ETV Bharat / sukhibhava

সমগ্ৰ বিশ্বতে মাংকিপক্সক লৈ ল'বলগীয়া সাৱধানতাৰ ওপৰত ঋণাত্মক প্ৰভাৱ

author img

By

Published : Aug 18, 2022, 12:15 PM IST

আন্তঃৰাষ্ট্ৰীয় গৱেষকৰ এটা দলৰ নেতৃত্বত কৰা এক পৰ্যালোচনা অনুসৰি মাংকিপক্সৰ ওপৰত উচ্চমানৰ, শেহতীয়া ক্লিনিকেল নিৰ্দেশনাৰ অভাৱে সমগ্ৰ বিশ্বতে সংক্ৰমণৰ ফলপ্ৰসূ আৰু নিৰাপদ চিকিৎসাত বাধাৰ সৃষ্টি কৰিব পাৰে(Lack of treatment guidelines hampering Monkeypox care globally) ।

lack-of-treatment-guidelines-hampering-monkeypox-care-globally-study
ক্লিনিকেল নিৰ্দেশনাৰ অভাৱৰ সমগ্ৰ বিশ্বতে মাংকিপক্সক লৈ ল'বলগীয়া সাৱধানতাৰ ওপৰত ঋণাত্মক প্ৰভাৱ

মাংকিপক্স হৈছে ভাইৰাছৰ জৰিয়তে বিয়পা জুনোটিক ৰোগ (Monkey pox zoonotic disease spread through virus) । এই ৰোগৰ লক্ষণবোৰ মৃদু হ'লেও অৰ্থোপক্স ভাইৰাছ সংক্ৰমণ (Ortho pox virus infection), সৰুআইৰ (Small Pox) দৰে একে, যাক 1980 চনত পৃথিৱীৰ পৰা আঁতৰ কৰা হৈছিল ।

কিন্তু সংক্ৰমিত জন্তুৰ শৰীৰৰ তৰলৰ সংস্পৰ্শলৈ আহিলে এই ৰোগ বিয়পিব পাৰে বুলি চিকিৎসকলে মত প্ৰকাশ কৰিছে (Monkey pox can spread body fluids of infected animals) । এই ৰোগবিধ কেৰ্কেটুৱা, নিগনি আৰু বিভিন্ন বান্দৰৰ ক্ষেত্ৰত ধৰা পৰে । বনাঞ্চলৰ ওচৰত বাস কৰা লোক, সংক্ৰমিত জন্তুৰ সংস্পৰ্শলৈ অহাৰ সময়ত এই ভাইৰাছ সংক্ৰমণ হোৱাৰ আশংকা থাকে । মানুহৰ ক্ষেত্ৰত এই ৰোগবিধ শ্বাস-প্ৰশ্বাসৰ নিঃসৰণৰ জৰিয়তেও বিয়পে (Monkey pox spreads through respiratory secretions)৷

সম্প্ৰতি এই ৰোগৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় গৱেষকৰ এটা দলৰ নেতৃত্বত কৰা এক পৰ্যালোচনা অনুসৰি মাংকিপক্সৰ বাবে গ্ৰহণ কৰিবলগীয়া উচ্চমানৰ তথা শেহতীয়া ক্লিনিকেল নিৰ্দেশনাৰ অভাৱে সমগ্ৰ বিশ্বতে সংক্ৰমণৰ ফলপ্ৰসূ আৰু সুৰক্ষিত চিকিৎসাত বাধাৰ সৃষ্টি কৰিব পাৰে(Lack of treatment guidelines hampering Monkeypox care globally) ।

ব্ৰিটেইনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়, অষ্ট্ৰেলিয়াৰ ব্রিষ্টল, লিভাৰপুল স্কুল অৱ ট্ৰপিকেল মেডিচিন আদিৰ গৱেষকসকলে(Researchers from universities of Oxford in the UK) কয় যে, চিকিৎসকৰ নিৰ্দেশনা, পৰ্যাপ্ত বিৱৰণৰ অভাৱত এই ৰোগ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে ।

গৱেষকৰ দলটোৱে কয় যে, "নিৰ্দেশনাসমূহৰ মাজত স্পষ্টতাৰ অভাৱে মাংকিপক্স ৰোগীৰ চিকিৎসা কৰা চিকিৎসকসকলৰ বাবে অনিশ্চয়তাৰ সৃষ্টি কৰে যাৰ ফলত মাংকিপক্সক লৈ ৰোগীয়ে ল'বলগীয়া সাৱধানতাৰ ওপৰত ঋণাত্মক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে ৷"

গৱেষকসকলৰ প্ৰকাশিত গৱেষণা পত্ৰত উল্লেখ কৰা অনুসৰি, "মাংকিপক্সে বৰ্তমান স্বাস্থ্যসেৱা ব্যৱস্থাৰ ওপৰতো এক প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে । নিৰ্দেশনাৰ অভাৱে বিশেষকৈ মাংকিপক্সৰ ৰোগীক চোৱা-চিতা কৰাৰ ক্ষেত্ৰত পূৰ্বৰ সীমিত অভিজ্ঞতা থকা ক্লিনিকসমূহত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব পাৰে ।"

