ETV Bharat / sukhibhava

Eye Problems: আপোনাৰ চকুৰ জৰিয়তে জানিব পাৰিব ডায়েবেটিছ লক্ষণ

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 7:17 PM IST

আমাৰ শৰীৰৰ বহুতো ৰোগৰ বিষয়ে আমি আমাৰ চকুৰ জৰিয়তেও জানিব পাৰো ৷ শৰীৰৰ গুৰুতৰ সমস্যা থাকিলে আমাৰ চকুত দেখা দিয়া কিছু লক্ষণৰ জৰিয়তেও জানিব পাৰো ৷ এই লক্ষণসমূহৰ বিষয়ে জানো আহক....

Be careful if you experience these problems in your eyes
আপোনাৰ চকুৰ জৰিয়তে জানিব পাৰিব ডায়েবেটিছ লক্ষণ

ডায়েবেটিছৰ সমস্যাটো সম্প্ৰতি একেবাৰে সচৰাচৰ হৈ পৰিছে ৷ ভাৰতৰ আধিকাংশ লোকেই এই দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজি আছে ৷ শৰীৰত গ্লুুকোজৰ স্তৰ বৃদ্ধিৰ ডায়েবেটিছ ৰোগত আক্ৰান্ত হ'বলগীয়া হয় ৷যেতিয়া ডায়েবেটিছৰ সমস্যা হয়, ৰোগীৰ শৰীৰে ইনচুলিন প্ৰস্তুত কৰাৰ ক্ষমতা হেৰুৱায় ৷

ইনচুলিন হৈছে এক হৰম’ন, যি সাধাৰণতে অগ্ন্যাশয়ৰ পৰা মুকলি হয় ৷ ই গ্লুুক’জক শৰীৰৰ কোষত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ে, য'ত ইয়াক শক্তিৰ বাবে ব্যৱহাৰ কৰা হয় ৷ টাইপ ১ ডায়বেটিচত অগ্ন্যাশয়ত ইনচুলিন প্ৰস্তুত নহয় ৷ টাইপ ২ ডায়বেটিচত অতি কম পৰিমাণে ইনচুলিন প্ৰস্তুত হয় ৷ শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ বাহাল ৰাখিবলৈ উচ্চ পৰিমাণৰ ইনচুলিনৰ প্ৰয়োজন ৷

আনহাতে, এনে বহুলোক আছে যিয়ে নাজানে যে তেওঁলোকৰ ডায়েবেটিছৰ সমস্যা আছে ৷তেওঁলোকৰ শৰীৰত এই ৰোগৰ লক্ষণে দেখা দিয়ে যদিও তেওঁলোকে এই লক্ষণবোৰলৈ মন নিদিয়ে ৷ হয়, এই ৰোগত আক্ৰান্ত হ’লে আপুনি আপোনাৰ চকুতেই ইয়াৰ লক্ষণ দেখিবলৈ পাব ৷ চকুৰ কি সমস্যা হ’লে আপুনি ডায়েবেটিছত আক্ৰান্ত বুলি নিশ্চিত হ'ব, আজি জানো আহক-

অস্পষ্ট দৃষ্টি

যদি আপুনি চকুৰে অস্পষ্ট দেখা পায়, তেনেহ'লে ই ডায়েবেটিছৰ লক্ষণ হ'ব পাৰে ৷ ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰি এই সমস্যাটো নিৰাময় কৰিব পাৰি ৷আপোনাৰো যদি এনে সমস্যা হয়, সোনকালে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব ৷

চকুৰ ছানি পৰা

ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত চকুত ছানি পৰাৰ সমস্যা অতি সোনকালে আৰম্ভ হয় ৷ ই ডায়েবেটিছৰ এক লক্ষণ ৷ ডায়েবেটিছত আক্ৰান্ত হোৱাৰ পাছতো বিভিন্ন চকুৰ বিভিন্ন সমস্যাই দেখা দিয়ে ৷

গ্লুুক’মা

গ্লুুক’মা তেতিয়া হয়, যেতিয়া বিভিন্ন পদাৰ্থ চকুৰ পৰা ওলাই আহিব নোৱাৰে ৷ ই চকুৰ ওপৰত চাপ দিয়ে ৷ ইয়াৰ ফলত চকুৰ স্নায়ু আৰু ৰক্ত কোষৰ ক্ষতি হয় আৰু ফলত দেখাত সমস্যাৰ সৃষ্টি হয় ৷ ডায়েবেটিক ৰোগীৰ ক্ষেত্ৰত গ্লুুক’মা হোৱাৰ আশংকা বহুত বেছি ৷ এনে পৰিস্থিতিত, যদি আপুনি মূৰৰ বিষ, চকুৰ বিষ, অস্পষ্ট দৃষ্টি বা পানীযুক্ত চকুৰ সমস্যাৰ সন্মুখীন হয়, তেনেহ'লে ই গ্লুুক’মা তথা ডায়েবেটিছৰ কাৰণ হ'ব পাৰে ৷সেয়েহে, আপুনি ইয়াৰ পৰীক্ষা লগে লগে কৰাটো খুবেই জৰুৰী ৷

ডায়েবেটিক ৰেটিন’পেথি

ডায়েবেটিক ৰেটিন’পেথিও ডায়েবেটিছ ৰোগ এক অন্যতম লক্ষণ ৷ এই ৰোগে ৰক্ত শৰ্কৰাত ভুগি থকা ব্যক্তি এজনৰ ৰেটিনা প্ৰভাৱিত কৰে ৷ডায়েবেটিক ৰেটিন’পেথি ৰেটিনালৈ তেজ কঢ়িয়াই অনা অত্যাধিক পাতল শিৰাবোৰৰ ক্ষতিৰ ফলত হয় ৷ যদি ইয়াক সময়মতে চিকিৎসা কৰা নহয়, তেনেহ'লে ব্যক্তিজন অন্ধ হোৱাৰ সম্ভাৱনা খুবেই বেছি হয় ৷

লগতে পঢ়ক: Appendix: এপেন্ডিচাইটিছ ৰোগ কি, ইয়াৰ কাৰণ আৰু চিকিৎসা কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.