ধঁপাত সেৱনৰ ফলত মুখ্যতঃ কৰ্কট ৰোগ, হৃদৰোগ, হাঁওফাঁওৰ ৰোগ হয় বুলি জনা যায় যদিও বিশেষজ্ঞসকলে কৈছে যে দৃষ্টিশক্তি হ্ৰাস কৰাৰ ক্ষেত্ৰতো ধঁপাত সেৱনে প্ৰভাৱ পেলায় (Smoking may lead to severe vision loss)। গ্লোবেল এডাল্ট টোবাকো জৰীপ ইণ্ডিয়াৰ তথ্য মতে ভাৰতত প্ৰায় ২৬৭ নিযুত প্ৰাপ্তবয়স্ক লোকে ধঁপাত ব্যৱহাৰ কৰে (About 267 million adults in India use tobacco)।
কেইবাটাও গৱেষণাৰ অন্তত দেখা গৈছে যে ধূমপানৰ ফলত চকুৰ মেকুলাৰ অৱনতি হ'ব পাৰে (Smoking can lead to deterioration of the macula)। গৱেষণাই দেখুৱাইছে যে ধূমপান নকৰা লোকৰ তুলনাত ধূমপান কৰা লোকসকলৰ বয়স-সম্পৰ্কীয় মেকুলাৰ ডিজেনাৰেচন (AMD) হোৱাৰ আশংকা পাঁচৰ পৰা ছয় গুণ বেছি । বয়স-সম্পৰ্কীয় মেকুলাৰ ডিজেনাৰেচন হৈছে এক চকুৰ ৰোগ যাৰ ফলত এগৰাকী ব্যক্তিৰ কেন্দ্ৰীয় দৃষ্টিশক্তি অস্পষ্ট হ'ব পাৰে ।
ধূমপানৰ ফলত চকু জ্বলা-পোৰা কৰিব পাৰে । মুম্বাই ৰেটিনা কেন্দ্ৰৰ ভিট্ৰিঅ'ৰেটিনেল চাৰ্জনৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ অজয় দুদানীয়ে জনোৱা মতে ধূমপানৰ ফলত হ'ব পৰা চকুৰ বিভিন্ন সমস্যাৰ ভিতৰত হৈছে এএমডি, ছানি ধৰা আৰু গ্লুকোমা । এ.এম.ডি. ৰোগীৰ ক্ষেত্ৰত, ধূমপানৰ ফলত মেকুলাৰ পৰা লুটিন হ্ৰাস হোৱাৰ সৈতে ৰেটিনাৰ অক্সিডেটিভ ক্ষতি হয় । ধূমপানৰ ফলত ১০ বছৰৰ পূৰ্বেই এ.এম.ডি. হোৱাৰ আশংকা বৃদ্ধি হ'ব পাৰে ।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ভাৰতত মৃত্যু আৰু বিভিন্ন ৰোগৰ এক মুখ্য কাৰণ হৈছে ধঁপাত সেৱন । সংস্থাৰ মতে ধঁপাত সেৱনৰ ফলত দেশত প্ৰতি বছৰে প্ৰায় ১.৩৫ নিযুত লোকৰ মৃত্যু হয় । ভাৰত হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ধঁপাত সেৱনকাৰী আৰু উৎপাদক দেশ (India is the second largest consumer and producer of tobacco)। দেশত বিভিন্ন ধৰণৰ ধঁপাত জাতীয় সামগ্ৰী অতি কম দামতে উপলব্ধ ।
ভাৰতত ধঁপাত সেৱনৰ আটাইতকৈ প্ৰচলিত প্ৰকাৰ হৈছে ধোঁৱাবিহীন ধঁপাত । এইবোৰ হৈছে খেনি, গুটকা, তামোলৰ সৈতে ধঁপাত আৰু জৰ্দা । আনহাতে ধোঁৱাযুক্ত ধঁপাত হৈছে বিড়ি, চিগাৰেট আৰু হোঁকা ।
