ETV Bharat / sukhibhava

সুস্থ স্বাস্থ্য দীঘলীয়া জীৱনৰ চাবি-কাঠি - rule for longer healthier life

সুস্থ স্বাস্থ্যৰ অধিকাৰী হোৱাৰ মূল কৌশল হৈছে পৰ্যাপ্ত পৰিমাণৰ খাদ্য গ্ৰহণ ৷ পৰ্যাপ্ত পৰিমাণৰ খাদ্যই সুস্থ স্বাস্থ্যৰ লগতে সুস্থ মানসিকতা আৰু জীৱন দীৰ্ঘায়ু কৰে ৷

সুস্থ স্বাস্থ্য দীঘলীয়া জীৱনৰ চাবি-কাঠি

author img

By

Published : Mar 5, 2021, 2:04 PM IST

১/ সুস্থ আৰু এটা দীঘলীয়া জীৱন পাবলৈ ‘দিনত পাঁচবাৰ’ নীতি অনুসৰণ কৰক:

সমগ্ৰ বিশ্বজুৰি প্ৰায় ২০ লক্ষ প্ৰাপ্ত বয়স্ক লোকক প্ৰতিনিধিত্ব কৰা লোকৰ ওপৰত চলোৱা এক ন অধ্যয়ন অনুসৰি, আপুনি যদি এটা দীঘলীয়া আৰু সুস্থ জীৱন জী-বলৈ কোনো যাদুকৰী ঔষধ বিচাৰি চলাথ কৰিছে; তেন্তে দিনত ফলমূল আৰু সেউজীয়া শাক-পাচলি পাঁচবাৰকৈ খাবলৈ চেষ্টা কৰক ৷ ইয়াৰে আপুনি ফলমূল খাব দুবাৰ আৰু বাকী তিনিবাৰত খাব শাক-পাচলি ৷

অধ্যয়নটোত অংশগ্ৰহণকাৰী সকলৰ যি সকলে দিনে দুবাৰকৈ ফলমূল আৰু শাক পাচলি গ্ৰহণ কৰিছিল তেওঁলোকৰ তুলনাত যি সকলে দিনে পাঁচবাৰকৈ ফলমূল আৰু শাক-পাচলি গ্ৰহণ কৰিছিল তেওঁলোকৰ যি কোনো কাৰণতেই হ’ব পৰা সাম্ভাব্য মৃত্যুৰ আশংকা আছিল ১৩ শতাংশ কম ৷ আনহাতে হৃদৰোগ সমূহ তথা পক্ষাঘাতকে ধৰি হৃদয়জনিত ৰোগ হোৱাৰ আশংকা আছিল ১২ শতাংশ কম; কেঞ্চাৰ হৈ মৃত্যু হোৱাৰ আশংকা আছিল ১০ শতাংশ কম আৰু ‘ক্ৰনিক অবষ্ট্ৰাকটিভ পালম’নেৰী ডিজিজ’ (চি অ’ পি ডি)ৰ দৰে শ্বাস-প্ৰশ্বাস জনিত ৰোগ হোৱাৰ আশংকা আছিল ৩৫ শতাংশ কম ৷

অধ্যয়নটোৱে ‘দিনে পাঁচবাৰ’ প্ৰমাণ ভিত্তিক জনস্বাস্থ্য সংক্ৰান্তীয় সংক্ষিপ্ত বাৰ্তাটোৰ পোষকতা কৰে লগতে ফলমূল আৰু শাক-পাচলিৰ গ্ৰহণ কৰাৰ সৰ্বোত্তম স্তৰ হিচাপে চিহ্নিত কৰে ৷ অৰ্থাৎ জনসাধাৰণে প্ৰতি দিনে পাঁচবাৰকৈ ফলমুল আৰু শাক-পাচলি গ্ৰহণ কৰা উচিত ৷ “এমেৰিকান হাৰ্ট এছ’ছিয়েশ্বনৰ দৰে সন্থা সমূহে দৈনিক চাৰিবাৰকৈ ফলমূল আৰু সেউজীয়া শাক- পাচলি গ্ৰহণ কৰাৰ পৰামৰ্শ দিছে ৷ তেনেস্থলত দৈনিক ফলমূল আৰু শাক-পচলি গ্ৰহণ কৰাৰ গ্ৰহণযোগ্য পৰিমাণ কিমান লগতে কোনবোৰ ফলমূল তথা শাক-পাচলি খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব সেই সম্পৰ্কত সাধাৰণ জনতালৈ ভুল বাৰ্তা প্ৰেৰণ কৰা হ’ব ৷”

