ETV Bharat / sukhibhava

জানক ৰাশি তথা জন্ম তাৰিখ অনুসৰি কেনে যাব আপোনাৰ ২০২৪ বৰ্ষটো

Astro Advice: ২০২৪ বৰ্ষ সকলো ৰাশি আৰু জন্ম তাৰিখ অনুসৰি কেনেদৰে যাব ? এই সম্পৰ্কে জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ৷

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 11:05 AM IST

Astro Advice
জানক ৰাশি তথা জন্মতাৰিখ অনুসৰি কেনে যাব আপোনাৰ ২০২৪ বৰ্ষটো
জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱা

গুৱাহাটী, 2 জানুৱাৰী: ২০২৪ বৰ্ষ নম্বৰটো ৮ নম্বৰত আহে ৷ ৮ নম্বৰটো সদায় শনিৰ নম্বৰ হয় ৷ ২০২৪ বর্ষত শনি দেৱতাৰ প্ৰভূত্ব থাকিব ৷ শনি দেৱতাক ন্যায়ৰ দেৱতা বা কষ্টৰ দেৱতা বুলি কোৱা হয় ৷ যি সকলোকে শিক্ষা, কৰ্ম, গার্হস্থ্য যি দিশতে নহওক কিয় কষ্ট কৰি আছে তেওঁলোকে এই বর্ষত সেই কষ্টৰ ফল লাভ কৰিব ৷ ২০২৪ বর্ষতো নিজৰ ভুলবোৰৰ পৰা শিকাৰ বছৰ ৷ কৰি অহা ভুল সমূহ শুধৰাই শুদ্ধ পথত খোজ দিলে ২০২৪ বৰ্ষটো ভাল হ'ব ৷

২০২৪ বৰ্ষত কোনকেইটা জন্ম তাৰিখ অনুসৰি কেনেকুৱা হ'ব ?

  • ৩,১২,২১,৩০ তাৰিখে জন্ম হোৱা লোকসকলৰ নম্বৰ হৈছে ৩, ৩ নম্বৰটো নিৰ্দেশ কৰে বৃহস্পতিয়ে ৷ বৃহস্পতি গ্ৰহক শনি গ্ৰহৰ সমগ্ৰহ বুলি কোৱা হয় ৷ এইবর্ষত যিসকল ব্যক্তিয়ে এইকেইটা তাৰিখত জন্মলাভ কৰিছে তেওঁলোকে শুভ ফল লাভ কৰিব পাৰিব ৷
  • ৪,১৩,৩১ তাৰিখে জন্ম হোৱা লোকসকলৰ বাবে এইটো বৰ্ষ খুব বেছি শুভ ৷ কিছু আধৰুৱা কাম এইটো বছৰত সম্পূৰ্ণ হ'ব ৷
  • ৫,১৪,২৩ তাৰিখে জন্মলাভ কৰা লোকসকলে ব্যৱসায়ীক, পঢ়া-শুনা আদিত ভাল ফল লাভ কৰিব ৷
  • ৬,১৫,২৪ তাৰিখে জন্মলাভ কৰা লোকসকলৰ এইটো বছৰত কষ্ট থাকিব যদিও যিসকল সংবাদ, সংগীত আদি ক্ষেত্ৰৰ লগত জড়িত তেওঁলোকৰ বাবে এইটো বছৰ খুব বেছি ভাল হ'ব ৷
  • ৮,১৭,২৬ তাৰিখে যিসকল লোকৰ জন্ম হৈছে তেওঁলোকৰ বাবে এইটো বছৰ ফলপ্ৰসূ হ'ব ৷ যি সমূহ আধৰুৱা কাম আছে সেই কামসমূহ এইটো বছৰতে সম্পূৰ্ণ হ'ব ৷

২০২৪ বৰ্ষত ৰাশি হিচাপে কেনে ফলাফল লাভ কৰিব ?

  • মেষ, বৃষ, তুলা, ধনু, মকৰ, মিথুন, মীন এইকেইটা ৰাশিৰ জাতক-জাতিকাসকলে এইবর্ষত শুভফল ভাল কৰিব ৷ বৃষ ৰাশিৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান আহিব পাৰে, গুপ্ত শত্ৰুৱে লগ দিব পাৰে ৷ কিন্তু সামগ্ৰীকভাৱে চাবলৈ গ’লে এইকেইটা ৰাশিৰ ক্ষেত্ৰত শুভফল লাভ কৰিব ৷
  • মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই বৰ্ষটো খুব ভাল ৷ পূৰ্বৰ কিছুকামৰ বাবে এই বৰ্ষত শুভফল লাভ কৰিব ৷ বিনিয়োগসমূহ সঠিক পথেৰে আহিব ৷
  • কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবেও এই বৰ্ষটো ভাল ৷ সফলতা লাভ কৰিব ৷
  • মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই বৰ্ষটো ধনাত্মক হ'ব ৷
  • ধনু আৰু মীন জাতক-জাতিকাসকলৰ বিয়াৰ ক্ষেত্ৰত থকা বাধাসমূহ আঁতৰিব ৷

লগতে পঢ়ক: নতুন বছৰত আয়, কেৰিয়াৰ, প্ৰেম জীৱন, শিক্ষা, স্বাস্থ্য কেনেকুৱা হ’ব ? ১২ টা ৰাশিৰ সম্পূৰ্ণ ৰাশিফল ​​পঢ়ক...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.