এএছজি আই চিকিৎসালয়ৰ (ASG Eye hospital) চিকিৎসা সঞ্চালক ড০ গণেশ পিল্লায়ে কয় যে ধূমপান দৃষ্টিশক্তিৰ বাবে যিমান ক্ষতিকাৰক সিমানেই শৰীৰৰ বাকী অংশৰ বাবেও ক্ষতিকাৰক । বহু ক্ষেত্ৰত চিকিৎসা নকৰিলে বা সময়মতে চিকিৎসা গ্ৰহণ নকৰিলে দৃষ্টিশক্তি গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হ'ব পাৰে । ইয়াৰ উপৰিও, ধঁপাতৰ ধোঁৱাই চকুৰ চাৰিওফালে থকা কোষকলাবোৰো প্ৰভাৱিত কৰিব পাৰে যাৰ ফলত চকুৰ পতা বিকাৰ হয় আৰু চকুৰ তল ফুলিব পাৰে । ৰেটিনাৰ ৰোগৰ ফলত দৃষ্টিশক্তি হ্ৰাস হ'লে সম্পূৰ্ণৰূপে আৰোগ্য কৰিব নোৱাৰি ।
পুনেৰ ইনচাইট ভিজন ফাউণ্ডেচনৰ চিকিৎসা সঞ্চালক ড০ নীতিন প্ৰভুদেশাই লগতে কয় যে যদি সময়মতে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে এনে ধৰণৰ বেছিভাগ ঘটনাই স্থায়ী অন্ধত্বৰ সৃষ্টি কৰিব পাৰে ।
ধূমপানে ডায়েবেটিচৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে (Smoking can increase chances of getting diabetes) আৰু ইতিমধ্যে ডায়েবেটিচৰ সমস্যাত থকা লোকসকলৰ বাবে ইয়াক নিয়ন্ত্ৰণ কৰা অধিক কঠিন হ'ব পাৰে । চিগাৰেটৰ ৰাসায়নিক পদাৰ্থই আপোনাৰ শৰীৰৰ কোষবোৰ ক্ষতিগ্ৰস্ত কৰে । ই কোষবোৰক ইনচুলিনৰ প্ৰতি সঁহাৰি দিয়া বন্ধ কৰে কিয়নো নিকোটিনে আপোনাৰ ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে আৰু সেইবোৰ চম্ভালিবলৈ কঠিন কৰি তোলে । ডায়েবেটিচ থকা লোকসকলে তেওঁলোকৰ ৰক্ত শৰ্কৰা তেওঁলোকৰ লক্ষ্য স্তৰৰ ওচৰত ৰাখিবলৈ প্ৰায়ে বেছি পৰিমাণৰ ইনচুলিনৰ প্ৰয়োজন হয় । ইয়াৰ ফলত ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত অসুবিধা হয়, যাৰ ফলত ডায়েবেটিক ৰেটিনো পেথি আৰম্ভ হ'ব পাৰে ।
অৱশ্যে, যদি সময়মতে ধূমপানৰ দ্বাৰা হোৱা ৰেটিনা ৰোগবোৰ ধৰা পৰে কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি । বিশেষজ্ঞসকলে উল্লেখ কৰিছে যে ইয়াৰ বাবে প্ৰথম কামটো হ'ল "ধূমপান বন্ধ কৰা"। দৃষ্টিশক্তি হ্ৰাস নহ'বলৈ কৰিবলগীয়া কেইটামান কাম হৈছে নিয়মীয়াকৈ চকু পৰীক্ষা কৰা, পুষ্টিকৰ খাদ্য খোৱা আৰু সেউজীয়া শাক-পাচলি, ফল আৰু বেছি পৰিমাণে ভিটামিন C, E আৰু বিটা কেৰোটিন থকা খাদ্য গ্ৰহণ কৰা, ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰা ।
লগতে পঢ়ক :দীঘলীয়া ভ্ৰমণৰ পিছত আপোনাৰ শৰীৰটোক সতেজ কৰি তোলাৰ উপায়