হাৱাৰ্ড চিকিৎসা বিদ্যালয়ৰ চিকিৎসা বিভাগৰ সদস্য, অধ্যয়নৰ প্ৰমূখ লেখক ডং ডি ৱাঙে এনেদৰে কয় ৷ ১ লক্ষতকৈও অধিক প্ৰাপ্তবয়স্ক লোকক ৩০ বছৰ ধৰি পৰ্যবেক্ষণ কৰি সম্পন্ন কৰা অধ্যয়ন দুটাৰ পৰা লাভ কৰা তথ্য সমূহ ৱাং আৰু তেওঁৰ সহযোগী সকলে বিশ্লেষণ কৰিছিল ৷ এই বিশ্লেষণৰ বাবে গৱেষক সকলে উত্তৰ আৰু দক্ষিণ আমেৰিকা, ইউৰোপ, এছিয়া, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ বিভিন্ন অঞ্চলৰ ২৯ খন ৰাষ্ট্ৰৰ প্ৰায় ১৯ লক্ষ অংশ গ্ৰহণকাৰীক লৈ সম্পন্ন কৰা ২৬ টা অধ্যয়নৰ পৰা তেওঁলোকৰ ফলমূল আৰু সেউজীয়া শাক গ্ৰহণ কৰা লগতে মৃত্যুৰ তথ্যও সংগ্ৰহ কৰিছিল ৷ সমগ্ৰ বিশ্লেষণ কেইটাৰ পৰা উন্মোচিত হৈছে যে দৈনিক পাঁচবাৰকৈ ফলমূল আৰু সেউজীয়া শাক গ্ৰহণ কৰা সকলৰ বাকী সকলৰ তুলনাত মৃত্যুৰ আশংকা আছিল কম ৷

“দৈনিক পাঁচবাৰতকৈ অধিক আহাৰ গ্ৰহণ কৰা কাৰ্য অতিৰিক্ত ভাৱে লাভান্বিত হোৱাৰ লগত সম্পৰ্কিত নাছিল ৷ দৈনিক দুবাৰকৈ ফলমূল আৰু তিনিবাৰকৈ সেউজীয়া শাক গ্ৰহণ কৰাটোহে দীৰ্ঘায়ুৰ লগত সাঙুৰ খাই আছিল৷” ‘এমেৰিকান হাৰ্ট এছ’ছিয়েশ্বন’ৰ গুৰুত্বপূৰ্ণ আলোচনী ‘ছাৰ্কুলেশ্বন’ত প্ৰকাশ পোৱা অধ্যয়নটোত এনেদৰে কোৱা হৈছে ৷ ফলমূল আৰু শাক-পাচলি হিচাপে বিবেচিত হোৱা সকলো আহাৰেই একে ধৰণেৰে উপকাৰ সাধন নকৰিবও পাৰে ৷

উদাহৰণ স্বৰূপে শ্বেতসাৰযুক্ত শাক-পাচলি যেনে মটৰ আৰু গোমধান, ফলৰ ৰস আৰু আলু, সকলো কাৰণ, বিশেষকৈ চিৰকলীয়া ৰোগবোৰৰ পৰা হ’ব পৰা মৃত্যুৰ আশংকা হ্ৰাস হোৱাৰ লগত জৰিত নাছিল ৷ আনহাতে, পালেঙকে ধৰি লেট্টুছ আৰু কালেৰ দৰে সেউজীয়া শাক আৰু অধিক বিটা কেৰ’টিন আৰু খাদ্যপ্ৰাণ ‘চি’ যুক্ত ফলমূল আৰু সেউজীয়া শাক যেনে বগৰী জাতীয় টেঙেছি ফলবোৰ, গাজৰ আদিৰ পৰা উপকাৰ হোৱাতো দেখা পোৱা গৈছিল ৷

