ETV Bharat / sukhibhava

Guava Leaves Benefits: কেৱল মধুৰীআমেই নহয় ইয়াৰ পাতৰো আছে অনেক উপকাৰিতা - ডায়েবেটিছ ৰোগ

মধুৰীআমৰ উপকাৰিতাৰ বিষয়ে হয়তো আপুনি নিশ্চয় বহুবাৰ শুনি আহিছে, কিন্তু ইয়াৰ পাতৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে ?

Not only guava but also its leaves have many benefits
কেৱল মধুৰীআমেই নহয় ইয়াৰ পাতৰো আছে অনেক উপকাৰিতা
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 4:19 PM IST

মধুৰীআমৰ পাতৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে ? ডায়েবেটিছ আক্ৰান্ত ৰোগীৰ বাবে এই পাত যথেষ্ট উপকাৰী । মধুৰীআমৰ পাত চাহৰ সৈতে মিহলাই সেৱন কৰিলে বহু ৰোগৰ পৰা উপশম পাব পাৰি ৷ মধুৰীআমৰ পাতত চজিনা পাতৰ দৰেই বিভিন্ন গুণাগুণেৰে ভৰপূৰ বুলি কোৱা হয় । বিশেষজ্ঞৰ মতে মধুৰীআমৰ পাত চাহৰ সৈতে খালে ডায়েবেটিছ ৰোগ হ্ৰাস পায় । অৱশ্যে এদিন দুদিন নহয়, একেৰাহে তিনি মাহ খালেহে ই লাভদায়ক হ’ব ৷

মধুৰীআমৰ কোমল পাতৰ ৰস খালেও ডায়েবেটিছ ৰোগ উপশম হয় । সাধাৰণতে মানসিক চাপৰ পৰা হৃদৰোগ হয় বুলি ভবা হয় ৷ সেয়ে হাৰ্ট ষ্ট্ৰোকৰ পৰা হাত সাৰিবলৈ মধুৰীআমৰ পাতৰ ৰস নিয়মিত খাওঁক । আনহাতে কেন্সাৰ ৰোগীক এই পাতৰ ৰস খুৱালে কেন্সাৰৰ কোষ গঠন প্ৰক্ৰিয়া বন্ধ হয় বুলি কোৱা হয় ৷ বিশেষকৈ ই ব্ৰেষ্ট কেন্সাৰৰ বাবে উপকাৰী । পেটৰ আলচাৰ, গ্ৰহণী, পেটৰ বিষ, ডায়েৰীয়া আদিত কোমল মধুৰীআমৰ পাতৰ ৰস মহৌষধ স্বৰূপ ।

তেজ গ্ৰহণী হ’লে ইয়াৰ পাতৰ ৰস বা কোমল পাত খালী পেটত খালে বহুত উপকাৰ পোৱা যায় । এন্টিবেক্টেৰিয়েল মধুৰীৰ পাতৰ ৰসে পায়েৰীয়া, দাঁতৰ বিষ আদি মুখৰ ভিতৰৰ ৰোগ উপশম কৰে । খাদ্য বিষক্রিয়া হ’লে মধুৰীআমৰ পাতৰ ৰস খুৱাব লাগে । ছালৰ বিভিন্ন বেমাৰত মধুৰিৰ পাতৰ ৰস লগাব পাৰি । পেটৰ সৈতে জড়িত ৰোগত মধুৰীআমৰ তিনি বা চাৰিটা পাত পিহি পানীৰ সৈতে মিহলাই খালে ইয়াৰ পৰা সহজে উপশম পাব পাৰি ।

এলাৰ্জী আদিতো এই মধুৰীআমৰ পাতৰ ৰস যথেষ্ট উপকাৰী । মধুৰীআমৰ পাতৰ চাহ নিয়মিয়াকৈ খালে স্মৃতি শক্তি বদ্ধি হোৱাৰ লগতে, মগজু শীতল হৈ থাকে, চুলি সৰা বন্ধ হয়, ডেংগুৰ জ্বৰ ভাল হয়, গাঁঠিৰ বিষ নিৰাময় হয়, কলেষ্টৰেল কম কৰে আৰু আপুনি নিৰোগী হৈ থাকিব পাৰে ।

লগতে পঢ়ক: Migraine Prevention Tips: মাইগ্ৰেইনৰ ফলত মূৰ ফাটি যোৱা যেন অনুভৱ হয় ? তেন্তে এনেদৰে কৰক নিৰাময়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.