আনহাতে, জাৰ্নেল বিএমজে গ্ল'বেল হেল্থৰ এটি দলে ২০২১ চনৰ অক্টোবৰৰ মাজভাগলৈকে প্ৰকাশিত প্ৰাসংগিক বিষয়বস্তুৰ বাবে ছটা প্ৰধান গৱেষণা ডাটাবেছত অনুসন্ধান কৰাৰ লগতে কেইবাটাও ভাষাত নীতিগত নথিপত্ৰ, বাতৰি কাকত, প্ৰতিবেদন, আদিৰ দ্বাৰা ২০২২ চনৰ মে' মাহলৈকে মাংকি পক্স সন্দৰ্ভত বিভিন্ন তথ্য প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Monkeypox threatening : সঘনাই যৌন সংগী সলনি নকৰিবলৈ পৰামৰ্শ WHO ৰ

মুক্ত প্ৰৱেশ জাৰ্নেল বিএমজে গ্ল'বেল হেল্থৰ দলটোৱে ইতিমধ্যে মাংকিপক্স সন্দৰ্ভত ১৪টা প্ৰাসংগিক নিৰ্দেশনা বিচাৰি পাইছে । এই গৱেষণাত গৱেষকৰ দলটোৱে মাংকিপক্স ৰোগত আক্ৰান্ত শিশু, গৰ্ভৱতী মহিলা, HIV আক্ৰান্ত ৰোগী লগতে বিভিন্ন লোকৰ পৰা কিছুমান তথ্য আহৰণ কৰিছিল ৷

এই লোকসকলক বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি অধিক শেহতীয়া নিৰ্দেশনাত পক্সৰ বাবে চিড’ফ’ভিৰৰ পৰিৱৰ্তে টেকোভাইৰিমেটৰ ঔষধৰ ওপৰত দলটোৱে কিছুমান পৰামৰ্শ আগবঢ়ায় ৷ পৰীক্ষাগাৰৰ অধ্যয়নত চিড’ফ’ভিৰ আৰু ব্ৰিংচিড’ফ’ভিৰ পক্স ভাইৰাছৰ বিৰুদ্ধে সক্ৰিয় হৈ থকাৰ বিপৰীতে ই পক্স ভাইৰাছৰ চিকিৎসা কিমান ভালদৰে কৰে ইয়াৰ বহু কম তথ্য গৱেষকৰ দলটোৱে লাভ কৰিছিল, ইয়াৰ ভিতৰত কেৱল কিছুমান বিশেষ দেশত ব্যৱহাৰৰ বাবে অনুমোদিত বুলি গৱেষকসকলে লক্ষ্য কৰিছে।

কোনো এটা নিৰ্দেশনাতে চিকিৎসাৰ অনুকূল মাত্ৰা, সময় বা সময়ৰ বিশদ বিৱৰণ দিয়া হোৱা নাছিল । মাত্ৰ এটা নিৰ্দেশনাই সহায়ক যত্ন আৰু জটিলতাৰ চিকিৎসাৰ ওপৰত পৰামৰ্শ আগবঢ়াইছিল(PEP guidance for different risk groups) । ১৪টা নিৰ্দেশনাৰ সকলোবোৰেই টিকাকৰণক প'ষ্ট-এক্সপ'জাৰ প্ৰফিলেক্সিছ (পিইপি) হিচাপে পৰামৰ্শ আগবঢ়োৱা হৈছিল, কিন্তু নতুন প্ৰজন্মৰ ভেকচিনৰ সকলোবোৰেই শেহতীয়া নাছিল । বিভিন্ন বিপদজনক গোটৰ বাবে PEP নিৰ্দেশনা সীমিত আছিল আৰু কেতিয়াবা এয়া পৰস্পৰ বিৰোধীও আছিল ।

গৱেষকসকলে স্বীকাৰ কৰিছে যে, মাংকিপক্স ভাইৰাছৰ বিষয়ে বুজাবুজি এতিয়াও বিকশিত হৈ আছে, যাৰ বাবে তেওঁলোকে পোৱা পৰামৰ্শসমূহৰ কিছু পৰিৱৰ্তনশীলতাৰ কাৰণ হ'ব পাৰে ।

ইফালে গৱেষক দলটোৱে কয় যে, "সীমিত প্ৰমাণৰ ভিত্তিৰ সৈতেও, ক্লিনিকেল মেনেজমেণ্ট গাইডলাইনসমূহ সিদ্ধান্ত গ্ৰহণৰ পথ প্ৰদৰ্শনৰ বাবে আৰু অনুপযুক্ত চিকিৎসাৰ আশংকা হ্ৰাস কৰি সকলোকে যাতে উত্তম চিকিৎসা প্ৰদান কৰা হয় তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি পৰামৰ্শ দিয়ে ৷"

লগতে পঢ়ক : ফৰাচী গৱেষকে কি ক'লে মানুহে ভাগৰুৱা অনুভৱ কৰা প্ৰসংগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.