ETV Bharat / sukhibhava

বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায়ে কিদৰে নিজৰ ছাল-চুলিৰ যতন লয় জানো আহক - Aishwaryas Beauty Secrets

Aishwarya Rai Beauty Secrets: ৫০ বছৰ বয়সতো ঐশ্বৰ্যৰ ছাল-চুলি একেবাৰে গাভৰুৰ দৰেই হৈ আছে ৷ শেহতীয়াকৈ ঐশ্বৰ্যয়ে তেওঁৰ সৌন্দৰ্যৰ ৰহস্য বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে ৷ আজি এই বিষয়ে জানো আহক-

Learn how Aishwarya Rai takes care of her skin and hair
ঐশ্বৰ্যই কিদৰে নিজৰ ছাল-চুলিৰ যতন লয় জানো আহক
author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 6:26 PM IST

অদমনীয় অভিনয় দক্ষতাৰ সমান্তৰালকৈ অতুলনীয় সৌন্দৰ্য অধিকাৰী বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন ৷ প্ৰতিগৰাকী যুৱতীয়েই ঐশ্বৰ্য ৰায়ৰ দৰে ধুনীয়া হ’বলৈ বিচাৰে ৷ বিশেষকৈ, ইমান মেকআপ আৰু ব্যস্ত সময়সূচীৰ পিছত কেনেকৈ তেওঁৰ মুখৰ সৌন্দৰ্য বজাই ৰাখিছে, সেই বিষয়ে নিশ্চিতভাৱে সকলোয়ে জানিবলৈ বিচাৰে ৷ ৫০ বছৰ বয়সতো ঐশ্বৰ্যৰ ছাল-চুলি একেবাৰে গাভৰুৰ দৰেই হৈ আছে ৷ শেহতীয়াকৈ ঐশ্বৰ্যয়ে তেওঁৰ সৌন্দৰ্যৰ ৰহস্য বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে ৷ আজি এই বিষয়ে জানো আহক-

স্বাস্থ্যকৰ আহাৰেই হৈছে উজ্জ্বল ছালৰ ৰহস্য

ঐশ্বৰ্যৰ সৌন্দৰ্যৰ ৰহস্য হৈছে তেওঁৰ স্বাস্থ্যকৰ খাদ্য ৷ বিশ্বাস কৰা হয় যে, আপুনি যি খাদ্য খায়, সেয়া আপোনাৰ মুখতে প্ৰতিফলিত হয় ৷ঐশ্বৰ্যয়ে কেতিয়াও জাংক ফুড গ্ৰহণ নকৰে ৷ তেওঁ দৈনন্দিন খাদ্য তালিকাত ফল, পাচলি আৰু সতেজ ৰস অন্তৰ্ভূক্ত কৰে ৷ তদুপৰি, ঐশ্বৰ্যই যথেষ্ট পানী খায় ৷ পানীয়ে শৰীৰৰ পৰা সকলো বিষাক্ত বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে ৷

কমকৈ ঘনকৈ খায়

গোটেই দিনটোত কম সময়ৰ মূৰে মূৰে ঐশ্বৰ্যই লঘু আহাৰ গ্ৰহণ কৰি থাকে ৷ এই আহাৰৰ অধিকাংশই আঁহযুক্ত ৷

ধূমপান-সুৰাৰ পৰা দূৰত্ব

ঐশ্বৰ্যয়ে ধূমপান আৰু সুৰা কেতিয়াও সেৱন নকৰে ৷ এইসমূহ গ্ৰহণৰ ফলত মুখৰ ছাল কোঁচ খোৱাৰ লগতে ছালখনৰ উজ্জ্বলতা হ্ৰাস হয় ৷

যোগ,পাতল ব্যায়াম

ঐশ্বৰ্যৰ স্বাস্থ্যৱান শৰীৰ আৰু ছালৰ ৰহস্য হৈছে যোগ আসন আৰু পাতল ব্যায়াম ৷ উল্লেখ্য যে, এনে কিছুমান যোগাসন আছে, যিবোৰ আপোনাৰ স্বাস্থ্যৰ লগতে সৌন্দৰ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয় ৷

ঘৰুৱা উপায়ৰে ছালৰ যত্ন

ঐশ্বৰ্যই বেচন, হালধি আৰু গাখীৰৰ পেষ্ট তৈয়াৰ কৰি মুখত প্ৰয়োগ কৰে ৷ ই সকলো মৃত ছাল পৰিস্কাৰ কৰে ৷ ছালক হাইড্ৰেট কৰিবলৈ তেওঁ দৈ আৰু তিয়ঁহৰ মাস্ক ব্যৱহাৰ কৰে ৷ ই ছালক আৰ্দ্ৰতা প্ৰদান কৰাৰ লগতে ছালখনক উজ্জ্বল কৰি ৰাখে ৷ তেওঁ শ্বুটিঙৰ সময়ত বহু মেকআপ কৰে যদিও নিশা সদায় ছালখন পৰিস্কাৰ কৰে ৷

ঐশ্বৰ্য ৰায়ে কেনেকৈ লয় চুলিৰ যত্ন ?

ঐশ্বৰ্যই তেওঁৰ ছালৰ লগতে চুলিৰো যথেষ্ট যত্ন লয় ৷ ইয়াৰ বাবে তেওঁ ঘৰতে তৈয়াৰী হেয়াৰ মাস্ক ব্যৱহাৰ কৰে ৷ তেওঁ চুলিত গাখীৰ, মৌ, কণী, জলফাই তেল, আৰু আভাকাডোৰ দৰে বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰি চুলিৰ মাস্ক তৈয়াৰ কৰে ৷

লগতে পঢ়ক: অনিয়মীয়া ঋতুস্ৰাৱৰ পৰা পৰিত্ৰাণ দিব এই 4বিধ সামগ্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.