নাৰিকল কিমান স্বাস্থ্যকৰ সেয়া হয়তো সকলোৱে জানে ৷ ভাৰতকে ধৰি এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ কেইবাখনো দেশত প্ৰতি বছৰে ২ ছেপ্টেম্বৰত বিশ্ব নাৰিকল দিৱস পালন কৰা হয় ৷ উল্লেখ্য যে, ২০০৯ চনত আৰম্ভ হৈছিল এই দিৱস ৷ এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে নাৰিকলৰ উপকাৰিতা আৰু গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰা ৷ কেৱল নাৰিকলেই নহয় ইয়াৰ পানীও আৰু নাৰিকল গাখীৰো স্বাস্থ্যৰ পক্ষে অতি উপকাৰী বুলি প্ৰমাণিত হৈছে ৷
বিশেষকৈ প্ৰশান্ত মহাসাগৰীয় আৰু এছিয়া অঞ্চলৰ দেশসমূহত এই দিৱস উদযাপন কৰা হয় কাৰণ তেওঁলোক বিশ্বজুৰি নাৰিকলৰ প্ৰধান উৎপাদক ৷ এছিয়ান পেচিফিক নাৰিকল কমিউনিটিয়ে প্ৰথমবাৰৰ বাবে জাকাৰ্টাত বিশ্ব নাৰিকল দিৱস আৰম্ভ কৰে ৷
এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে নাৰিকল আৰু বিভিন্ন উদ্যোগত ইয়াৰ ব্যৱহাৰ আৰু উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা ৷ এই বহুমুখী গ্রীষ্মমণ্ডলীয় ফলটোক উজ্জ্বল আৰু প্রচাৰৰ বাবে এপিচিচিয়ে প্রতিবছৰে বিশ্ব নাৰিকল দিৱসৰ আয়োজন কৰে ৷ ইণ্ডোনেছিয়া হৈছে বিশ্বৰ ভিতৰতে সৰ্বাধিক নাৰিকল উৎপাদনকাৰী দেশ ৷ ফিলিপাইনছৰ স্থান দ্বিতীয় আৰু ভাৰত তৃতীয় বৃহত্তম নাৰিকল উৎপাদনকাৰী দেশ ৷ এই নাৰিকলৰ বহুতো গুণাগুণ আছে ৷
নাৰিকলৰ উপকাৰিতাৰ বিষয়ে জানি লওক
১) স্বাস্থ্যকৰ চৰ্বিৰে সমৃদ্ধ: নাৰিকলৰ মলাইত স্বাস্থ্যকৰ চৰ্বি পোৱা যায় যিটো ওজন হ্ৰাস, হজম আৰু বিপাকীয় ক্ৰিয়াৰ বাবে ভাল বুলি গণ্য কৰা হয় ৷
২) তেজত শৰ্কৰাৰ মাত্ৰা স্বাভাৱিক কৰি ৰখাত সহায় কৰে: নাৰিকলৰ মলাইত কাৰ্বহাইড্ৰেট কম আৰু এন্টি অক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে ৷ শৰীৰত ৰক্তশৰ্কৰা মাত্ৰা স্বাভাৱিক কৰি ৰখাত সহায় কৰে ৷
৩)পলিফেনল সমৃদ্ধ: নাৰিকল মলাইত পলিফেনল থাকে যিয়ে শৰীৰক বহু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷
৪) ডায়েটিংৰ বাবে ভাল বিকল্প: বাদামবিহীন খাদ্য গ্ৰহণ কৰাসকলৰ বাবে নাৰিকল এটা উত্তম বিকল্প ৷
৫)পুষ্টিকৰ উপাদান: নাৰিকল মলাইত অধিক পৰিমাণৰ পুষ্টিকৰ উপাদান থাকে ৷ ইয়াৰ উপৰিও ইয়াত চেচুৰেটেড ফেট কম থাকে ৷
৬) ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে: নাৰিকল পানীৰ দৰে ইয়াৰ গাখীৰেও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ ইয়াৰ গাখীৰত ল’ৰিক এচিড থাকে, যিটো ইয়াৰ এন্টি-চেপ্টিক গুণৰ বাবে জনাজাত ৷ ই শৰীৰক বেক্টেৰিয়া, ভাইৰাছ আৰু ভেঁকুৰৰ দ্বাৰা হোৱা সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