ETV Bharat / sukhibhava

হাৰ্ট এটেকৰ চিকিৎসাত সহায় কৰিব মানৱ শৰীৰৰ কলাৰ আৰ্হিয়ে

হাৰ্ট এটেক বা মায়োকাৰ্ডিয়াল ইনফাৰ্কচনৰ চিকিৎসাত মানৱ শৰীৰৰ কলাৰ আৰ্হিয়ে বিশেষভাৱে সহায় কৰিব পাৰে(Diagnosis of heart attacks) । চাওক এই সন্দৰ্ভত অধ্যয়নে কি কয় ৷

STUDY FINDS HOW HUMAN TISSUE MODELS CAN BE USED TO IMPROVE TREATMENT DIAGNOSIS OF HEART ATTACKS
হাৰ্ট এটেকৰ চিকিৎসাত সহায় কৰিব মানৱ শৰীৰৰ কলাৰ আৰ্হিয়ে
author img

By

Published : Aug 31, 2022, 8:26 PM IST

মায়োকাৰ্ডিয়াল ইনফাৰ্কচন (Myocardial infarction)নামেৰেও জনাজাত হাৰ্ট এটেক প্ৰাপ্তবয়স্ক লোকৰ মৃত্যুৰ অন্যতম এক প্ৰধান কাৰণ । হাৰ্ট এটেকত প্ৰতি বছৰে ১ কোটি ৮০ লাখতকৈ অধিক লোকৰ মৃত্যু হয় । এক অধ্যয়নৰ মতে, ক’ভিড-১৯ মহামাৰীৰ পাছত অনাগত বছৰবোৰত এই সংখ্যা বৃদ্ধি হ’ব পাৰে বুলিও অনুমান কৰা হৈছে(Diagnosis of heart attacks) ৷

ইয়াৰ ভিতৰত গৱেষকসকলে নতুন নতুন তথ্য লাভ কৰিছে । নট্ৰে ডেম বিশ্ববিদ্যালয়ৰ গৱেষক দলে(University of Notre Dame) কৰা গৱেষণাৰ মতে হৃদযন্ত্ৰৰ বিকলতাৰ চিকিৎসা আৰু নিদানত মানৱ শৰীৰৰ কলাৰ আৰ্হি (Human Tissue)উপযোগী হ’ব পাৰে । এই অধ্যয়নৰ ফলাফল বায়’ফিজিক্স ৰিভিউজ জাৰ্নেলত (Biophysics Reviews journal)প্ৰকাশ পাইছে ।

তাৰ পিছত যেতিয়া এটা ডাঙৰ ক’ৰ’নাৰী ধমনীত থকা প্লেকে তেজ আৰু হৃদযন্ত্ৰলৈ অক্সিজেনৰ সোঁত লেহেমীয়া কৰি পেলায় তেতিয়া কোষবোৰ নষ্ট হৈ কলাবোৰ ক্ষতিগ্ৰস্ত হয়, যাক মায়োকাৰ্ডিয়াল ইনফাৰ্কচন বোলা হয়(Myocardial infarction) । ইয়াৰ ফলত এজন ব্যক্তিৰ মৃত্যু হ’ব পাৰে বা হৃদযন্ত্ৰৰ অঞ্চলটো দাগযুক্ত কলালৈ ৰূপান্তৰিত হ’ব পাৰে, যিটো ভৱিষ্যতে অতিক্ৰম কৰাটো কঠিন হৈ পৰে ।

বৰ্তমান লেবত জীৱ-জন্তুক মডেল হিচাপে ব্যৱহাৰ কৰি আন আন অৱস্থা যেনে হৃদৰোগ, কেঞ্চাৰ আদিৰ ওপৰত অধ্যয়ন চলি আছে । কিন্তু জীৱ-জন্তুৰ ওপৰত কাম কৰা প্ৰতি ১০টা চিকিৎসাৰ ভিতৰত কেৱল এটাহে ক্লিনিকেল প্ৰয়োগত সফল হয় । যদিও মানুহৰ ওপৰত কেতিয়াবা সফল পৰীক্ষা-নিৰীক্ষা কৰা হয়, তথাপিও মানৱ শৰীৰৰ কলাত উল্লেখযোগ্য পাৰ্শ্বক্ৰিয়া দেখা যায় যিবোৰ সাধাৰণতে জীৱ-জন্তুৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায় ।

লেখক পিনাৰ জোৰলুটুনাই কয় যে, যদিও প্ৰাণীৰ আৰ্হিয়ে কোনো ৰোগজনিত অৱস্থাৰ প্ৰতি জীৱ-জন্তুৱে কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাৰ এক সামগ্ৰিক পদ্ধতিগত দৃষ্টিভংগী প্ৰদান কৰে, তথাপিও ইয়াৰ সঁহাৰি মানুহৰ কলাবোৰে প্ৰদান কৰা সঁহাৰিৰ সৈতে একে নহয় ।

ইন ভিট্ৰ’ মানৱ মডেলৰ জৰিয়তে গৱেষকসকলে হৃদযন্ত্ৰৰ বিকলতা আৰু শৰীৰৰ বাহিৰৰ ফাইব্ৰটিক কলাৰ চিকিৎসাৰ প্ৰভাৱ পৰীক্ষা কৰিবলৈ সক্ষম হৈছে । তেওঁলোকে প্ৰাকৃতিক বিকাশ, গাঁথনিগত সংগঠন, পুনৰ নিৰ্মাণ, আৰু ৰোগৰ অগ্ৰগতিৰ অনুকৰণ কৰিবলৈ অৰ্গেন’ইড, থ্ৰীডি অংগ আদি বহুকোষীয় আৰ্হি ব্যৱহাৰ কৰিছে । ইফালে, বায়’প্ৰিণ্টিঙে হৃদযন্ত্ৰৰ কলা স্তৰৰ পিছত স্তৰ গঢ়ি তোলা যেন লাগে ৷ আনহাতে, মাইক্ৰ’ফ্লুইডিক যন্ত্ৰই কোষ স্থাপন আৰু তৰল পদাৰ্থৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰি চিপত হৃদযন্ত্ৰৰ দৰে কাম কৰে ।

জোৰলুটুনাই কয়, "আমি নিৰ্দিষ্ট গৱেষণাত যি কৰি আছো তাক আগুৱাই নিবলৈ এই মডেলসমূহ অতি গুৰুত্বপূৰ্ণ । চিকিৎসা পদ্ধতি প্ৰদান কৰাত তেওঁলোক দ্ৰুত, নিৰাপদ আৰু অধিক কাৰ্যক্ষম ।” লেখক গোজদে বাছৰাই কয় যে, টিছু ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত অগ্ৰগতিৰ পিছতো ইন ভিট্ৰ’ কাৰ্ডিয়াক টিছু মডেল(মানৱ শৰীৰৰ কলাৰ আৰ্হি) সৃষ্টি কৰাটো এক প্ৰত্যাহ্বান হৈয়েই আছে কাৰণ মানুহৰ হৃদযন্ত্ৰ এটা জটিল অংগ ।

লগতে পঢ়ক : দিল্লীৰ RML হাস্পতালে কেনেকৈ সম্পন্ন কৰিলে প্ৰথমটো সফল হাৰ্ট ট্ৰান্সপ্লাণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.