ETV Bharat / sukhibhava

Health Tips: শীতকালত শিশুটিক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিবলৈ গ্ৰহণ কৰক এইসমূহ উপায় - শীতকালত শিশুটিক কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি

শীতকালত শিশুক ঠাণ্ডাৰ পৰা সুৰক্ষিত কৰিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো খুবেই জৰুৰী ৷ ইয়াৰ বাবে খোৱা-বোৱা, পৰিস্কাৰ-পৰিচ্ছন্নতা আদি সকলো দিশতে শিশুৰ যত্ন লোৱাটো খুবেই প্ৰয়োজনীয় ৷ এই কেইটা দিনত আপুনি আপোনাৰ সন্তানৰ প্ৰতি ল’বলগীয়া যত্নৰ বিষয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

Take these steps to protect your child from the cold
শীতকালত শিশুটিক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিবলৈ গ্ৰহণ কৰক এইসমূহ উপায়
author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 8:00 PM IST

শীতকাল অহাৰ লগে লগে চৰ্দি-কাহৰ দৰে সমস্যাবোৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰে ৷ দ্ৰুতগতিত বতৰ সলনি হৈ থকাৰ ফলত নানা ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিয়ে ৷ বিশেষকৈ ২ৰ পৰা ১০ বছৰৰ শিশুৰ ক্ষেত্ৰত ৷ যাৰ বাবে এইদিনকেইটাত শিশুৰ উচিত যত্ন লোৱাটো খুবেই প্ৰয়োজন ৷

পুৱা ঠাণ্ডা বতাহ চলাচল কৰাৰ বাবে শিশুৰ চৰ্দি হ'ব পাৰে ৷ যেতিয়া চৰ্দি হয়, কাহ আৰু কফৰ সমস্যাই শিশুসকলক আটাইতকৈ বেছি আমনি কৰে ৷ আনহাতে ইয়াৰ ফলত শিশুৰ জ্বৰো হয় ৷ শিশুক শীতকালত ঠাণ্ডাৰ পৰা সুৰক্ষিত কৰিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো খুবেই জৰুৰী ৷ ইয়াৰ বাবে খোৱা-বোৱা, পৰিস্কাৰ-পৰিচ্ছন্নতা আদি সকলো দিশতে শিশুৰ যত্ন লোৱাটো খুবেই প্ৰয়োজনীয় ৷ এই কেইটা দিনত আপুনি আপোনাৰ সন্তানৰ প্ৰতি ল’বলগীয়া যত্নৰ বিষয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

পৰিস্কাৰ-পৰিচ্ছন্নতাৰ যত্ন ল'ব

শীতকালত শিশুৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ ৷ তেওঁলোকক হাত ধোৱাৰ অভ্যাস কৰালে বহু ৰোগৰ পৰা বচাই ৰাখিব পাৰে ৷ খোৱাৰ আগত আৰু পিছত হাত পৰিস্কাৰ কৰাৰ অভ্যাস কৰাব ৷এই দিনকেইটাত শিশুৰ কাপোৰো পৰিস্কাৰ কৰি ৰাখিব লাগে ৷ শীতকালত শিশুসকলক সদায়েই গৰম পানীৰে গা ধোৱাৰ অভ্যাস কৰাব ৷

ফল-পাচলি খাবলৈ দিব

শীতকালৰ সময়চোৱাত তুলনামূলকভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে ৷ যাৰ ফলত শিশুসকল অধিক অসুস্থ হৈ পৰে ৷এই দিনকেইটাত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ শিশুসকলক নেমুৰ দৰে টেঙা ফল আৰু পাচলি খাবলৈ দিব ৷ শিশুৰ আহাৰত অন্তৰ্ভুক্ত কৰক শুকান ফল৷ কাঠবাদাম, আখৰোট শুকান ফল খোৱাটোৱে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷

শৰীৰ হাইড্ৰেট কৰি ৰাখক

ঠাণ্ডাত ডিহাইড্ৰেচন বেছিকৈ হয়, কিয়নো অধিকাংশই এই দিনকেইটাত কম পানী খায় ৷ এই সমস্যাটো শিশুৰ ক্ষেত্ৰতো দেখা যায় ৷ সেয়েহে তৰল গ্ৰহণৰ প্ৰতি মনোযোগ দি আপুনি শিশুসকলক খোৱাৰ বাবে চুপ, ৰস আৰু গৰম পানী দিব ৷ শিশুটোৰ সুস্বাস্থ্যৰ বাবে সদায় পূৱা গৰম পানী খাবলৈ দিব ৷

ভৰি,কাণ, বুকু, পেট ঢাকি ৰাখিব

শীত কাল অহাৰ লগে লগে শিশুসকলক গৰম কাপোৰ পিন্ধোৱা আৰম্ভ কৰিব ৷ বিশেষকৈ শিশুৰ ভৰি, মূৰ আৰু পেট ভালদৰে ঢাকি ৰাখিব ৷ বুকু, মূৰ আৰু ভৰিত ঠাণ্ডা লাগিলে চৰ্দি লাগে ৷

আয়ুৰ্বেদিক প্ৰতিকাৰ

শিশুটোক চৰ্দি কাহৰ পৰা সুৰক্ষিত কৰিবলৈ আপুনি কিছুমান ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰিব পাৰে ৷ ঠাণ্ডাত দিনত এবাৰকৈ শিশুক হালধিৰ গাখীৰ দিব ৷ গাখীৰত চেনীৰ সলনি গুড় ব্যৱহাৰ কৰক ৷ শীতকালত শিশুৰ খাদ্যত আদা, নহৰু অন্তৰ্ভূক্ত কৰক ৷ এই খাদ্যই আপোনাৰ শিশুটিৰ শৰীৰক গৰম কৰি ৰখাই নহয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাতো সহায় কৰিব ৷

লগতে পঢ়ক: Raisins: বিভিন্ন গুণাগুণেৰে ভৰপূৰ কিচমিচ; তিয়াই খালে পাব এই উপকাৰিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.