৰু ছালখন নিষ্প্ৰাণ দেখায় ৷ তদুপৰি, ই অন্ত্ৰৰ স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক ৷

  • কফি

কেৱল কফিয়েই নহয়, ফ্ৰাপুচিনৰ দৰে পানীয়য়েও আপোনাৰ ছালৰ যথেষ্ট ক্ষতি কৰে ৷ বহুলোকে অন্ত্ৰৰ স্বাস্থ্য আৰু মগজুৰ বাবে উপকাৰী বুলি ভাবিয়েই কফি খায় ৷কিন্তু কফিত মিঠা আৰু গাখীৰ মিহলি কৰিলে ই আপোনাৰ অন্ত্ৰৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ পৰে ৷

  • এনাৰ্জী ড্ৰিংক

এই পানীয়বোৰে আপোনাৰ BMI বৃদ্ধি কৰিব পাৰে । লগতে ইহঁতৰ সেৱনৰ বাবে আপুনি হতাশা আৰু উদ্বেগত ভুগিব পাৰে । এক অধ্যয়নত দেখা গৈছে যে এনাৰ্জি ড্ৰিংকছ সেৱন কৰা লোকসকলে আন নিচাযুক্ত দ্ৰব্য সেৱনৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে ।

লগতে পঢ়ক: পুৰুষ আৰু মহিলা উভয়ৰে উৰ্বৰতা বৃদ্ধিত ফলপ্ৰসূ এইবিধ ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.