সনাতন ধৰ্মত বিশ্বাসী লোকসকলে শাওণত প্ৰতিদিনে মহাদেৱ আৰু মা পাৰ্বতীৰ আৰাধনা কৰে । ইয়াৰ উপৰিও শাওণৰ প্ৰতি সোমবাৰে উপবাস পালন কৰে একাংশ ভক্তই । শাওণৰ প্ৰতি সোমবাৰে ভগৱান শিৱৰ জলাভিষেক সম্পন্ন কৰাৰো বিশেষ গুৰুত্ব আছে ।
ধৰ্মীয় বিশ্বাস অনুসৰি যদি আপুনি শাওণ মাহৰ প্ৰতি সোমবাৰে মহাদেৱৰ শিৱলিংগৰ জলাভিষেক কৰা হয়, তেন্তে মহাদেৱ সন্তুষ্ট হয় আৰু তেওঁৰ কৃপাত ভক্তৰ সকলো ইচ্ছা পূৰণ হয় । আকাংক্ষিত ফল লাভ হয় । অযোধ্যাৰ বিখ্যাত জ্যোতিষীৰ মতে, পবিত্ৰ শাওণ মাহৰ প্ৰতি সোমবাৰে যদি ভক্তই ৰাশি অনুযায়ী দান ধৰ্ম কৰে তেতিয়া সেই ব্যক্তিয়ে মহাদেৱৰ অসীম কৃপা লাভ কৰিবলৈ সক্ষম হয় ।
ৰাশি অনুসৰি দান কৰক এইসমূহ সামগ্ৰী
কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে শাওণৰ প্ৰতি সোমবাৰে মন্দিৰলৈ গৈ এডাল ঝাৰু দান কৰিব লাগে ।
মীন ৰাশি: মীন ৰাশিৰ জাতক জাতিকাসকলে প্ৰতি সোমবাৰে বুটৰ দাইল, গাখীৰ আৰু চাউল দান কৰিব লাগে ।
মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলে ভক্তিৰে সোমবাৰে গাখীৰ, দৈ আৰু ক’লা তিল দান কৰিব লাগে ।
ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলে শাওণৰ প্ৰতি সোমবাৰে হালধীয়া ৰঙৰ কাপোৰ দান কৰিব লাগে ।
তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলে শাওণৰ প্ৰতি সোমবাৰে গাখীৰ, দৈ, ঘিউ আৰু বগা বস্ত্ৰ আদি দান কৰিব লাগে ।
বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে মচুৰ দাইল, মৌ, ৰঙা জলকীয়া আৰু গুড় দান কৰিব লাগে ।
কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলে শাওণৰ সোমবাৰে দুখীয়া বিবাহিত মহিলাক ৰঙা খাৰু আৰু সেউজীয়া খাৰু দান কৰক ।
সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলে শাওণৰ প্ৰতি সোমবাৰে গুড় আৰু মৌ দান কৰিব লাগে ।
মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলে শাওণৰ সোমবাৰে গো-মাতাক সেউজীয়া খাদ্য খুওৱাব লাগে ।
কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ চাউল, চেনি আৰু গাখীৰ দান কৰিব লাগে ।
মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলে শাওণৰ সোমবাৰে মৌ, ৰঙা জলকীয়া আৰু মচুৰ দাইল দান কৰিব লাগে ।
বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলে প্ৰতি সোমবাৰে সন্ধিয়া বৃষ ৰাশিৰ লোকে দুখীয়া আৰু অসহায় লোকক খাদ্য দান কৰিব লাগে ।