“আমেৰিকা যুক্তৰাষ্ট্ৰৰ পুৰুষ আৰু মহিলাৰ দুটা সমূহৰ পৰা পোৱা ফলাফলৰ বিশ্লেষণ, সমগ্ৰ বিশ্বজুৰি ২৬ খন ৰাষ্ট্ৰৰ ২৬ টা গোটৰ পৰা পোৱা ফলাফলৰ লগত একেই আৰু ইয়াৰ পৰা বুজিব পাৰি যে ই আমাৰ অনুসন্ধানৰ ‘বায়ল’জিকেল প্লছিবিলিটিক’ সমৰ্থন কৰে আৰু ইয়াৰ পৰা পোৱা নিষ্কৰ্ষ সমূহ ব্যাপক জনসংখ্যাৰ ক্ষেত্ৰতো প্ৰযোজ্য ৷” ৱাঙে এইদৰে কয় ৷

2/ কেনেকৈ একোটা চিন্তা বা যুক্তি ৰোগত পৰিণত হ’ব পাৰে:

(আই এ এন এছ লাইফ) যেতিয়া আমি ইংৰাজীৰ ‘ডিজিজ’ শব্দটোক ভাঙি চাওঁ, আমি পাওঁ ‘ডিচ’ আৰু ‘ইজ’(প্ৰশান্তি) অৰ্থাৎ কিবা এটা আৰামত (ইজ) থকা নাই ৷ আপোনাক আমনি কৰা যিকোনো কথাই অপোনাক বেমাৰী কৰিব পাৰে ৷ আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰা যিকোনো কাৰকেই অপোনাক ৰোগীয়া কৰিব পাৰে ৷ এজন সাধাৰণ মানুহে খালি চকুৰেই এনে সমস্যা সমূহ প্ৰত্যক্ষ কৰিব পাৰে ৷ উদাহৰণ স্বৰূপে, তীক্ষ্ন জৰ, যি তাপমান জুখিয়ে চাব পাৰি নাইবা কেঞ্চাৰ নতুবা মধুমেহ; এই সকলোবোৰেই হৈছে একো একোটা শাৰীৰিক সমস্যা ৷

চমুকৈ ক’বলৈ হ’লে আমি আমাৰ খালি চকুৰে যি প্ৰত্যক্ষ কৰিব পাৰোঁ বা অনুভুৱ কৰিব পাৰোঁ সেইয়া হৈছে শাৰীৰিক সমস্যা ৷ যিহেতু আমি কেতিয়াও দেখা নাপাওঁ, সেয়ে আমি মানসিক স্বাস্থ্যক শাৰীৰিক স্বাস্থ্যতকৈ গুৰুত্বপূৰ্ণ বুলি কেতিয়াও বিবেচনা কৰা নাই ৷ কোনো এক চিন্তা বা যুক্তিয়ে কেনেকৈ ৰোগৰ ৰূপ লয় সেই বিষয়ে ক’বলৈ যাওঁতে মই এটা উদাহৰণৰ উদ্ধৃতি দিব বিচাৰিম ৷ যেতিয়া কোনো এজন ব্যক্তিয়ে কিবা এষাৰ কয়; তেতিয়া শ্ৰুতা ব্যক্তিজনে যদি সেইষাৰ কথা ভাল নাপাই বা বুজিব নোৱাৰে তেতিয়া ই সেই ব্যক্তিজনৰ শৰীৰৰ কোষবোৰক বিচলিত কৰি তুলিব ৷

এনে মূহুৰ্তত দ্বিতীয় ব্যক্তিজনৰ শাৰীৰিক অৱস্থা তিনিটা ‘এফ’ স্তৰৰ মাজেৰে পাৰ হয়— ফ্লাইট (উৰণ), ফাইট (বিবাদ) আৰু ফ্ৰীজ (জঠৰ) ৷ এই পৰিস্থিতিত দ্বিতীয় ব্যক্তিজনে হয় প্ৰত্যুত্তৰ (ফাইট) দিব নাইবা তাৰ পৰা পলায়ন কৰিব (ফ্লাইট) বা জঠৰ হৈ ৰৈ যাব (ফ্ৰীজ) ৷ এই তিনিও স্থিতিয়েই শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব ৷ আৰম্ভণিতে এই তিনিওটা স্তৰেই মানসিক সমস্যা ৰূপে দেখা দিয়ে ৷

