ETV Bharat / sukhibhava

Diabetes care: ডায়েবেটিছ ৰোগীৰ বাবে চমৎকাৰী এই ৩বিধ শাক-পাচলি - ডায়েবেটিছ ৰোগী

ডায়েবেটিছ এনেকুৱা এটি ৰোগ, যাক চিকিৎসাৰ জৰিয়তে সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব নোৱাৰি ৷ ইয়াক নিয়ন্ত্ৰণত ৰখাত খাদ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ কিন্তু কিছুমান সেউজীয়া শাক-পাচলিয়ে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে ৷ জানো আহক এই শাক-পাচলিসমূহৰ বিষয়ে ৷

These 3 vegetables are miraculous for diabetes patients, Affordable even in budget
ডায়েবেটিছ ৰোগীৰ বাবে চমৎকাৰী এই ৩বিধ শাক-পাচলি
author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 5:00 PM IST

ডায়েবেটিছ ৰোগ সমগ্ৰ বিশ্বতে দ্ৰুতগতিত বিয়পি পৰিছে ৷ কেৱল বয়োজ্যেষ্ঠই নহয়, যুৱক-যুৱতীসকলো ডায়েবেটিছৰ কবলত পৰিবলৈ আৰম্ভ কৰিছে ৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, দুৰ্বল জীৱনশৈলী আৰু মানসিক চাপৰ বাবে ডায়েবেটিছৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ ডায়েবেটিছৰ কোনো নিৰাময় নাই আৰু ইয়াক নিয়ন্ত্ৰণহে কৰিব পাৰি ৷

ডায়েবেটিছ ৰোগীয়েও নিজৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন ল’ব লাগে ৷ সেয়ে খাদ্য তালিকাত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে, যাতে শৰীৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ কৰে ৷ ডায়েবেটিছ ৰোগীৰ ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত শাক-পাচলি সহায় কৰে ৷ শাক-পাচলি খোৱাটো কেৱল ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ বাবেই নহয়, বহু গুৰুতৰ ৰোগৰ বাবেও উপকাৰী বুলি বিবেচিত হৈছে ৷ অৱশ্যে ডায়েবেটিছ ৰোগীয়ে কোনবোৰ শাক-পাচলি খাব লাগে জানো আহক ৷

পালেং শাক

পালেং শাকক আইৰণৰ প্ৰচুৰ উৎস বুলি গণ্য কৰা হয় ৷ ইয়াত সকলো ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায় ৷ ডায়েবেটিছ ৰোগীৰ বাবে পালেং শাক কোনো বৰদানতকৈ কম নহয় ৷ এটি গৱেষণাৰ মতে, পালেং শাকে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে ৷ ডায়েবেটিছ ৰোগীয়েও পালেং শাকৰ ৰস তৈয়াৰ কৰি পান কৰিব পাৰে ৷

ভেন্দি

ভেন্দিত আঁহৰ পৰিমাণ বেছি ৷ এতিয়ালৈকে কৰা গৱেষণাৰ মতে, ভেন্দি খালে তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস পায় ৷ ভেন্দিত পোৱা আঁহে অন্ত্ৰত চেনিৰ শোষণ লেহেমীয়া কৰে ৷ ইয়াৰ বাহিৰেও আন বহু ৰোগত ভেন্দি অতি উপকাৰী ৷ এই সন্দৰ্ভত বহু গৱেষণাও ওলাইছে ৷

বিলাহী

মচুৰ দাইলৰ পৰা আৰম্ভ কৰি তৰকাৰীলৈকে সকলোতে বিলাহী ব্যৱহাৰ কৰা হয় ৷ জনাই দিও যে, বিলাহী ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী ৷ ইয়াত লাইকোপেন নামৰ এন্টিঅক্সিডেন্ট থাকে, যিয়ে ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত ৰাখে ৷ উল্লেখ্য যে, ইয়াত থকা ভিটামিন চিৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় ৷ একে সময়তে ইয়াৰ উপৰিও বিলাহী খোৱাটোও হৃদযন্ত্ৰৰ বাবে ভাল বুলি বিবেচিত হয় ৷

লগতে পঢ়ক: Eating Tips: বাকলিৰ সৈতে কাঠবাদাম খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক নেকি ? ইয়াক খোৱাৰ সঠিক উপায় জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.