ETV Bharat / sukhibhava

Nipah Virus: নিপাহ ভাইৰাছ বাংলাদেশৰ এটা ভেৰিয়েন্ট, NIVয়ে বাদুলৰ ওপৰত চলাব সমীক্ষা: কেৰালাৰ মন্ত্ৰী - নিপাহ ভাইৰাছ বাংলাদেশৰ এটা ভেৰিয়েন্ট

নিপাহ ভাইৰাছ নিশ্চিত হোৱাৰ পিছত আজি পুনেস্থিত নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ পৰা কেৰালালৈ আহি বাদুলৰ ওপৰত সমীক্ষা চলাব বুলি বিষয়াসকলৰ এক বিবৃতিত প্ৰকাশ পাইছে । ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে কেৰালাত দেখা পোৱা ভাইৰাছৰ প্ৰজাতিটো হৈছে মানুহৰ পৰা মানুহলৈ বিয়পি পৰা বাংলাদেশৰ ভেৰিয়েন্ট ।

NIV teams to arrive in Kerala following Nipah confirmation; virus is Bangladesh variant: Health Minister
নিপাহ ভাইৰাছ বাংলাদেশৰ এটা ভেৰিয়েন্ট, NIVয়ে বাদুলৰ ওপৰত চলাব সমীক্ষা: কেৰালাৰ মন্ত্ৰী
author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 4:26 PM IST

নেশ্যনেল ডেস্ক, 13 ছেপ্টেম্বৰ: কেৰালাত আকৌ এবাৰ বৃদ্ধি পাইছে নিপাহ ভাইৰাছৰ আশংকা । শেহতীয়াকৈ কোঝিকোডে জিলাত নিপাহ ভাইৰাছৰ বাবে দুজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে, তাৰ পিছত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সক্ৰিয় অৱস্থালৈ আহিছে । তাৰ মাজতে, এই ভাইৰাছৰ ভেৰিয়েন্টৰ নতুন আপডেট আহিছে ।

কেৰালা চৰকাৰৰ তথ্য অনুসৰি নিপাহ ভাইৰাছত আক্ৰান্ত চাৰিজনৰ ভিতৰত দুজনৰ মৃত্যু হৈছে । কেৰেলাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে, এইটো নিপাহ ভাইৰাছৰ এক প্ৰকাৰৰ বাংলাদেশৰ ভেৰিয়েন্ট, যিটো এজন ব্যক্তিৰ পৰা আন এগৰাকী ব্যক্তিলৈ বিয়পি পৰে ।

উল্লেখ্য যে, বুধবাৰে বুধবাৰে বিধানসভাত ৰাজ্য চৰকাৰে জনোৱা মতে, নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজী (এন আই ভি), পুনেৰ দলসমূহে দিনৰ ভাগত কেৰালাত উপস্থিত হৈ কোজিকোড মেডিকেল কলেজত নিপাহৰ পৰীক্ষাৰ বাবে এটা মোবাইল লেব স্থাপন কৰিব আৰু বাদুলৰ সমীক্ষা কৰিব । ৰাজ্যৰ কোঝিকোড জিলাত চাৰিজন লোকৰ শৰীৰত নিপাহৰ সংক্ৰমণ নিশ্চিত হোৱাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

কেৰেলাত দেখা পোৱা ভাইৰাছৰ প্ৰজাতিটো হৈছে বাংলাদেশৰ ভেৰিয়েন্ট যিটো এজন মানুহৰ পৰা আন এজন মানুহলৈ বিয়পি পৰে আৰু ইয়াৰ মৃত্যুৰ হাৰ অধিক যদিও সংক্ৰমণৰ হাৰ কম ।

মৃত্যুৰ হাৰ বেছি, সংক্ৰামণৰ হাৰ কম

বিধানসভাত নিপাহৰ সংক্ৰমণ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কেৰেলাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে, এই ভেৰিয়েন্টৰ মৃত্যুৰ হাৰ অতি বেছি, কিন্তু ই কম সংক্ৰামক । জৰ্জে আৰু কয় যে এন আই ভি, পুনেৰ দলসমূহৰ উপৰিও আজি চেন্নাইৰ পৰা মহামাৰী বিশেষজ্ঞৰ এটা দল কেৰেলাত উপস্থিত হৈ এক সমীক্ষা চলাব ।

