ETV Bharat / sukhibhava

ক্ৰমবৰ্ধমান জল সংকট আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা - কেন্দ্ৰীয় জল সম্পদ মন্ত্রণালয়

ভাৰতে বছৰি প্ৰায় 1170 মিলিমিটাৰ পানী লাভ কৰে আৰু তাৰ এক পঞ্চমাংশও ধৰি ৰাখিবলৈ সক্ষম নহয়, যাৰ বাবে 60 কোটি মানুহে পানীৰ অভাৱত থাকিব লগীয়া হৈ আহিছে ৷ দেশৰ নীতি আয়োগৰ পৰিসংখ্যা অনুসৰি 2050 চনৰ ভিতৰত পানীৰ অভাৱে আমাৰ দেশৰ জি ডি পি 6 শতাংশ কমাই আনিব ৷ এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় জল সম্পদ মন্ত্রণালয়ে এক কৰ্ম পৰিকল্পনা নিৰ্দ্ধাৰণ কৰি উলিয়াইছে, যাক এই বছৰৰ নৱেম্বৰৰ পৰা বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

Self-reliance with rainwater conservation
ক্ৰমবৰ্ধমান জল সংকট আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা
author img

By

Published : Mar 29, 2021, 5:53 PM IST

বিশ্বত জীৱ জন্তুৰ বাবেই নহয় বৰঞ্চ সেউজীয়া বৃদ্ধি কৰাৰ লগতে দেশৰ বহনক্ষম উন্নয়নৰ বাবে পানীয়েই হৈছে জীৱনৰ একমাত্ৰ উৎস ৷

যি সময়ত পৃথিৱীৰ প্ৰায় 210 কোটি মানুহে বিশুদ্ধ খোৱা পানীৰ অভাৱত থাকিব লগীয়া হৈছে আৰু বিশ্বৰ প্ৰায় 40 শতাংশ মানুহ পানীৰ অভাৱত দিন পাৰ কৰিছে, সেই সময়ত ৰাষ্ট্ৰ সংঘই 2018 চনৰ পৰা 2028 লৈকে এই দশকটো জল সংৰক্ষণৰ বাবে কাম কৰাৰ বাবে সকলোকে আহ্বান জনাইছে ।

আমাৰ দেশ ভাৰতবৰ্ষ যদিও সমগ্ৰ বিশ্বৰ মুঠ জনসংখ্যাৰ 18 শতাংশ আৰু প্ৰাণী জগতৰ 15 শতাংশৰ বাসস্থান, তেনে সময়ত মাথো 4 শতাংশ পানীৰ উৎসহে আছে ভাৰতত । ভাৰতে বছৰি প্ৰায় 1170 মিলিমিটাৰ পানী লাভ কৰে আৰু তাৰ এক পঞ্চমাংশও ধৰি ৰাখিবলৈ সক্ষম নহয়, যাৰ বাবে 60 কোটি মানুহে পানীৰ অভাৱত থাকিব লগীয়া হৈ আহিছে ।

দেশৰ নীতি আয়োগৰ পৰিসংখ্যা অনুসৰি 2030 চনলৈ ভাৰতত পানীৰ যি প্ৰয়োজনীয়তা আছে সেয়া বৰ্তমানৰ তুলনাত মাত্ৰ দুগুণ বৃদ্ধি পাব আৰু 2050 চনৰ ভিতৰত পানীৰ অভাৱে আমাৰ দেশৰ জি ডি পি 6 শতাংশ কমাই আনিব । এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় জল সম্পদ মন্ত্রণালয়ে এক কৰ্ম পৰিকল্পনা নিৰ্দ্ধাৰণ কৰি উলিয়াইছে, যাক এই বছৰৰ নৱেম্বৰৰ পৰা বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই পৰিপ্ৰেক্ষিতত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰে বাৰে দোহাৰিছে যে মহাত্মা গান্ধী গ্ৰাম্য নিয়োজন আঁচনিৰ জৰিয়তে বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰিব পৰা যাব পাৰে আৰু এই পৰিকল্পনাৰে সমগ্ৰ দেশৰ 734 খন জিলাৰ ছয় লাখ গাঁৱক এনেদৰে উপকৃত কৰিব পৰা যাব ।

এয়া লক্ষণীয় যে, দেশৰ ভূ-জলস্তৰ খুবেই বিপদজনক ভাৱে 255 খন জিলাৰ 1592 টা খণ্ডত হ্ৰাস পাইছে । তামিলনাডু, ৰাজস্থান, উত্তৰ প্ৰদেশ, তেলেংগানা আৰু আন বহু কেইখন ৰাজ্যত এই ভূ-জলস্তৰ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে । বৰষুণৰ পানী সংৰক্ষণ, পানীৰ উৎস সমূহৰ পৰিশোধন কৰি তাক কৰ্মক্ষম কৰি আৰু পৰিশোধিত পানীৰ পুনৰ ব্যৱহাৰকৰণ, গছ ৰোৱা আদিৰ দৰে কাম সমূহ পৰ্যায়ক্ৰমে কৰা উচিত যিয়ে আমাক সাম্ভাৱ্য পানীৰ অভাৱৰ পৰা সকাহ দিব পাৰে ।