কিন্তু যদি ই সময় থাকোতেই ভাল নহয় তেনেহ’লে ই শাৰীৰিক সমস্যাৰ ৰূপ ল’ব ৷ সাম্প্ৰতিক সময়ত যুৱতী সকলে নিজৰ শাৰীৰিক অবয়ৱৰ বাবে তাচ্ছিল্যৰ সন্মুখিন হ’ব লগীয়া হয় ৷ এনে ক্ষেত্ৰত নিজৰ শাৰীৰিক গঠন বা আকৃতিৰ ওপৰত কৰা কোনো বিৰূপ মন্তব্যই আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যত ব্যাপক প্ৰভাৱ পেলাব পাৰে ৷ কেতিয়াবা, কোনো ব্যক্তিয়ে তেওঁক কৰা এনে মন্তব্য বা তেনে মানসিকতাৰ প্ৰত্যুত্তৰ কেনেকৈ দিব লাগে বুজি নাপাই ৷ এনে অবদমন কেঞ্চাৰ বা টিউমাৰৰ কাৰণো হ’বগৈ পাৰে ৷

যেতিয়া আপুনি ভাবি থকা কথাখিনি বা আপোনাৰ শৰীৰে কেনেকুৱা অনুভৱ কৰি আছে তাক যথোচিত সময়ত প্ৰকাশ কৰিবলৈ সক্ষম নহয়; তেতিয়া, এই অৱস্থাই আপোনাৰ কোষবোৰ আৰু পানীৰ উপাদানবোৰ নষ্ট কৰি পেলাব আৰু অৱশেষত ইয়াক শাৰীৰিক ৰূপত প্ৰত্যক্ষ কৰিবলৈ পাব ৷ এনে অবাঞ্চিত আৱেগবোৰৰ পৰা হাত সাৰি থকাৰ কেইটামান কৌশল তলত দিয়া হ’ল -

ক) যথেষ্ট পৰিমাণে পানী সেৱন কৰিব:

যদি আপোনাৰ শৰীৰে কোনো ধৰণৰ অবাঞ্চিত চিন্তা-ভাবনাৰ ফলত অস্বস্তিত ভূগিছে তেনেহ’লে তৎক্ষণাত এগিলাছ পানী সেৱন কৰক ৷ ইয়াৰ কাৰণ হ’ল, যি মূহুৰ্তত কোনো চিন্তা আপোনাৰ শৰীৰলৈ আহে সেই মূহুৰ্তত ই কম্পনৰ ৰূপত শ্ৰৱণ স্নায়ুৰ মাধ্যমেৰে স্পন্দিত হৈ মগজুৰ চতুৰ্থ স্তৰ অৰ্থাৎ শ্ৰৱণ মস্তিষ্ক পাইগৈ ৷ পানী সেৱনে ততালিকে শৰীৰৰ ক্ষতিগ্ৰস্থ কোষবোৰ আৰোগ্য কৰি তুলিব আৰু ইয়াৰ পাচত শৰীৰৰ পৰা চিন্তাবোৰ ওলাই যাবলৈ দিব ৷

খ) আপোনাৰ আৱেগ-অনুভূতিক সাৱলিলতাৰে প্ৰকাশ কৰক:

যেতিয়া কোনোবাই আপোনকা বেয়াকৈ কয়; সেই বিষয়ে আপুনি কি ভাৱে মুকলিকৈ ক’বলৈ চেষ্টা কৰক আৰু আপুনি যাতে ওলোতাই কৰ্কষতাৰে প্ৰত্যুত্তৰ নিদিয়ে তাৰ প্ৰতি ধ্যান দিব ৷ সাৱলিলতাৰে বাৰ্তা বিনিময় কৰিবলৈ চেষ্টা কৰক ৷ আনকি আপুনি যদি বল প্ৰয়োগ কৰিও আত্মপ্ৰকাশ কৰিছে, তথাপি মনত ৰাখিব যে অপোনাৰ কন্ঠস্বৰ আৰু শব্দবোৰ প্ৰয়োগ কৰোঁতে আপুনি স্পষ্টতা প্ৰদৰ্শন কৰিছে ৷

