ETV Bharat / sukhibhava

স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে এজন পুৰুষে সন্মূখীন হ'বলগীয়া প্ৰত্যাহ্বানৰ কথা কেতিয়াবা ভাবি চাইছেনে ? - internal check

স্ত্ৰীৰোগ বিশেষজ্ঞ যদি পুৰুষ হয় তেন্তে তেওঁ বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । আয়ুষ্মান খুৰানাৰ ‘ডাক্টৰ জী’ত এই বিষয়টোক অতি ধেমেলীয়া ৰূপত দেখুওৱা হৈছে । কিন্তু প্ৰকৃততে পৰিস্থিতি কেনে ধৰণৰ হয় ?, নাৰীৰ সমস্যাৰ চিকিৎসা কৰাৰ সময়ত তেওঁলোকে কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয় ? এই সন্দৰ্ভত স্ত্ৰীৰোগ বিশেষজ্ঞ ড০ হিমাংশু ৰায়ে ‘ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই বিষয়ে বিতংভাৱে জানিবলৈ দিয়ে ।

struggle-story-of-male-gynecologist-in-bihar
স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে এজন পুৰুষে সন্মূখীন হ'বলগীয়া প্ৰত্যাহ্বানৰ কথা কেতিয়াবা ভাবি চাইছেনে ?
author img

By

Published : Oct 26, 2022, 1:34 PM IST

স্ত্ৰীৰোগ বিশেষজ্ঞ যদি পুৰুষ হয় তেন্তে তেওঁ বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । আয়ুষ্মান খুৰানাৰ ‘ডাক্টৰ জী’ত এই বিষয়টোক অতি ধেমেলীয়া ৰূপত দেখুওৱা হৈছে(Bollywood Film Doctor G) । কিন্তু প্ৰকৃততে পৰিস্থিতি কেনে ধৰণৰ হয় ?, নাৰীৰ সমস্যাৰ চিকিৎসা কৰাৰ সময়ত তেওঁলোকে কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয় ? এই সন্দৰ্ভত স্ত্ৰীৰোগ বিশেষজ্ঞ ড০ হিমাংশু ৰায়ে ‘ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই বিষয়ে বিতংভাৱে জানিবলৈ দিয়ে ।

ডাঃ হিমাংশু ৰায়ে বিগত ২৫ বছৰ ধৰি স্ত্ৰীৰোগ বিশেষজ্ঞ (Gynecologist) হিচাপে কাম কৰি আছে । তেওঁৰ পিতৃ ডাঃ শান্তি ৰায়ো এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু পদ্মশ্ৰী বঁটাপ্ৰাপ্ত(Male Gynecologist in Bihar)।

এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে ?

এই প্ৰশ্নৰ উত্তৰত ডাঃ ৰায়ে কয় যে প্ৰথমাৱস্থাত কিছু সমস্যাৰ সৃষ্টি হয় ৷ কাৰণ মহিলাসকলে এনে সমস্যাৰ বিষয়ে মহিলা চিকিৎসকৰ ওচৰলৈ যোৱাটো পছন্দ কৰে । এজন ব্যক্তিয়ে চিকিৎসকৰ লগত এনে বিষয়বোৰ বিতংভাৱে আলোচনা কৰিবলৈ কুণ্ঠাবোধ কৰে । কিন্তু এতিয়া সময় সলনি হৈছে । এনে নহয় যে কেৱল নাৰীয়েহে নাৰীৰ সমস্যাৰ বিষয়ে বুজি পায় । চিকিৎসকে কেতিয়াও পুৰুষ-মহিলাৰ মাজত পাৰ্থক্য নকৰে । তেওঁ কয় যে, যিদৰে এজন সাংবাদিকক কেৱল সাংবাদিক হিচাপেহে দেখা যায়, ঠিক তেনেদৰে তেওঁৰ বৃত্তিৰ লগত তেওঁৰ লিংগৰ কোনো সম্পৰ্ক নাই ।

struggle-story-of-male-gynecologist-in-bihar
স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে এজন পুৰুষে সন্মূখীন হ'বলগীয়া প্ৰত্যাহ্বানৰ কথা কেতিয়াবা ভাবি চাইছেনে ?

