বাৰিষা কালত মেলেৰিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । এই ৰোগৰ ফলত ৰোগীয়ে জ্বৰ আৰু শৰীৰৰ বিষত ভুগে(malaria and its symptoms) । WHOৰ তথ্য অনুসৰি দেশত প্ৰতি বছৰে ২,০৫ হাজাৰ লোকে এই ৰোগৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয় । সাধাৰণতে, আক্ৰান্ত মহৰ কামোৰৰ দ্বাৰা এই ৰোগ সংক্ৰমিত হয় । শিশুৱেই হওক বা বৃদ্ধই হওক, এই ৰোগে যিকোনো ব্যক্তিক আক্ৰান্ত কৰিব পাৰে(Malaria symptoms) ।
মহৰ কামোৰৰ জৰিয়তে মেলেৰিয়া বিয়পে । এই ভাইৰাছ এন'ফিলিছ নামৰ সংক্ৰমিত মাইকী মহৰ কামোৰৰ জৰিয়তে শৰীৰত বিয়পি পৰে । এই মহত এক বিশেষ ধৰণৰ বেক্টেৰিয়া পোৱা যায়, যাক চিকিৎসা ভাষাত Plasmodium বুলি কোৱা হয় ।
মেলেৰিয়াৰ লক্ষণসমূহ কি কি ?
- বাৰে বাৰে জ্বৰ হোৱা
মেলেৰিয়াত ৰোগীৰ তীব্ৰ জ্বৰ হয়, যিটো তিনিদিনতকৈ অধিক সময় থাকিব পাৰে ।
- হাত-ভৰি অজ্ঞান হৈ পৰা
এই সমস্যা থাকিলে চেৰিব্ৰেল মেলেৰিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । ইয়াৰ অত্যধিক প্ৰভাৱৰ বাবে হাত ভৰিত অদ্ভুত ক্ৰেম্প অনুভৱ হয় । শিশুৰ ক্ষেত্ৰত যদি এই ৰোগ হয়, তেন্তে তাৰ মানসিক বিকাশো বন্ধ হ’ব পাৰে ।
- মূৰৰ বিষৰ সৈতে জ্বৰ
আক্ৰান্ত মহে কামোৰাৰ ৬ৰ পৰা ১৪ দিনৰ পিছত লক্ষণ দেখা দিয়ে । দ্ৰুত মূৰৰ বিষৰ সৈতে জ্বৰ হ’ব পাৰে ।
- জ্বৰৰ সৈতে ঠাণ্ডা লগা
এই ৰোগৰ প্ৰধান লক্ষণ । জ্বৰৰ লগে লগে তীব্ৰ ঠাণ্ডাও থাকে । বিশেষজ্ঞসকলৰ মতে এই জ্বৰ প্ৰায় ৫-৬ ঘণ্টা ধৰি থাকে আৰু তাৰ পিছত ঘামচি ওলোৱাৰ পিছত কমি যায়।
- ৰঙা চকু
এই ৰোগত চকু ৰঙা পৰাৰ লগতে ইহঁতৰ মাজতো জ্বলা-পোৰা অনুভৱ কৰিব পাৰি। যদি এই লক্ষণবোৰ অব্যাহত থাকে তেন্তে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।
- মলত তেজ
মেলেৰিয়াকে ধৰি শৌচত তেজ ওলোৱাৰ বহু কাৰণ হ’ব পাৰে ৷ সেইবাবে যদি শৌচত তেজ ওলায় তেন্তে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷
- মেলেৰিয়াৰ প্ৰকাৰ
প্লাজমোডিয়াম ফালচিপেৰাম (P falciparum)
ইয়াত ৰোগী অচেতন হৈ পৰে। মূৰৰ বিষত ঠাণ্ডা অনুভৱ কৰিবলৈ আৰম্ভ কৰে আৰু অবিৰতভাৱে বমি কৰিবলৈ ধৰে। তদুপৰি জ্বৰ হোৱাৰ সম্ভাৱনা আছে।
- প্লাজমোডিয়াম মেলেৰিয়া (P. malariae)
এই মেলেৰিয়া Plasmodium falciparum তকৈ বেছি বিপদজনক নহয় । ইয়াত ৰোগীৰ প্ৰতি চতুৰ্থ দিনৰ মূৰে মূৰে জ্বৰ হ’বলৈ ধৰে আৰু তেওঁৰ প্ৰস্ৰাৱৰ পৰা প্ৰ’টিন ওলাবলৈ ধৰে । যাৰ ফলত শৰীৰত প্ৰটিনৰ অভাৱ হয় ।
- প্লাজমোডিয়াম ভিভাক্স (P. vivax)
মেলেৰিয়া ৰোগত আক্ৰান্ত প্ৰায়বোৰ ৰোগীৰ ক্ষেত্ৰত এই ধৰণৰ পোৱা যায় । ইয়াত ৰোগীয়ে কঁকালৰ বিষ, হাতৰ বিষ, ভৰিৰ বিষ, উচ্চ জ্বৰ, ভোক নলগা আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ।
- প্লাজমোডিয়াম অভেল (P. ovale)
- ইয়াৰ ফলত শৰীৰত টাৰ্চিয়ান মেলেৰিয়া হয়
- প্লাজমোডিয়াম নোলেছি (P. knowlesi)
- প্লাজমোডিয়াম ভিভাক্স (P. vivax)
মেলেৰিয়া ৰোগত আক্ৰান্ত প্ৰায়বোৰ ৰোগীৰ ক্ষেত্ৰত এই ধৰণৰ পোৱা যায় । ইয়াত ৰোগীয়ে কঁকালৰ বিষ, হাতৰ বিষ, ভৰিৰ বিষ, উচ্চ জ্বৰ, ভোক নলগা আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ।
প্লাজমোডিয়াম অভেল (P. ovale)
ইয়াৰ ফলত শৰীৰত টাৰ্চিয়ান মেলেৰিয়া হয় ।
প্লাজমোডিয়াম নোলেছি (P. knowlesi)
এই ৰোগত আক্ৰান্ত ব্যক্তিজনৰ ঠাণ্ডা হোৱাৰ লগতে জ্বৰ হ’বলৈ ধৰে । ইয়াত মূৰৰ বিষ, ভোক নলগা আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ।
লগতে পঢ়ক: মেলেৰিয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানীসকলৰ নতুন পদ্ধতিৰ উদ্ভাৱন