গ) পখিলাৰ দৰে মণিবন্ধত চপৰিয়াওক:

যেতিয়াই আপুনি কোনো চিন্তাৰ ফলত অস্বস্তিত ভূগিব; এটা কাম কৰিব ৷ পখিলাৰ পাখি দুখনৰ দৰে মণিবন্ধত চাপৰ মাৰিব ৷ এইটো এটা ই এফ টি (ইম’শ্ব’নেল ফ্ৰীডম টেকনিক) কৌশল ৷ কোনো অপ্ৰিতীকৰ আৱেগ দূৰ কৰিবলৈ ই খুবেই কাৰ্যকৰী কৌশল ৷

ঘ) উশাহ নিশাহ:

অতীতৰ কোনো স্মৃতিয়ে যেতিয়াই চিন্তাক উদ্বেলিত কৰি ব্যতিব্যস্ত কৰে তেতিয়া এই কৌশলৰ আশ্ৰয় লোৱা হয় ৷ যেতিয়াই আপুনি অতীতৰ কোনো অসহজ স্মৃতিৰ বিষয়ে চিন্তা কৰিবলৈ আৰম্ভ কৰে; ঘনাই উশাহ নিশাহ লোৱাৰ প্ৰক্ৰিয়াটো কৰিব ৷ ই আপোনাৰ শৰীৰৰ পৰা অতিৰিক্ত বিষাক্ততা দূৰ কৰি দিব ৷

মনোবৈজ্ঞানিক কাৰণতেই মানসিক স্বাস্থ্যক এক গুৰুত্বপূৰ্ণ বিষয় বুলি বিবেচনা কৰা নহয় ৷ আমাৰ মানসিক স্বাস্থ্যক পৰীক্ষা কৰাৰ এইয়াই উপযুক্ত সময় ৷ তেতিয়াহে আমি চিকিৎসক বা মনোৰোগ বিশেষজ্ঞক আমাৰ পৰা বহু যুজন দূৰৈত ৰাখিব পাৰিম ৷ (অঞ্জু শৰ্মা এগৰাকী মানসিক সংস্কাৰক, শব্দ আৰু শক্তি বিশেষজ্ঞ, ৱেলনেছ-হলিষ্টিক প্ৰশিক্ষক, আন্তৰাষ্ট্ৰীয় প্ৰবক্তা তথা সাংগিতিক শুশ্ৰূষা সন্থা “ছাউণ্ড অৱ ইনফিনিটি”ৰ প্ৰতিষ্ঠাতা ৷

৩/ সৰু ল’ৰা-ছোৱালীবোৰে অধিক ‘স্ক্ৰীণ সময়’ অতিবাহিত কৰাটো কম সময়ত অধিক আহাৰ গ্ৰহণ কৰাৰ লগত সম্পৰ্কিত হৈ আছে:

(আই এ এন এছ) নতুন অধ্যয়ন এটাত পোৱা গৈছে যে ৯ ৰ পৰা ১০ বছৰ বয়সৰ যিবোৰ লৰা-ছোৱালীয়ে ছ’শ্বেল মিডিয়াত বা টিভি চাই অত্যধিক সময় কটাই তেনে ল’ৰা-ছোৱালীৰ মাজত এবছৰৰ ভিতৰত ‘অত্যধিক আহাৰ গ্রহণৰ ব্যাধি’ৰ সম্ভাৱনাই দেখা দিব পাৰে ৷

