আজিৰ দিনত সকলো লোকেই যৌৱন ধৰি ৰাখিব বিচাৰে । বিভিন্ন উপায়েৰে যৌৱন ধৰি ৰখাৰ বাবে চেষ্টা কৰে বহু লোকে । বহুতো প্ৰসাধন সামগ্ৰী, বহুতো ঔষধ আদি ব্যৱহাৰ কৰে যৌৱন প্ৰাপ্ত হৈ থাকিবৰ বাবে । কিন্তু বৃদ্ধ কাল সকলোৰেই আহে । অৱশ্যে এই বৃদ্ধ কাল অহাত কিছু পলম কৰাব পাৰি কিছুমান উপায় অৱলম্বন কৰি । তাৰেই ভিতৰত এবিধ এনে পাচলি আছে, যাৰ যৌৱন ধৰি ৰখাৰ প্ৰচুৰ শক্তি আছে । সেই পাচলি বিধ হৈছে ৰঙালাও(Pumpkins have surprising health benefits for body)।
যি ৰঙালাও দেখি বহু লোকেই নাক কোচাই বা খাবলৈ ইচ্চা নকৰে সেই ৰঙালাওতেই আছে বহু গুণ । বজাৰত দেখিবলৈ পোৱা বিভিন্ন প্ৰজাতিৰ ৰঙালাওতেই পোৱা যায় বহু উপকাৰী গুণ(Health benefits of Pumpkin)।
বিশ্বত ১৫০ বিধৰো অধিক ৰঙালাওৰ প্ৰজাতি পোৱা যায়, সেই সকলোবোৰতেই পোৱা যায় বিভিন্ন ঔষধীয় গুণ । তাৰেই ভিতৰত পটাচিয়াম, আঁহ যুক্ত, আৰু ভিটামিন এ সম্বৃদ্ধ হোৱাৰ বাবে ই অধিক লাভকাৰী শৰীৰৰ বাবে ।
পটাছিয়াম: শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থবোৰৰ ভিতৰত এটা, পটাছিয়াম হৈছে ৰক্তচাপ নিয়ন্ত্ৰণ কৰা আৰু ষ্ট্ৰোক আৰু হৃদৰোগৰ পৰা শৰীৰক সুৰক্ষিত কৰাত গুৰুত্বপূৰ্ণ । পটাছিয়াম সমৃদ্ধ আহাৰে শৰীৰৰ ভিতৰত অতিৰিক্ত ছডিয়াম আঁতৰাই ৰক্তচাপ হ্ৰাস কৰিব পাৰে ।
আঁহ সমৃদ্ধ: প্ৰতিকাপ ৰঙালাওৱে ৩ গ্ৰাম আঁহ প্ৰদান কৰে, যি আমাক পৰিপূৰ্ণ অনুভৱ কৰাত সহায় কৰে । আঁহ সমৃদ্ধ আহাৰ গ্ৰহণ কৰিলে কেৱল গোটেই দিনটো আপোনাৰ শক্তি বৃদ্ধি নহয় কিন্তু লগতে হজম স্বাস্থ্যসমৰ্থন কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে ।
ভিটামিন A: ৰঙালাওত বিটা-কেৰোটিন নামৰ এক শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে যি এবাৰ গ্ৰহণ কৰাৰ পিছত ভিটামিন এলৈ ৰূপান্তৰিত হয় । একাপ ৰঙালাওৱে দৈনিক অনুমোদিত ভিটামিন Aৰ ৮০% ৰো অধিক গ্ৰহণ প্ৰদান কৰে । ভিটামিন Aয়ে দৃষ্টি শক্তি তীক্ষ্ণ ৰাখে ।
তাৰোপিৰ ৰঙালাওত আঁহ থকাৰ বাবে আৰু এণ্টিঅক্সিডেণ্ট থকাৰ বাবে ই ছাল ভালে ৰখাত সহায় কৰে । ইয়াত পোৱা মেগনেছিয়াম, আইৰণ, জিংক, মেংগানিজ আৰু এণ্টিঅক্সিডেণ্টে ছালৰ কোষবোৰক ক্ষতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে । ৰঙালাওত বিটা কেৰোটিন(β Carotene) থাকে যি হৈছে এক অতি শক্তিশালী এণ্টিঅক্সিডেণ্ট যি ছালত যৌৱন ধৰি ৰখাত সহায় কৰে ।
লগতে পঢ়ক: Papaya leafs benefits: স্বাস্থ্যৰ বাবে দুগুণ উপকাৰী অমিতা গছৰ পাত!