ETV Bharat / sukhibhava

Listeria outbreak: আপুনিও মিল্কশ্বেক খাই ভাল পায় নেকি ? পিচে সাৱধান !

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 2:14 PM IST

অধিকাংশ লোকে মিল্কশ্বেক খাই ভাল পায় । কিন্তু যদি আপুনি গম পায় যে মিল্কশ্বেক খোৱাৰ পিছত ৩ জন লোকৰ মৃত্যু হৈছে, তেন্তে অহাবাৰ এই পানীয় খোৱাৰ পূৰ্বে আপুনি হয়তো দহবাৰ ভাবিব । এই মিল্কশ্বেকত কোনবিধ বিপজ্জনক বেক্টেৰিয়া পোৱা গৈছিল জানি লওক ।

3 people died after drinking milkshake, due to which dangerous bacteria?
আপুনিও মিল্কশ্বেক খাই ভাল পায় নেকি তেন্তে হৈ যাওক সাৱধান!

যদি আপুনি মিল্কশ্বেক খাই ভাল পায় তেন্তে হওক সাৱধান ! উল্লেখ্য যে, ৱাশ্বিংটন ৰাজ্যৰ জনস্বাস্থ্য বিষয়াসকলে কয় যে, তেওঁলোকে লিষ্টেৰিয়াৰ প্ৰাদুৰ্ভাৱৰ উৎপত্তিৰ সন্ধান পাইছে ৷ জনাই দিও যে, কিছুদিন পূৰ্বে ৱাশ্বিংটনৰ এখন বাৰ্গাৰ ৰেষ্টুৰেণ্টত মিল্কশ্বেক খোৱাৰ পিছত হঠাৎ অসুস্থ হৈ পৰাত ছয়গৰাকীকৈ লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এই ঘটনা ৱাশ্বিংটনৰ টাকোমাৰ । এই ঘটনাত ৩ জন লোকৰ মৃত্যু হয় আৰু আন ৩ জন লোক বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে । আপুনি নিশ্চয় ভাবিছে যে মিল্কশ্বেক খাই কোনোবাই কেনেকৈ মৃত্যুবৰণ কৰিব পাৰে ।

উল্লেখ্য যে, এই মিল্কশ্বেকত লিষ্টেৰিয়া মনোচাইট’জেনছ পোৱা গৈছে । এইটো হৈছে এক প্ৰকাৰৰ বেক্টেৰিয়া । ইয়াৰ সংক্ৰমণক লিষ্টেৰিয়াছিছ বোলা হয় । যদি আপুনি Listeria Monocytogenes দ্বাৰা দূষিত খাদ্য খায় তেন্তে এই সংক্ৰমণ হ’ব পাৰে । এই সংক্ৰমণৰ প্ৰভাৱ হাঁড়, গাঁঠি, বুকু আৰু পেটত প্ৰত্যক্ষভাৱে দেখা যায় ।

যদি সঠিক সময়ত চিকিৎসা গ্ৰহণ নকৰিলে ব্যক্তি মৃত্যুৰ মুখতো পৰিব পাৰে । এটা বিখ্যাত চকলেট ব্ৰেণ্ডত লিষ্টেৰিয়া মনোচাইট’জেনছ নামৰ এটা বেক্টেৰিয়া পোৱা গৈছিল । এই বেক্টেৰিয়া কি আৰু ই কিমান বিপজ্জনক, এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক ।

লিষ্টেৰিয়া কি ?

লিষ্টেৰিয়া হৈছে এবিধ বেক্টেৰিয়া । ই মানুহৰ লগতে আন স্তন্যপায়ী প্ৰাণী মাজতো পোৱা যায় । গৰ্ভৱতী মহিলা, শিশু আৰু বৃদ্ধৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ বেছি দেখা যায় । কাৰণ এই লোকসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আটাইতকৈ দুৰ্বল । সেইবাবেই এই লোকসকলে খাদ্যৰ প্ৰতি অধিক যত্ন লোৱাটো প্ৰয়োজন, অন্যথা এই লিষ্টেৰিয়াছিছ সংক্ৰমণে আপোনাৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে ।

লিষ্টেৰিয়াৰ লক্ষণ

লিষ্টেৰিয়াছিছৰ সংক্ৰমণ সাধাৰণতে সংক্ৰমিত খাদ্যৰ জৰিয়তে বিয়পে । লিষ্টেৰিয়াৰ লক্ষণসমূহ হ’ল পেশীৰ বিষ । যাৰ ফলত জ্বৰ হয় । মূৰত বিষ হয় । মূৰ ঘূৰোৱাৰ দৰে অৱস্থাও দেখা দিয়ে ।

লিষ্টেৰিয়াৰ পৰা হাত সাৰিবলৈ সহজ উপায়

গৱেষণাৰ মতে কম, উষ্ণতাত সৰ্বাধিক বেক্টেৰিয়া বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে । বাৰিষাৰ সময়ত লিষ্টেৰিয়া ম’ন’চাইট’জেনছ বেক্টেৰিয়াই গুৰুতৰ ৰোগ সৃষ্টি কৰিব পাৰে । ফ্ৰীজৰ কম উষ্ণতাতো ই সহজে বাঢ়িব পাৰে । ফ্ৰীজত যিকোনো বস্তু ৰখাৰ পূৰ্বে পৰিষ্কাৰ কৰাটো গুৰুত্বপূৰ্ণ । লগতে দুগ্ধজাত সামগ্ৰী, কেঁচা শাক-পাচলি আৰু মাংস আদি ভালদৰে ৰান্ধিহে গ্ৰহণ কৰিব লাগে । সদায় এনে স্থানত খাদ্য গ্ৰহণ কৰক য’ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হয় ।

লগতে পঢ়ক: Stomach Pain: পেটৰ বিষৰ কাৰণ তথা প্ৰতিকাৰৰ উপায় জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.