খাদ্যাভাস ব্যাধি সম্পৰ্কীয় আন্তৰাষ্ট্ৰীয় আলোচনীত প্ৰকাশ পোৱা অধ্যয়নটোৰ অনুসন্ধানত পোৱা গৈছিল যে ছ’শ্বেল মিডিয়াত কটোৱা প্ৰতিটো ঘন্টাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শিশু সকলৰ মাজত এবছৰৰ ভিতৰত ‘অত্যধিক খাদ্য গ্ৰহণ ব্যাধি’ হোৱাৰ আশংকা ৬২ শতাংশলৈ বৃদ্ধি কৰাৰ সৈতে জড়িত হৈ আছিল ৷ এই অধ্যয়নটোতে পোৱা গৈছিল যে, দূৰদৰ্শন বা চিনেমা চাই কটোৱা অতিৰিক্ত প্ৰতিটো ঘন্টাই এবছৰৰ ভিতৰত ‘অত্যধিক খাদ্য গ্ৰহণৰ ব্যাধি’ৰ আশংকা ৩৯ শতাংশলৈ বৃদ্ধি কৰিব পাৰে ৷

‘অত্যধিক খাদ্য গ্ৰহণৰ ব্যাধি’ হৈছে অতি কম সময়ৰ মূৰে মূৰে অধিক পৰিমাণে আহাৰ গ্ৰহণ কৰি থকা ৷ ইয়াৰ পৰিমাণ স্বৰূপে খাদ্য গ্ৰহণ কৰি থকাৰ সময়ত আত্মনিয়ন্ত্ৰণ হেৰুওৱা আৰু পাচলৈ নিজৰ কাৰ্যৰ বাবে লজ্জিত বা অনুতপ্ত হোৱাৰ দৰে ঘটনা ঘটিব পাৰে ৷ এই ব্যাধি যদি মধুমেহ আৰু হৃদৰোগৰ কাৰণ হৈ পৰে তেনেহ’লে পাচলৈ ই জীৱনলৈ ভাবুকিও আনিব পাৰে ৷

‘অত্যধিক খাদ্য গ্ৰহণৰ ব্যাধি’ত ভূগি থকা লোক সকল অধিক বা স্বাভাৱিক ওজনৰো হ’ব পাৰে৷ কিন্তু ‘বুলিমিয়া’ত ভূগি থকা সকলৰ দৰে তেওঁলোকে বমি কৰি উলিয়াই দিয়া, প্ৰশমক ব্যৱহাৰ কৰি নাইবা অত্যধিক ব্যায়াম কৰি ইয়াৰ ক্ষতিপূৰণ নকৰে ৷ তেওঁলোকে প্ৰায়ে অকলসৰে নাইবা লুকাই-চুৰকৈ খাদ্য গ্ৰহণ কৰে আৰু উদৰ পূৰ হৈ অস্বস্তিত নপৰালৈকে খাদ্য গ্ৰহণ কৰে৷’

“ল’ৰা-ছোৱালীবোৰে ম’বাইল আদিত কোনো অনুষ্ঠান দৰ্শন কৰি থকা অৱস্থাত আওকনীয়া হৈ অত্যধিক আহাৰ গ্ৰহণ কৰিব পাৰে ৷ তেওঁলোকে দূৰদৰ্শন আদিত দিয়া খাদ্যৰ বিজ্ঞাপনবোৰৰ পৰাও অধিক খোৱাৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে ৷” প্ৰমূখ লেখক, কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ছান ফ্ৰাঞ্চিস্ক’ৰ জেছন নাগাটাই এইদৰে কয় ৷ “টিভি চাই থকাৰ সময়ত আওকনীয়া হৈ অত্যধিক আহাৰ গ্ৰহণ কৰা আৰু খাদ্য গ্ৰহণত নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত অত্যধিক টিভি চোৱা কাৰ্যই ‘অত্যধিক খাদ্য গ্ৰহণৰ অভ্যাস’ৰ জন্ম দিব পাৰে ৷”

