ETV Bharat / sukhibhava

National Tea Day 2022: জানো আহক চাহ পানৰ কিছু উপকাৰিতা - চাহ

পুৱা সাৰ পোৱাৰ লগে লগে আমাৰ দিনটো এক চাহৰ সৈতে আৰম্ভণি হয় । পানীৰ পিছত চাহ আটাইতকৈ বেছি খোৱা পানীয় । ভাৰতীয় লোকে চাহপাতত বহুতো মছলা মিহলাই খায়, যেনে- আদা, ইলাচি, লং, তেজপাত আদি । আজি আমি আলোচনা কৰিম চাহৰ প্ৰকাৰ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে-

Learn about the benefits of tea on the occasion of National Tea Day 2022
আজি ৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে আপোনালোকলৈ আগবঢ়াইছো চাহৰ উপকাৰিতা
author img

By

Published : Sep 21, 2022, 4:52 PM IST

চাহ, একাপ চাহ কাৰনো প্ৰিয় নহয় ? পুৱাৰ তন্দ্ৰালসতা কিম্বা গধূলিৰ ক্লান্তি-অৱসাদ দূৰ কৰিবলৈ আপুনি নিশ্চয় হাতত তুলি লয় একাপ চাহ (Uses of tea in Daily life)৷ তাতে আকৌ আমাৰ দেশত চাহ বুলি ক’লে অসমকেই বুজা যায় ৷ কেৱল অসম বা ভাৰততেই নহয়, সমগ্ৰ বিশ্বতেই চাহ পানীয় হিচাপে অতিকৈ সমাদৃত ৷

পুৱা সাৰ পোৱাৰ লগে লগে আমাৰ দিনটো এক চাহৰ সৈতেই আৰম্ভণি হয় । পানীৰ পিছত চাহ আটাইতকৈ বেছি খোৱা পানীয় । ভাৰতীয় লোকে চাহত বহুতো মছলা মিহলাই খায়, যেনে- আদা, ইলাচি, লং, তেজপাত আদি । আজি ৰাষ্ট্ৰীয় চাহ দিৱস ৷ চাহৰ ঐতিহাসিক মহত্ত্ব আৰু ইতিহাসৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ লগতে দেশ তথা বিশ্বত অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ে ৰাইজক অৱগত কৰা এই দিৱসৰ মূল লক্ষ্য ৷

Learn about the benefits of tea on the occasion of National Tea Day 2022
আজি ৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে আপোনালোকলৈ আগবঢ়াইছো চাহৰ উপকাৰিতা

সেয়ে ৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে জানো আহক চাহৰ কেইবিধমান প্ৰকাৰ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে(Benefits of tea)-

Camellia sinensis নামৰ পাতৰ পৰা চাহপাত প্ৰস্তুত কৰা হয় । সেউজীয়া পাতৰ পৰা এই পাতবোৰ ছিঙি লোৱা হয়(Tea plant) । ইয়াৰ পিছত ইয়াক প্রচেছিং প্ৰক্ৰিয়াৰ জৰিয়তে বিভিন্ন ধৰণে প্ৰস্তুত কৰা হয় । প্রচেছিং প্রক্রিয়াত প্রস্তুত কৰা ৫ প্রকাৰৰ চাহ হৈছে ব্লেক টি, বগা চাহ, হালধীয়া চাহ, ৱুলং চাহ আৰু চাইনিজ গ্ৰীণ টি ৷

প্ৰচেছিঙৰ বাবে চাহপাত ক’লা দেখা যায় । যিটো মানুহে প্ৰায়ে উতলাই খায় । অধিকাংশ লোকেই ব্লেট টি সেৱন কৰে, য’ত বিভিন্ন ধৰণৰ মছলা মিহলাই পান কৰা হয় । যেনে- আদা চাহ, ইলাচি চাহ, লং ইত্যাদি । এই মছলাবোৰৰ পৰা প্ৰস্তুত কৰা চাহত আমি আজি ইলাচি চাহ খোৱাৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰিম(Health benefits of drinking cardamom tea) ।

  • ইলাচি চাহ খোৱাৰ স্বাস্থ্য উপকাৰীতা: দৈনিক ইলাচি চাহ খালে হজম শক্তি বৃদ্ধি পায় । লগতে ই ছালৰ বাবেও স্বাস্থ্যকৰ । ইয়াৰ বাহিৰেও ইলাচি চাহ আপোনাৰ বাবে বহু দিশত উপকাৰী । এই বিষয়ে সবিশেষ জানো আহক-
  • ডিঙি বিষ: ইলাচি চাহ খালে ডিঙিৰ বিষৰ পৰা উপশম পাব পাৰি । আচলতে ইলাচিৰ এন্টি-বেক্টেৰিয়েল গুণ আছে যিয়ে আপোনাক ডিঙিৰ বিষ আৰু চৰ্দিৰ পৰা মুক্তি দিবলৈ সহায় কৰিব পাৰে ।
  • পাচনতন্ত্ৰ শক্তিশালী হয়: পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দৈনিক ইলাচি চাহ খাব লাগে । ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে যিয়ে আপোনাৰ পাচনতন্ত্ৰক শক্তিশালী কৰিব পাৰে । ইয়াৰ বাহিৰেও ইলাচি চাহ খালে গেছ, বদহজম আদি সমস্যা দূৰ হয় ।

  • ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা

ইলাচি চাহত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে । ইয়াৰ ফলত ভাইৰাছ আৰু বেক্টেৰিয়াৰ সমস্যা দূৰ হ’ব পাৰে । ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় ।

  • ছালখন সুস্থ কৰি ৰখা

ইলাচি চাহ খালে ছালখন সুস্থ হৈ থাকে । ইয়াত থকা এন্টি অক্সিডেন্ট গুণে ছালখনক সুস্থ কৰি ৰখাৰ বাবে ফলপ্ৰসূ ।

লগতে পঢ়ক: চাহ সেৱনে Type 2 Diabetesৰ আশংকা হ্ৰাস কৰে: অধ্যয়ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.