ৰোগীৰ লগতে আত্মীয়কো পৰামৰ্শ দিব লাগিব:

ডাঃ হিমাংশু ৰায়ে কয় যে, প্ৰথম দিনবোৰত তেওঁ ক্লিনিক চলোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল । ৰোগীসকল সোনকালে তেওঁৰ ওচৰলৈ অহা নাছিল । কিন্তু, তেওঁ নিজৰ কামেৰে নিজক প্ৰমাণ কৰিব লগীয়া হৈছিল । ইয়াৰ পিছত এতিয়া তেওঁ প্ৰতিদিনে ১০০ৰ পৰা ১৫০ গৰাকী মহিলা ৰোগীৰ চিকিৎসা কৰে ।

তেওঁ জনোৱা মতে, প্ৰথমাৱস্থাত এই সুবিধা লাভ কৰা মহিলা ৰোগীসকলৰ জৰিয়তে আন বহু ৰোগী তেওঁৰ ওচৰলৈ আহিছিল । আজিও বহু নাৰীয়ে নিজৰ ব্যক্তিগত সমস্যাসমূহৰ বিষয়ে সন্মুখতে ক’বলৈ কুণ্ঠাবোধ কৰে । কিন্তু, এনে অৱস্থাত তেওঁ ৰোগীক পৰামৰ্শ দিয়ে । উপস্থিত থকা মহিলা কৰ্মচাৰীসকলৰ লগতে তেওঁলোকৰ সমস্যাসমূহ ক’বলৈ কোৱা হয় । লাহে লাহে তেওঁলোকৰ সংকোচ ভাঙি তেওঁলোকৰ সমস্যাবোৰ কয় ।

কিছুমান নিৰ্দেশনাৰ প্ৰয়োজন:

যদি কোনো পুৰুষ চিকিৎসকে স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে কাম কৰি আছে, তেন্তে মহিলাসকলক পৰীক্ষা কৰাৰ সময়ত মানি চলিবলগীয়া কিছুমান নিৰ্দেশনা মানি চলিবলৈ চিকিৎসক ৰায়ে জানিবলৈ দিয়ে । সেইটো হৈছে,

  • স্ত্ৰীৰোগ বিশেষজ্ঞৰ পুৰুষ চিকিৎসকে এই পদ্ধতি মানি চলিব লাগিব-
  • ভাৰতীয় আইনত পুৰুষ স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওপৰত কোনো বাধা নাই
  • এগৰাকী মহিলা ৰোগীৰ আভ্যন্তৰীণ পৰীক্ষাৰ(internal check) সময়ত কিছুমান বিশেষ নিৰ্দেশনা দিয়া হয় ।
  • পুৰুষ চিকিৎসকৰ সৈতে এগৰাকী মহিলা নাৰ্ছ, স্বামী বা মহিলাগৰাকীৰ আত্মীয় থকাটো প্ৰয়োজনীয় ।
  • মহিলা ৰোগীৰ আভ্যন্তৰীণ পৰীক্ষাৰ বাবে ৰোগীৰ সন্মতিৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ।
  • পুৰুষ স্ত্ৰীৰোগ বিশেষজ্ঞক নিযুক্তি দিয়াৰ বিৰুদ্ধে অহা গোচৰ সমূহো খাৰিজ কৰিছে আদালতে ।

দেশত পুৰুষৰ বাবে Gynecology বিভাগৰ বাবে অধ্যয়ন নিষিদ্ধ নহয়:

বিশ্বৰ কিছুমান দেশত পুৰুষৰ বাবে Gynecology অধ্যয়ন নিষিদ্ধ । কিন্তু ভাৰতত সকলো ধৰণৰ অধ্যয়ন পুৰুষ-মহিলা উভয়েই কৰিব পাৰে । এতিয়া এই ভ্ৰম লাহে লাহে ভাঙি গৈ আছে যে মহিলা ৰোগীগৰাকী কেৱল মহিলা চিকিৎসকৰ ওচৰলৈহে যাব । এতিয়া ৰোগীসকল অধিক গৈ আছে সেইসকল চিকিৎসকৰ ওচৰলৈ, যাৰ পৰীক্ষাৰ পদ্ধতি ভাল । ৰোগীক সুস্থ কৰাৰ এক বৃহৎ অভিলেখ থকা সেইসকল চিকিৎসকৰ সৈতে চিকিৎসা গ্ৰহণ কৰি আছে।

অৱশ্যে মেট্ৰ’ চহৰ আৰু বিহাৰৰ মাজত পাৰ্থক্য উল্লেখ কৰি ড. ৰায়, মুম্বাই, দিল্লীৰ দৰে চহৰৰ মহিলাসকলে পুৰুষ স্ত্ৰীৰোগ বিশেষজ্ঞৰ সৈতে তেওঁলোকৰ সমস্যাৰ বিষয়ে কথা পাতিবলৈ বৰ্তমান কোনোধৰণৰ কুণ্ঠাবোধ নকৰে । কিন্তু বিহাৰৰ দৰে ৰাজ্যত ই অলপ প্ৰত্যাহ্বানজনক । তেওঁ কয় যে, সেই দ্বিধাদ্বন্দ্বৰ পৰা এতিয়াও বহু নাৰী ওলাই আহিব পৰা নাই ।

লগতে পঢ়ক: Health Tips: উৎসৱ-পাৰ্বণৰ পিছত শৰীৰক ৰোগমুক্ত কৰি ৰাখিবলৈ কি কি কৰা উচিত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.