ETV Bharat / sukhibhava

গ্ৰীষ্মকালত গৰ্ভপাতৰ বিপদাশংকা বৃদ্ধি হয়: অধ্যয়ন - গ্ৰীষ্মকালত গৰ্ভপাতৰ আশংকা

অধ্যয়ন অনুসৰি গ্ৰীষ্মৰ সময়ত গৰ্ভপাতৰ আশংকা প্ৰায় 44 শতাংশ অধিক হয় । বষ্টন ইউনিভাৰ্চিটি স্কুল অৱ পাব্লিক হেল্থৰ (বিএছপিএইচ) গৱেষকসকলে দেখুৱাইছে যে গ্ৰীষ্মকালত গৰ্ভপাতৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে (Miscarriage may increase during summer season)। গৱেষণাৰ ফলাফলবোৰ 'এপিডেমিঅ'লজী' আলোচনীত প্ৰকাশিত হৈছিল।

miscarriage
গ্ৰীষ্মকালত গৰ্ভপাতৰ বিপদাশংকা বৃদ্ধি হয়: অধ্যয়ন
author img

By

Published : Jun 29, 2022, 9:11 PM IST

30 শতাংশ গৰ্ভধাৰণৰ অন্তিম ফলাফল হৈছে গৰ্ভপাত (Miscarriage reasons in pregnancy) । ইয়াক গৰ্ভাৱস্থাৰ 20 সপ্তাহ আগতে গৰ্ভধাৰণ হেৰুওৱা বুলি কোৱা হয় ৷ গৰ্ভপাত কিয় হয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ কিন্তু এই গৰ্ভপাতৰ কেইটামান কাৰণ সাধাৰণতে জনা যায় যিকেইটা গৰ্ভপাতৰ পিছত মানসিক চাপ, হতাশা আৰু উদ্বেগৰ কাৰণো হ'ব পাৰে ।

শেহতীয়াকৈ, বষ্টন ইউনিভাৰ্চিটি স্কুল অৱ পাব্লিক হেল্থৰ গৱেষকসকলে গৰ্ভপাতৰ ওপৰত ঋতুগত প্ৰভাৱ আছে নেকি তাৰ ওপৰত এক পৰীক্ষা চলাইছিল । তেওঁলোকে দেখা পাইছিল যে উত্তৰ আমেৰিকাৰ গৰ্ভৱতী মহিলা সকলৰ মাজত (গৰ্ভধাৰণৰ আঠ সপ্তাহৰ ভিতৰত) আগষ্টৰ শেষৰ ফালে, অৰ্থাৎ গ্ৰীষ্মৰ মাহত গৰ্ভপাতৰ আশংকা প্ৰায় 44 শতাংশ অধিক হয় ।

যদি ফেব্ৰুৱাৰীৰ যিকোনো সপ্তাহত আগষ্টৰ যিকোনো এক সপ্তাহৰ সৈতে গৰ্ভপাতৰ আশংকাৰ মাজত তুলনা কৰা হয়, তেনেহ'লে দেখা যাব যে আগষ্টৰ যিকোনো সপ্তাহত বিপদাশংকা 31 শতাংশ অধিক । ভৌগোলিকভাৱে, ফলাফলবোৰে দেখুৱাইছিল যে দক্ষিণ আৰু মধ্যপশ্চিমৰ গৰ্ভৱতী লোকসকল, য'ত গ্ৰীষ্মৰ দিনত উৎকট গৰম হয়, ক্ৰমান্বয়ে আগষ্টৰ শেষৰ ফালে আৰু ছেপ্টেম্বৰৰ আৰম্ভণিতে এই গৰ্ভপাতৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক আছিল ( Miscarriage in summer season) ।

অধ্যয়নটোৰ মুৰব্বী আৰু অধ্যাপক ডাঃ এমেলিয়া ৱেচেলিংকে এইদৰে কৈছিল: "আমি দেখিছিলো যে গৰ্ভপাতৰ আশংকা, বিশেষকৈ 'আগতীয়া' গৰ্ভপাতৰ আশংকা (গৰ্ভধাৰণৰ আঠ সপ্তাহৰ আগতে) গ্ৰীষ্মকালত সৰ্বাধিক আছিল । এতিয়া গ্ৰীষ্মকালত কেনে ধৰণৰ এক্সপোজাৰ বেছি হয় বুজিবলৈ আমাক অধিক গৱেষণাৰ প্ৰয়োজন ৷ এই গৱেষণাই গৰ্ভপাতৰ বৰ্ধিত বিপদাশংকাৰ কাৰণ জনাত আমাক সহায় কৰিব পাৰে"( What causes miscarriage) ৷

সামাজিক জনগাঁথনি, জীৱনশৈলী আৰু চিকিৎসা ইতিহাসৰ ওপৰত আধাৰ কৰি, গৱেষকসকলে 6,104 জন অংশগ্ৰহণকাৰী বাছনি কৰিছিল যিসকলে নামভৰ্তিৰ 12 মাহৰ ভিতৰত গৰ্ভধাৰণ কৰিছিল । তেওঁলোকক গৰ্ভধাৰণ অধ্যয়ন অনলাইনৰ জৰিয়তে যোগাযোগ কৰা হৈছিল আৰু তেওঁলোকে গৰ্ভপাত আৰু আন সকলো গুৰুত্বপূৰ্ণ তথ্য গৱেষকসকলক দিছিল ।

গৱেষকসকলে অনুমান কৰে যে উত্তাপ গৰ্ভপাতৰ বিপদাশংকা বৃদ্ধি হোৱাৰ কাৰণ হ'ব পাৰে ৷ কিন্তু ডাঃ এমেলিয়া ৱেচেলিংকে ভাবে যে, এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন ৷ কিছুমান অধ্যয়নে এইটোও পৰীক্ষা কৰিছে যে তাপ আৰু গৰ্ভপাতৰ বিপদাশংকাৰ মাজত সম্পৰ্ক (Risk of miscarriage) থাকিব পাৰে নেকি ? এই বিষয়ে নিশ্চিত হ’বলৈ অধিক গৱেষণাৰ প্ৰয়োজন ।" গৱেষক ৱেচলিংকে লগতে অনুভৱ কৰে যে এই বিষয়টোত পৰিৱেশ বিজ্ঞানীসকলৰ সৈতে চৰকাৰী নীতি স্থাপন কৰাটো প্ৰয়োজন ।

লগতে পঢ়ক: ক’ভিডত আক্ৰান্ত অৱস্থাত গৰ্ভধাৰণ কৰিলে থাকে বিপদৰ আশংকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.