ETV Bharat / sukhibhava

শৰীৰত এই লক্ষণ দেখা দিলে হওক সাৱধান! হ’ব পাৰে আপোনাৰ যকৃতৰ ক্ষতি

Liver Disease: ফেটি লিভাৰত ভূগি থকা ব্যক্তি এজনৰ হজম ক্ষমতাও দুৰ্বল হৈ পৰে ৷ আপোনাৰ লিভাৰৰ ৭৫ শতাংশ ক্ষতিগ্ৰস্ত হ'লে শৰীৰত কেতবোৰ লক্ষণে দেখা দিয়ে ৷ এই লক্ষণসমূহ জানি লও আহক-

Liver Disease: Signs & Symptoms, Causes, Stages
শৰীৰত এই লক্ষণ দেখা দিলে হওক সাৱধান! হ’ব পাৰে আপোনাৰ যকৃতৰ ক্ষতি
author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 5:04 PM IST

যকৃত বা লিভাৰ আমাৰ শৰীৰৰ অন্যতম এক গুৰুত্বপূৰ্ণ অংগ ৷ কিন্তু দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে লিভাৰ চৰ্বিযুক্ত হৈ ইয়াৰ আকাৰ নিৰন্তৰভাৱে বৃদ্ধি হৈ গৈ থাকে ৷ যাক ফেটি লিভাৰ বুলি কোৱা হয় ৷ ফেটি লিভাৰত ভুগি থকা ব্যক্তি এজনৰ হজম ক্ষমতাও দুৰ্বল হৈ পৰে ৷ ইয়াৰ ফলত লিভাৰৰ অৱস্থাও ক্ৰমান্বয়ে অৱনতি হ'বলৈ ধৰে ৷ এনে হ'লে লিভাৰ সংৰোপণৰ বাহিৰে আন কোনো উপায় নাই ৷ আপোনাৰ লিভাৰৰ ৭৫ শতাংশ ক্ষতিগ্ৰস্ত হ'লে শৰীৰত কেতবোৰ লক্ষণে দেখা দিয়ে ৷ এই লক্ষণবোৰ হৈছে-

  • শৰীৰত দুৰ্বল আৰু ভাগৰ অনুভৱ কৰা
  • খাদ্য হজম কৰাৰ ক্ষমতা হ্ৰাস
  • ওজন হ্ৰাস
  • পেটৰ বিষ
  • সোঁফালে পেটৰ ওপৰভাগ ফুলা
  • ওকালি অহা

বিশেষজ্ঞসকলৰ মতে, ফেটি লিভাৰৰৰ আৰম্ভণিতে কোনো লক্ষণ নাথাকে ৷ কিন্তু যেতিয়া আপোনাৰ লিভাৰৰ অধিকাংশই ক্ষতিগ্ৰস্ত হয়, তেতিয়া শৰীৰত কিছুমান লক্ষণ দেখা দিব পাৰে ৷ এই সমস্যা বাঢ়ি অহাৰ লগে লগে লক্ষণবোৰো বৃদ্ধি হ'বলৈ আৰম্ভ কৰে ৷ যাৰ বাবে ৰোগীৰ লিভাৰ ৭৫ শতাংশ ক্ষতিগ্ৰস্ত হ'লেহে ফেটি লিভাৰৰ সমস্যা ধৰা পৰে ৷ এই লক্ষণবোৰে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লৈ সম্পূৰ্ণৰূপে চিকিৎসা কৰাব ৷ ফেটি লিভাৰৰ লক্ষণ সাধাৰণতে ৪০-৬০ বছৰ বয়সতহে দেখা যায় ৷

উল্লেখ্য যে, ফেটি লিভাৰ ধৰা পৰালৈকে লিভাৰৰ অৱস্থা বেয়া পৰ্যায়ত উপনীত হয় ৷ যাৰ বাবে ৰোগীৰ চিকিৎসাও কঠিন হৈ পৰে ৷ খাদ্য হজম কৰিব নোৱাৰাৰ বাবে এই সমস্যাটো বাঢ়ি গৈ ৰোগীৰ জীয়াই থকাটো কঠিন হৈ পৰে ৷

লগতে পঢ়ক: শৰীৰত এইসমূহ লক্ষণ দেখা দিলে সাৱধান হওক ! হ’ব পাৰে এয়া হাওঁফাওঁৰ সমস্য়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.