ETV Bharat / sukhibhava

World Menopause Day 2022 : ৰজোনিবৃত্তিয়ে মহিলাৰ সামগ্ৰিক স্বাস্থ্যত কেনে প্ৰভাৱ পেলাব পাৰে

author img

By

Published : Oct 18, 2022, 12:01 AM IST

২০০৯ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় ৰজোনিবৃত্তি সমিতিয়ে (IMS) বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত অক্টোবৰক বিশ্ব ৰজোনিবৃত্তি সজাগতা মাহ হিচাপে নিৰ্ধাৰণ কৰি আহিছে তথা ১৮ অক্টোবৰৰ দিনটোত বিশ্ব ৰজোনিবৃত্তি সজাগতা দিৱস হিচাপে উদযাপন কৰিছে । এই দিনটোৰ উদ্দেশ্য হৈছে ৰজোনিবৃত্তি সম্পৰ্কে সজাগতা সৃষ্টি লগতে মহিলাসকলৰ স্বাস্থ্য আৰু সুস্থতা উন্নত কৰাৰ বাবে উপলব্ধ সমৰ্থন বিকল্পসমূহৰ বিষয়ে সজাগ কৰা ৷ ইয়াৰ বিষয়ে সবিশেষ জানো আহক...

Late or early menopause has these effects on ladies health
ৰজোনিবৃত্তিয়ে মহিলাৰ সামগ্ৰিক স্বাস্থ্যত কেনে প্ৰভাৱ পেলাব পাৰে

২০০৯ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় ৰজোনিবৃত্তি সমিতিয়ে (IMS) বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত অক্টোবৰক বিশ্ব ৰজোনিবৃত্তি সজাগতা মাহ হিচাপে নিৰ্ধাৰণ কৰি আহিছে তথা ১৮ অক্টোবৰৰ দিনটোত বিশ্ব ৰজোনিবৃত্তি সজাগতা দিৱস হিচাপে উদযাপন কৰিছে(Late or early menopause) । এই দিনটোৰ উদ্দেশ্য হৈছে ৰজোনিবৃত্তি সম্পৰ্কে সজাগতা সৃষ্টি লগতে মহিলাসকলৰ স্বাস্থ্য আৰু সুস্থতা উন্নত কৰাৰ বাবে উপলব্ধ সমৰ্থন বিকল্পসমূহৰ বিষয়ে সজাগ কৰা(World Menopause Day 2022) ৷

মেনোপজ বা ৰজোনিবৃত্তি, পেৰিমেনোপজ বা পেৰি-ৰজোনিবৃত্তি বা ৰজোনিবৃত্তিৰ পিছত মহিলাৰ জীৱনৰ এনে এটা পৰ্যায় যেতিয়া তেওঁৰ ঋতুস্ৰাৱ বন্ধ হয় । ই এগৰাকী নাৰীৰ প্ৰজনন বৰ্ষৰ অন্ত পেলায় । প্ৰজননৰ উপৰিও ই আপোনাৰ স্বাস্থ্যতো বহু দিশত প্ৰভাৱ পেলায় । জীৱনৰ এই পৰিৱৰ্তনৰ পৰা কোনো নাৰী সাৰি যাব নোৱাৰে । গতিকে এই বিশ্ব ৰজোনিবৃত্তি দিৱসত, ৰজোনিবৃত্তিৰ বিষয়ে সকলো কথা জানি লওক যিয়ে আপোনাক মোকাবিলা কৰাত সহজ কৰি তুলিব পাৰে(World Menopause Day) ।

এই সমগ্ৰ প্ৰক্ৰিয়া কেনেকৈ আৰম্ভ হয়(Know how this whole process starts)

পেৰি-মেনোপজ হৈছে এই প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায় আৰু ৰজোনিবৃত্তিৰ ৮ৰ পৰা ১০ বছৰ আগতে আৰম্ভ হ’ব পাৰে । ৰজোনিবৃত্তি হ’ল সেই সময় যিয়ে আপোনাৰ ঋতুচক্ৰৰ অন্ত পেলায় । একেৰাহে ১২ মাহ ধৰি ঋতুস্ৰাৱ নহ’লে ৰজোনিবৃত্তি আৰম্ভ হোৱা বুলি ধৰা হয় ।

ইফালে, প'ষ্ট মেনোপজ হৈছে ৰজোনিবৃত্তিৰ পিছৰ পৰ্যায় । এগৰাকী মহিলাই ৰজোনিবৃত্তিৰ মাজেৰে পাৰ হ’লে জীৱনত শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে বহুতো উত্থান-পতন ঘটে । লগতে, ইয়াৰ পিছত তেওঁলোকেও কিছুমান ৰোগত ভুগিব পাৰে ।

ৰজোনিবৃত্তিৰ সঠিক বয়স কিমান(What is the right age of menopause)