বিশেষজ্ঞ সকলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মগজু বিকাশৰ ক্ষেত্ৰত সম্পন্ন কৰা আটাইতকৈ দীঘলীয়া অধ্যয়ন, বয়ঃসন্ধি কালৰ মগজুৰ বোধশক্তি বিকাশৰ অংশ ৯-১০ বছৰীয়া ১১,০২৫ টি শিশুৰ ওপৰত চলোৱা অধ্যয়নৰ পৰা পোৱা তথ্য বিশ্লেষণ কৰিছিল ৷ তথ্যবোৰ সংগ্ৰহ কৰা হৈছিল ২০১৬-২০১৯ চনৰ পৰা ৷ শিশু সকলে দূৰদৰ্শন, চ’চিয়েল মিডিয়া আৰু টেক্সটিঙকে ধৰি ভিন্ন ভিন্ন ছখন ‘স্ক্ৰীণ’ৰ সময়সূচীৰ ওপৰত উত্তৰ সমূহ দিছিল ৷ অভিভাৱক সকলে ল’ৰা-ছোৱালী সকলৰ ‘অত্যধিক খাদ্য গ্ৰহণ’ৰ অভ্যাসৰ বিষয়ে, বিশেষকৈ কিমান সঘনাই আহাৰ গ্ৰহণ কৰে আৰু তেওঁলোকৰ আহাৰ গ্ৰহণৰ ধৰণ কেনেকুৱা সেই বিষয়ে উত্তৰ দিছিল ৷

“চ’চিয়েল মিডিয়াৰ প্ৰতি অত্যধিক আকৰ্ষিত হোৱা আৰু অ-প্ৰাপ্য শাৰীৰিক অবয়বক আদৰ্শ হিচাপে গ্ৰহণ কৰা আদিয়ে এক নেতিবাচক শাৰীৰিক প্ৰতিচ্ছবিৰ দিশে লৈ যাব পাৰে আৰু যাৰ ফলশ্ৰুতি হ’ল ‘অত্যধিক খাদ্য গ্ৰহণৰ ব্যাধি’ ৷” ট’ৰ’ন্ট’ বিশ্ববিদ্যালয়ৰ “ফেক্টৰ-ইনৱেন্টাশ্ব ফেকাল্টি অৱ চ’চিয়েল ৱৰ্ক”ৰ সহকাৰী অধ্যাপক তথা জ্যেষ্ঠ লেখক কাইল গেনছনে কয় ৷ “এই অধ্যয়নটোৱে ‘স্ক্ৰীণ সময়ে’ কেনেকৈ যুৱচামৰ সু-স্বাস্থ্যত বৰ্তমান আৰু অনাগত দিনবোৰত প্ৰভাৱ বিস্তাৰ কৰিব; সেই বিষয়ে গৱেষণা কৰাৰ ওপৰত জোৰ দিয়ে ৷”

৪/ হতাশাই নিচাসক্ত কৰি তুলিব পাৰে:

(আই এ এন এছ) নিচাসক্ত সকলক লৈ কৰা পৰম্পতাগত গৱেষণাই নিচাযুক্ত দ্ৰব্য ব্যৱহাৰৰ তিনিটা দিশ যেনে লালসা, আৱেগ বা অভ্যাসৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিছিল ৷ কিন্তু নকৈ সম্পন্ন হোৱা এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে হতাশাৰ ফলতো নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ প্ৰৱণতা বৃদ্ধি হৈ আসক্তিত পৰিণত হ’বগৈ পাৰে ৷

‘ছাইক’ফাৰ্মাক’লজী’ নামৰ আলোচনীখনত প্ৰকাশ পোৱা অধ্যয়নটোত কোৱা হৈছে যে হতাশাৰ ভূমিকা আৰু নিচাযুক্ত দ্ৰব্য ব্যৱহাৰৰ ওপৰত গৱেষণা বিৰল ৷ কিন্তু কেইটামান গৱেষণাত পোৱা গৈছে যে নিচাসক্ত ব্যক্তিৰ হতাশাৰ প্ৰতি সহনশীলতা কম ৷ গৱেষণাবোৰত উন্মোচিত হৈছে যে নিচাসক্ত লোক সকলৰ ক্ষেত্ৰত হতাশাৰ প্ৰতি থকা তেওঁলোকৰ সংবেদনশীলতা; তেওঁলোকে সাময়িকভাৱে আৰোগ্য লাভ কৰি পুনৰ ৰোগাক্ৰান্ত হোৱাৰ লগত সম্পৰ্কিত ৷ উল্লেখ্য যে শেহতীয়া গৱেষণাটোৰ বাবে গৱেষক সকলে হতাশা সম্পৰ্কীয় আচৰণৰ অধ্যয়নৰ বাবে নিগনিক প্ৰতিভূ হিচাপে ব্যৱহাৰ কৰিছিল ৷

