ETV Bharat / sukhibhava

Skin Care Tips: এন্টিঅক্সিডেন্টেৰে সমৃদ্ধ নেমুৱে আঁতৰ কৰিব মুখৰ ক’লা দাগ; লগতে ব্যৱহাৰ কৰিব পাৰে এই সামগ্ৰীও - কিহে স্বাভাৱিকতে ফ্ৰেকেল আঁতৰায়

আমি মুখৰ সৌন্দৰ্যতাৰ বাবে কত কি নকৰো, বিশেষকৈ যিসকল লোকৰ মুখৰ ক’লা দাগ বা ফ্ৰেকলৰ সমস্যা আছে তেওঁলোকে বিভিন্ন উপায় অৱলম্বন কৰে যদিও সেয়া ফলপ্ৰসূ নহয়, এনে পৰিস্থিতিত কিছুমান ঘৰুৱা বস্তুৰ সহায়ত এই সমস্যা সমাধান কৰিব পৰা যায় ৷ ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক...

Lemon rich in antioxidants will remove facial freckles, these 3 things will also help
এন্টিঅক্সিডেন্টেৰে সমৃদ্ধ নেমুৱে আঁতৰ কৰিব মুখৰ ক’লা দাগ, লগতে এই ৩বিধ কৰিব বস্তুৱেও সহায়
author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 1:34 PM IST

Updated : Sep 11, 2023, 1:53 PM IST

কোনো ব্যক্তিয়ে নিজৰ মুখমণ্ডল দাগবিহীন হোৱাটো বিচাৰে ৷ আপুনি নিশ্চয় প্ৰায়ে অনুভৱ কৰে যে কিছুমান মানুহৰ মুখৰ ফ্ৰেকল বা ক’লা দাগে তেওঁলোকৰ সৌন্দৰ্যতা নষ্ট কৰে ৷ সাধাৰণতে অনিয়মিত জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, প্ৰদূষণ, হৰম’নৰ পৰিৱৰ্তন আৰু প্ৰখৰ ৰ’দৰ উত্তাপৰ ফলত মুখত ফ্ৰেকল দেখাবলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত আপুনি নেমুৰ সহায় ল’ব পাৰে য’ত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে ৷ ইয়াৰ লগতে তলত উল্লেখিত এইসমূহ খাদ্য সামগ্ৰীৰ জৰিয়তেও আপুনি আপোনাৰ এই ছালৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে ৷

এই ৪টা উপাদানৰ সহায়ত আঁতৰাওক আপোনাৰ মুখমণ্ডলৰ ক’লা দাগ

১/ নেমু

  • এটা বাটিত এটা নেমুৰ ৰস উলিয়াই তাত মৌ লওক ৷
  • মুখত লগাই ১৫ মিনিট ৰাখিব ৷
  • এতিয়া কুহুমীয়া পানীৰে মুখখন ধুব ৷
  • ক’লা দাগ কমি যোৱালৈকে এইটো প্ৰয়োগ কৰক ৷
  • দিনে দুবাৰকৈ লগাব পাৰে ৷
  • নেমুৰ ৰসত প্ৰাকৃতিক ব্লিচিং গুণ আছে ৷
  • মৌৱে মইশ্ব’ৰাইজাৰ হিচাপে কাম কৰে ৷
  • এই দুটা একেলগে মুখমণ্ডলৰ ক’লা দাগৰ সমস্যাৰ সমাধান কৰিব পাৰে ৷

২/ কেঁচা আলু

  • এটা কেঁচা আলু আধা কাটি লওক ৷ কটা ঠাইখিনিত কেইটোপালমান পানী দিয়ক ৷
  • আলুখিনি বৃত্তাকাৰ গতিৰে মুখত ঘঁহি লওক ৷
  • ১০ মিনিট ৰখাৰ পিছত কুহুমীয়া পানীৰে মুখখন ধুই লওক ৷
  • এমাহৰ বাবে দিনে দুবাৰৰ পৰা তিনিবাৰকৈ মুখত লগাওক ৷
  • এনে কৰিলে আপোনাৰ মুখৰ ক’লা দাগবোৰ নোহোৱা হৈ যাবলৈ আৰম্ভ কৰিব ৷

৩/ পিঁয়াজ

  • প্ৰথমে পিঁয়াজখিনি টুকুৰা টুকুৰকৈ কাটি লওক ৷
  • মুখৰ ক’লা দাগ থকা ঠাইত পিয়াঁজৰ টুকুৰাখিনি ঘঁহি লওক ৷
  • ১৫ মিনিট মুখত ৰখাৰ পিছত কুহুমীয়া পানীৰে মুখখন ধুই লওক ৷
  • পিঁয়াজৰ ৰস মুখত লগালেও উপকাৰী হ’ব ৷
  • মুখখন স্পষ্ট আৰু দাগবিহীন দেখাবলৈ আৰম্ভ নকৰালৈকে এই কাম কৰক ৷
  • দিনটোত দুবাৰকৈ প্ৰয়োগ কৰিলে যথেষ্ট উপকাৰিতা লাভ কৰিব ৷
  • ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট গুণ পিঁয়াজত পোৱা যায়, যিয়ে ৰং আঁতৰোৱাত সহায় কৰে ৷

৪/ এলোভেৰা জেল

  • প্ৰথমে এলোভেৰাৰ পাল্প উলিয়াই তাত কেইটোপালমান নেমুৰ ৰস দিয়ক ৷
  • এতিয়া প্ৰথমে মুখখন ভালদৰে পৰিষ্কাৰ কৰি মুখত এই মিশ্ৰণ লগাব ৷
  • ইয়াৰ পিছত মুখখন বৃত্তাকাৰ গতিৰে মালিচ কৰক ৷
  • ইয়াৰ নিয়মীয়া ব্যৱহাৰৰ ফলত মুখৰ ক’লা দাগ কেইদিনমানৰ ভিতৰতে কমিবলৈ আৰম্ভ কৰিব ৷

লগতে পঢ়ক: Milk at Night: ৰাতি শোৱাৰ পূৰ্বে এগিলাচ গাখীৰ খোৱাৰ উপকাৰিতা জানি আপুনিও হৈ পৰিব আচৰিত

Last Updated : Sep 11, 2023, 1:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.