ETV Bharat / sukhibhava

Sun tan আঁতৰোৱাৰ পাঁচটা ঘৰুৱা প্ৰতিকাৰ - সতেজ নেমুৰ ৰস

সকলোৱে এখন উজ্জ্বল আৰু কোমল ছাল কামনা কৰে ৷ কিন্তু বাহিৰৰ জগতৰ ব্যস্ত জীৱনশৈলীয়ে বহু সময় ধৰি আমাক সূৰ্যৰ ৰশ্মিৰ সংস্পৰ্শত থাকিবলৈ বাধ্য কৰে ৷ ফলস্বৰূপে আমাৰ ছালত চান টেনে ধৰা দিয়ে আৰু নানা বেমাৰে দেখা দিয়ে ৷ কিন্তু চিন্তা নকৰিব, আমাৰ হাতত আছে সকলো সমস্যাৰে প্ৰতিকাৰ ( How to treat sun tan) ৷ আমি আপোনালোকলৈ আগবঢ়াইছো চান টেন আঁতৰোৱাৰ 5 টা ঘৰুৱা উপায়-

tanning
চান টেন আঁতৰোৱাৰ পাঁচটা ঘৰুৱা প্ৰতিকাৰ
author img

By

Published : May 12, 2022, 9:45 PM IST

আমি সহজেই ঘৰুৱা প্ৰতিকাৰৰ সহায়ত সূৰ্যৰ পৰা ক্ষতি হোৱা ছাল পুনৰুজ্জীৱিত কৰিব পাৰোঁ । নিম্নলিখিত ঘৰুৱা প্ৰতিকাৰবোৰেৰে আপুনি চান-টেন হ্ৰাস কৰিবলৈ চেষ্টা কৰিব পাৰে (Home remedies to remove sun tann) । মৰহি পৰা ছালক বিদায় দিয়ক আৰু নিশ্চিন্তে জীয়াই থাকক...!

নেমুৰ ৰস আৰু মৌ(Lemon juice and honey)

নেমুৰ ৰস হৈছে এক প্ৰাকৃতিক ব্লিচিং এজেণ্ট যি চান-টেন আঁতৰ কৰাত সহায় কৰে । সতেজ নেমুৰ ৰস লওঁক আৰু ইয়াত এক টেবল চামুচ মৌ যোগ দিয়ক । ছালৰ মৃত কোষবোৰ আঁতৰাবলৈ আৰু আপোনাৰ ছালখনক লাহেকৈ ঘঁহিবলৈ ইয়াৰ লগত অলপ চেনীও যোগ দিব পাৰে । এই মিশ্ৰণ মুখত লগাই 20-30 মিনিটৰ বাবে শুকুৱালৈ দিয়ক আৰু তাৰ পিছত ধুই পেলাওক ( How to reduce sun damage on skin) ।

বেচন, হালধি আৰু দৈ(Gram flour, turmeric and yogurt)

বেচনে ছালৰ বৰণ পাতল কৰাত সহায় কৰে ৷ আনহাতে হালধি হৈছে এক উৎকৃষ্ট ছাল পলিছিং এজেণ্ট । দৈত লেক্টিক এচিড থাকে যিয়ে আপোনাৰ ছাল কোমল কৰি তোলাত সহায় কৰে । বেচন, দৈ আৰু হালধিৰ পেষ্ট বনাইলৈ ইয়াক ছালত প্ৰয়োগ কৰক । 15 মিনিট ৰখাৰ পিছত ধুই দিয়ক ।

অমিতা, বিলাহী, তৰমুজ, আলু আৰু তিয়ঁহ(Papaya, tomato, watermelon, potato and cucumber)

অমিতা এক্সফলিয়েটিং গুণাগুণেৰে সমৃদ্ধ আৰু ইয়াত প্ৰাকৃতিক এনজাইম থাকে । অমিতা এটা অতি ভাল প্ৰাকৃতিক ব্লিচিং এজেণ্ট । আলুৰ ৰসে কেৱল ব্লিচিং এজেণ্ট হিচাপে কাম কৰাৰ উপৰিও চকুৰ চাৰিওফালে পৰা ডাৰ্ক চাৰ্কলো পাতল কৰে । বিলাহী বোৰ সিহঁতৰ এণ্টিঅক্সিডেণ্ট গুণাগুণৰ বাবে জনাজাত ৷ বিলাহীয়ে ছাল উজ্জ্বল কৰাত সহায় কৰে । তিয়ঁহ হৈছে এক উত্তেজনাপূৰ্ণ কুলিং এজেণ্ট আৰু ই টেন আঁতৰ কৰাত সহায় কৰে । 4 ৰ পৰা 5 টুকুৰা পকা অমিতাৰ কিউব, তৰমুজ, আলু, বিলাহী আৰু তিয়ঁহ লওঁক আৰু জেলীৰ দৰে এটা পেষ্ট বনাওক । পেষ্টটো ফ্ৰিজত 15 মিনিটৰ ৰাখক । এতিয়া এই পেষ্টটো ছালত প্ৰয়োগ কৰক আৰু ছালত শোষিত নোহোৱালৈকে ইয়াক ঘঁহি থাকক ।

দাইল, হালধি আৰু গাখীৰ(Lentils, turmeric and milk)

কেঁচা গাখীৰত মচুৰ দাইল অলপ ৰাতিটো তিয়াই ৰাখিব । হালধিৰে দাইলখিনি মিক্সাৰত খুন্দি এটা পেষ্ট তৈয়াৰ কৰি লওক । এই পেষ্টটো ছালত প্ৰয়োগ কৰক আৰু শুকান হোৱাৰ পিছত ইয়াক লাহে লাহে ধুই পেলাওক ।

কফি আৰু নাৰিকল তেল আৰু চেনী(Coffee and coconut oil and sugar)

কেফেইনৰ উপযোগিতাৰ সৈতে ছালৰ বাবে কফিৰ বহুতো লাভালাভ আছে । ডি-টেনিং গুণাগুণৰ উপৰিও, কফিয়ে শালমইনা আঁতৰ কৰাত সহায় কৰে । কফিয়ে মুখৰ ফাইন লাইনছো হ্ৰাস কৰাত সহায় কৰে । আনহাতে, নাৰিকল তেলে ছালক আৰ্দ্ৰতা প্ৰদান কৰে । কফি পাউডাৰ, নাৰিকল তেল আৰু চেনীৰ এটা ডাঠ পেষ্ট বনাওক আৰু 10 মিনিটৰ বাবে স্ক্ৰাব কৰক । তাৰ পিছত ১০ মিনিটৰ বাবে ৰাখি মুখ ধুই দিয়ক ।

লগতে পঢ়ক: 8 টা যোগাসনে ওজন হ্ৰাস কৰাত যথেষ্ট সহায় কৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.