“হতাশা সম্পৰ্কীয় আচৰণৰ উদাহৰণ হিচাপে ক’ব পাৰি যেতিয়া কোনো ব্যক্তিয়ে তেওঁ বিচৰা চেনেলটো টিভিত বিচাৰি নাপাই বা যেতিয়া এটা ইলেভেটৰে গন্তব্য মহলা পাবলৈ যথেষ্ট সময় লয় ৷ এই দুই পৰিস্থিতিতেই লোক জনে বুটমটো বাৰে বাৰে টিপি বা দীঘলীয়া সময়ৰ বাবে বুটম টিপি ধৰি চেষ্টা চলাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷” দ্য ইউনিভাৰ্ছিটি অৱ টেক্সাছ মেডিকেল ব্ৰাঞ্চ এট গালভেষ্টন (ইউ টি এম বি) পৰা থমাছ গ্ৰীণে কয় ৷

“নিগিনিৰ দৰেই হতাশাৰ প্ৰতি মানুহৰ এইয়া সাধাৰণ প্ৰতিক্ৰিয়া ৷ আমাৰ অধ্যয়নটোত নিগনিবোৰক হয়তো ছুক্ৰ’জৰ গুটি নাইবা ‘সিৰাত লোৱা কৃত্ৰিম নিচাযুক্ত দ্ৰব্যৰ মিশ্ৰন’ এপালি বিচাৰি নিৰ্দিষ্ট লিভাৰ এডাল হেঁচিবলৈ প্ৰশিক্ষণ দিয়া হৈছিল ৷ যদি সিহঁতে যি বিচাৰে সেইটো নাপাই, তেনেহ’লে নিগনিবোৰে বাৰে বাৰে লিভাৰডাল হেঁচিছিল আৰু এক দীঘলীয়া সময়লৈকে একেৰাহে হেঁচি ধৰিছিল ৷ অধ্যয়নটোত প্ৰাকশ পাই যে গোটেই নিগনিবোৰেই সিৰাত লোৱা এবিধ কৃত্ৰিম নিচাযুক্ত দ্ৰব্য ফেন্টানিলৰ বাবে লিভাৰ একোডাল হেঁচিছিল ৷ কিন্তু প্ৰায় ১০ শতাংশ নিগনিৰে সাধাৰণ নিগনিবোৰৰ তুলনাত ফেন্টালিন লোৱাৰ প্ৰক্ৰিয়া প্ৰায় দুগুণলৈ বৃদ্ধি হৈছিল ৷

ইউ টি এম বিৰ এগৰাকী পি এইছ ডি প্ৰত্যাশী আৰু কাকতখনৰ প্ৰমূখ লেখক টিলীনা ভাছকুৱেজে এইদৰে কয় ৷ “নিচাযুক্ত দ্ৰব্য লোৱা বৃদ্ধি কৰা নিগনিবোৰে আনকি বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰৱ্য লোৱাৰ পাচতো লিভাৰডাল দীঘলীয়া সময়লৈকে হেঁচিবলৈ এৰা নাছিল (কেইটামান ঘটনাত ১০ মিনিটলৈকে হেচিছিল) ৷

মন কৰিব লগীয়া যে লিভাৰডাল বাৰম্বাৰ হেঁচাৰ পাচতো নিচাযুক্ত দ্ৰব্যৰ যোগান বৃদ্ধি কৰা হোৱা নাছিল ৷” ভাছকুৱেজে কয় ৷

এই অধ্যয়নটোত নিচাযুক্ত দ্ৰব্য গ্ৰহণকাৰী সকলৰ ব্যাধিৰ ওপৰত ভৱিষ্যতে অধ্যয়ন বাবে স্পষ্ট ফচল আছে আৰু ই বিজ্ঞানী সকলক এইটো বুজাত সহায় কৰিব যে কেনেকৈ হতাশা, লালসা, আৱেগিক পৰিস্থিতি আৰু অভ্যাসে নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰা বা সেৱন কৰাত দ্ৰুত বৃদ্ধি ঘটাব পাৰে; গ্ৰীণে এইদৰে কয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.