আমি সকলোৱে সৰুতেই পাঠ্য পুথিত পঢ়িছিলোঁ যে সম্ৰাট অশোকে পানী সংৰক্ষণৰ বাবে পুখুৰী খন্দাইছিল । সেয়া আজিৰ সময়ত অতীত যদিও আমাৰ সমাজত পানীৰ উৎস সমূহ কিন্তু ইচ্ছাকৃত ভাৱে একাংশই নষ্ট কৰি অহা পৰিলক্ষিত হৈছে । লগতে বিভিন্ন উন্নয়নমূলক কামেও পানীৰ উৎস সমূহ প্ৰদূষিত কৰা তথা ব্যৱহাৰৰ অনুপযোগী কৰাৰ উদাহৰণ সমাজত দেখিবলৈ পোৱা যায় ।

যদিও আমাৰ দেশত 450 খন নদী আছে, ইয়াৰ অৰ্ধেকতকৈ কম নদীৰ অধিক সংখ্যক পানী ব্যৱহাৰৰ অনুপযোগী । এনে ক্ষেত্ৰত আমাৰ চৰকাৰেও ব্যৱস্থা লোৱা উচিত যাতে উদ্যোগ সমূহৰ পৰা নিৰ্গত হোৱা দূষিত পানীয়ে নদী সমূহৰ পানী প্ৰদূষিত কৰিব নোৱাৰে । আন এক সমীক্ষা মতে দেশত প্ৰায় 3600 কোটি লিটাৰ দূষিত উদ্যোগৰ পানী নদী সমূহত বোৱাই দিয়া হয়, যিয়ে জল প্ৰদূষণৰ সৃষ্টি কৰে । এনে ক্ষেত্ৰত সকলো ৰাজ্যই যদি তেলেংগানাৰ নিচিনাকৈ পানীৰ উৎস সমূহ পুনৰুদ্ধাৰৰ বাবে যুদ্ধকালীন ক্ষিপ্রতাৰে ব্যৱস্থা হাতত লয়, তেন্তে জনসাধাৰণও ইয়াক সহযোগ কৰিব আৰু আমি এই ভয়াৱহ বিপদৰ পৰা হাত সাৰিব পাৰিম ।

তাৰোপৰি পাঁচ দশক পূৰ্বৰ অৱস্থাৰ সৈতে বৰ্তমানৰ তুলনা কৰিলে দেখা যায় যে, বৰষুণৰ মাত্ৰা 24 শতাংশ কমি গৈছে গোলকীয় উষ্ণতাৰ কাৰণে । সেয়েহে দেশসমূহে আগতে নোহোৱা খৰাং অৱস্থাৰ সম্মুখীন হৈছে আৰু ই সমস্যাক আৰু জটিল কৰি তুলিছে । তাৰোপৰি জনে প্ৰতি পানীৰ উপলব্ধতা ক্ৰমাৎ হ্ৰাস পাইছে । এনে ক্ষেত্ৰত ক্ৰমাৎ বৃদ্ধি হৈ থকা এই সমস্যা সমূহৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, স্থানীয় প্ৰশাসনিক ব্যৱস্থা সমূহ আৰু নাগৰিক তথা নাগৰিক সংস্থা সমূহে ইয়াত হাত উজান দি পানীৰ ক্ষেত্ৰত আত্ম নিৰ্ভৰতা গঢ় দিয়াৰ এয়াই হৈছে উচিত সময় ।

আমি সকলোৱে পানী সংৰক্ষণৰ ক্ষেত্ৰত আপোচ বিহীন কাম কৰিব লাগিব য'ত থাকিব দৃঢ়তা আৰু ইয়াৰ বাবে হ'ব লগীয়া ব্যৱস্থা সমূহত থাকিব লাগিব স্বচ্ছতা । তাৰোপৰি সকলো পৰিসংখ্যাই সকলোৱে চাব পৰা হ'ব লাগিব আৰু এই কামত কোনোবা দোষী বিষয়া থাকিলে তেওঁক সঠিক পথলৈ আনি দায়িত্বশীল কৰি তুলিব লাগিব । সঠিক আৰু বিজ্ঞানসন্মত ভাৱে ব্যৱস্থা গ্ৰহণ কৰিলেহে আমাৰ দেশে উপলব্ধ হোৱা 428 টি এম চি ফুট বৰষুণৰ পানীৰ আধাতকৈ অধিক সংৰক্ষণ কৰিবলৈ সক্ষম হ'ব ।

এই ক্ষেত্ৰত ছিংগাপুৰ আৰু ইজৰাইলে গ্ৰহণ কৰি অহা অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ কথাও উল্লেখ কৰিব পাৰি । আৰৱৰ দেশ সমূহেও তেওঁলোকৰ ব্যৱহাৰ কৰা পানীৰ 70 শতাংশই পৰিশোধন কৰি পুণৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিছে আৰু এইয়া হ'ব পাৰে আমাৰ দেশৰ জল সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ পথেয় ।

লগতে পঢ়ক-ইণ্ডোৰ আই আই টিয়ে প্ৰস্তুত কৰি উলিয়ালে তেজৰ কৰ্কট ৰোগৰ ঔষধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.