ই বয়স বৃদ্ধিৰ এক স্বাভাৱিক অংশ যিটো সাধাৰণতে ৪৫ৰ পৰা ৫৫ বছৰ বয়সৰ ভিতৰত হয় । এই বয়সত এগৰাকী মহিলাৰ ইষ্ট্ৰজেনৰ মাত্ৰা কমিবলৈ ধৰে । উন্নত দেশসমূহত এগৰাকী মহিলাই এই স্তৰত উপনীত হ’বলৈ গড় বয়স ৫১ বছৰ । ভাৰতত ৰজোনিবৃত্তিৰ গড় বয়স আছিল ৪৬–৪৭ বছৰ, যিটো কিছুমান উন্নত দেশৰ বয়সতকৈ বহু কম ।

৪০ বছৰ বয়সৰ আগতে যদি কোনো মহিলাই ইয়াক স্পৰ্শ কৰে তেন্তে তাক অকাল ৰজোনিবৃত্তি অৰ্থাৎ পেৰিমেৰিমেনোপজ বুলি কোৱা হয় । ৪৫ বছৰ বয়সৰ আগতেই আগতীয়াকৈ আৰম্ভ হয় । আনহাতে, ৪০ বছৰৰ তলৰ প্ৰায় ১% মহিলাৰ অকাল ৰজোনিবৃত্তি হয় ।

আগতীয়াকৈ ৰজোনিবৃত্তি হোৱাৰ কাৰণ কি কি ?(What are the causes of early menopause)

  • কাৰণ বেছিভাগ ক্ষেত্ৰতে জনা নাযায়
  • অটোইম্যুন ডিছঅৰ্ডাৰ য’ত শৰীৰৰ অংগ যেনে থাইৰয়ড আৰু ডিম্বাশয়ৰ প্ৰতি প্ৰতিৰোধ ক্ষমতাৰ সঁহাৰি থাকে
  • পৰিয়ালত বংশগতভাৱে চলিব পৰা জিনীয় কাৰক
  • সংক্ৰমণ বা প্ৰদাহজনিত অৱস্থা, যিয়ে ডিম্বাশয়ৰ কলাৰ ক্ষতি কৰিব পাৰে

ৰজোনিবৃত্তিৰ লক্ষণসমূহ(Symptoms of menopause)

  • হট ফ্লেছ, য’ত এগৰাকী মহিলাৰ শৰীৰৰ পৰা ঘাম ওলোৱাৰ লগতে শৰীৰত অতিপাত গৰম অনুভৱ কৰে
  • যোনি শুকান হোৱা যাৰ ফলত যৌন সম্পৰ্ক স্থাপন কৰাত অসুবিধা হয় আৰু সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়
  • টোপনি অহাত অসুবিধা
  • আৱেগিক পৰিৱৰ্তন যেনে মেজাজৰ দোলাচল, খিংখিঙীয়াতা আৰু কান্দিবলৈ মন যোৱা

ইয়াৰ ফলত কি কি সমস্যাই দেখা দিব পাৰে ?(causes of early menopause)

  • স্মৃতিশক্তি হেৰুৱাকে ধৰি বিভিন্ন স্নায়ুজনিত সমস্যা
  • যৌন বিসংগতি
  • হৃদৰোগ
  • মেজাজ সম্বন্ধীয় বিকাৰ
  • অষ্টিঅ’পৰ’ছিছ

ইয়াৰ পৰা মুক্তি পাব পাৰি নে ?(Can it be fixed)

আৰম্ভণিৰ ৰজোনিবৃত্তিৰ লগত জড়িত স্বাস্থ্যজনিত বিপদৰ প্ৰতি লক্ষ্য ৰাখি এইচ আৰ টি কৰাটো বাঞ্ছনীয় । অকালতে ৰজোনিবৃত্তি হোৱা সকলো মহিলাৰ বাবে এইটো হ’ল হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী (HRT)। ইয়াৰ বাহিৰেও-

  • নিয়মীয়াকৈ চিকিৎসকৰ ওচৰলৈ যোৱা আৰু তেওঁলোকৰ পৰামৰ্শ মানি চলা
  • বহুত তৰল পদাৰ্থ খোৱা
  • হাই প্ৰ'টিন আৰু হাই কেলচিয়ামযুক্ত খাদ্য
  • এন্টিঅক্সিডেন্ট পৰিপূৰক যেনে ভিটামিন D
  • ৱৰ্কআউট আৰু ব্যায়াম
  • খিংখিঙীয়া হৈ পৰাৰ দৰে ভাৱনাত্মক সাল-সলনিসমূহৰ বিষয়ে আপোনাৰ সংগী বা বন্ধুৰ সৈতে আৱেগিক পৰিৱৰ্তনৰ বিষয়ে কথা পাতক
  • কপাহী কাপোৰ পিন্ধিব লাগে
  • উচ্চ উষ্ণতাৰ পৰা বাছি থাকক
  • ধূমপান বন্ধ কৰা আৰু ওজন নিয়ন্ত্ৰণত ৰাখক

লগতে পঢ়ক: World trauma day : সঘনাই দেখিবলৈ তথা শুনিবলৈ পোৱা নিত্য নতুন বেমাৰে বৃদ্ধি কৰিছে মানসিক চাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.