ইফালে, জৰ্জে নিশ্চিত কৰে যে ৰাজ্যখনৰ কোঝিকোড জিলাত শেহতীয়াকৈ এই ভাইৰাছৰ ফলতে লোকসকলৰ মৃত্যু হৈছিল । সংবাদমাধ্যমৰ প্রতিবেদন অনুসৰি, এই মাহতে ক’ভিড-১৯ত আক্ৰান্ত লোকসকলৰ এজনৰ মৃত্যু হোৱাৰ বিপৰীতে আনজন লোকৰ ৩০ আগষ্টত দিনা মৃত্যু হয় ৷

২০০১ চনত প্ৰথমবাৰৰ বাবে এই ভাইৰাচ ধৰা পৰে

আপোনালোকক জনাই দিও যে, নিপাহ ভাইৰাছৰ বাংলাদেশৰ ভেৰিয়েন্ট প্ৰথমবাৰৰ বাবে বাংলাদেশত ২০০১ চনত চিনাক্ত কৰা হৈছিল । তাৰ পিছৰে পৰা বাংলাদেশ, ভাৰত আৰু মালয়েছিয়াত কেইবাবাৰো ইয়াৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে ।

এনেকৈয়ে ই এজনৰ পৰা আন এজনলৈ বিয়পি পৰে

বাদুলিৰ দৰে সংক্ৰমিত প্ৰাণীৰ লেলাউটি, তেজ বা শৰীৰৰ অন্যান্য তৰল পদাৰ্থৰ সংস্পৰ্শৰ দ্বাৰা এই ভাইৰাছ বিয়পি পৰে বুলি বিশ্বাস কৰা হয় । ইয়াৰ উপৰিও এজন ব্যক্তিৰ পৰা আন এগৰাকী ব্যক্তিলৈ সংক্ৰমণৰ জৰিয়তে এই ৰোগ বিয়পে, আক্ৰান্ত ব্যক্তিয়ে কাহ বা হাঁচি মাৰিলে উৎপন্ন হোৱা শ্বাস-প্ৰশ্বাসজনিত টোপালৰ জৰিয়তেও বিয়পিব পাৰে ।

চতুৰ্থবাৰৰ বাবে কেৰালাত ভাইৰাচৰ সংক্ৰমণ

জানিব পৰা মতে ২০১৮ চনৰ পিছত চতুৰ্থবাৰৰ বাবে কেৰালাত নিপাহ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে । প্ৰথম ২৩ জন আক্ৰান্ত লোকৰ ভিতৰত ২০১৮ চনত প্ৰথমবাৰৰ বাবে নিপাহ কেৰালাত আক্ৰান্ত হোৱাৰ সময়ত ২১ জন লোকৰ মৃত্যু হৈছিল । ইয়াৰ পিছত ২০১৯ আৰু ২০২১ চনত নিপাহে আৰু দুজন লোকৰ প্ৰাণ কাঢ়ি লৈ ​​যায় ।

কোনো ভেকচিন নাই, কোনো চিকিৎসা নাই

এই ভাইৰাছৰ কোনো চিকিৎসা বা ভেকচিন এতিয়াও হোৱা নাই । আক্ৰান্ত বাদুলি, গাহৰি বা আন মানুহৰ শৰীৰৰ তৰল পদাৰ্থৰ প্ৰত্যক্ষ সংস্পৰ্শৰ জৰিয়তে এই ভাইৰাছ মানুহলৈ বিয়পে । ১৯৯৯ চনত মালয়েছিয়া আৰু ছিংগাপুৰত গাহৰি পালক আৰু গাহৰিৰ নিকট সংস্পৰ্শত থকা আন লোকসকলক এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ সময়ত প্ৰথমবাৰৰ বাবে চিনাক্ত কৰা হৈছিল ।

লগতে পঢ়ক: Costochondritis: কষ্টোকণ্ড্ৰাইটিছৰ ফলত বুকুৰ তীব্ৰ বিষ তথা অস্বস্তি হ’ব পাৰে, বিশেষজ্ঞৰ পৰা বিতংভাৱে জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.