ETV Bharat / sukhibhava

জানক যকৃতৰ কোষ বৃদ্ধিত Immune Cellsয়ে কিদৰে সহায় কৰে - MedUni Vienna

যকৃতৰ কোষ বৃদ্ধিত বা বুষ্ট প্ৰদান কৰাত ইমিউন চেলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । মেডইউনি ভিয়েনাৰ এটা গৱেষকৰ দলে কৰা গৱেষণাত এই কথা স্পষ্ট হৈ পৰিছে(New role of immune cells in liver regeneration)। সবিশেষ পঢ়ক ৷

Research identifies new role of immune cells in liver regeneration
জানক যকৃতৰ কোষ বৃদ্ধিত Immune Cellsয়ে কিদৰে সহায় কৰে
author img

By

Published : Aug 28, 2022, 4:53 PM IST

যকৃতৰ কোষ বৃদ্ধিত বা বুষ্ট প্ৰদান কৰাত ইমিউন চেলে(Immune Cells) গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । মেডইউনি ভিয়েনাৰ গৱেষকৰ এটা দলে কৰা গৱেষণাত এই কথা স্পষ্ট হৈ পৰিছে । এই গৱেষণাৰ ফলাফল জাৰ্নেল অৱ হেপাট'লজিত প্ৰকাশ পাইছে(New role of immune cells in liver regeneration) ।

এই অধ্যয়নত মেডুনি ভিয়েনাৰ সাধাৰণ অস্ত্ৰোপচাৰ বিভাগৰ ৰুডলফ অ’লাৰ আৰু পেট্ৰিক ষ্টাৰলিংগাৰৰ নেতৃত্বত গৱেষকৰ দলে নিউট্ৰফিলত পূৰ্বতে অজ্ঞাত দ্বৈত কাৰ্য চিনাক্ত কৰিছে । নিউৰ’ট্ৰফিল হৈছে এক প্ৰকাৰৰ শ্বেতৰক্ত কণিকা যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে লগতে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ।

শ্বেত ৰক্তকণিকাৰ এই নিৰ্দিষ্ট বৃদ্ধি যকৃতৰ কলা আঁতৰোৱাৰ পিছত দেখা যায় (আংশিক হেপাটেক্টমী, PHx) আৰু ই পুনৰুৎপাদনৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰা দেখা যায় । বিজ্ঞানীসকলে ইতিমধ্যে জানিছিল যে, PHxৰ পিছত যকৃতৰ পুনৰুৎপাদনত নিউট্ৰফিলে(Neutrophil) গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । অধ্যয়নৰ সময়ত মেডইউনি ভিয়েনাৰ(MedUni Vienna) গৱেষকসকলে কয় যে, এই ৰোগ প্ৰতিৰোধ কোষবোৰে দ্ৰুতগতিত মিউটেচন কৰে আৰু পৰৱৰ্তী সময়ত যকৃতৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় কাৰকসমূহ উৎপন্ন কৰে ।

ৰুডলফ অ’লাৰে কয় যে, আমি নিউট্ৰফিলৰ পুনৰুৎপাদনৰ ক্ষেত্ৰত এক প্ৰতিৰোধ ব্যৱস্থা আৱিষ্কাৰ কৰিছো, যিয়ে সমগ্ৰ শৰীৰৰ কলাৰ ক্ষতি ৰোধ কৰাত অৰিহণা যোগাব পাৰে ৷

যকৃতৰ বিভিন্ন ৰোগৰ বাবে আংশিক হেপাটেক্টমী হৈছে মূল আৰু প্ৰায়ে একমাত্ৰ নিৰাময়কাৰী বিকল্প, বিশেষকৈ কৰ্কট ৰোগৰ বাবে ।

লগতে পঢ়ক : কথাতেই কয় নহয় পুৱা খাবা ৰজাৰ দৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.