ETV Bharat / sukhibhava

অত্যধিক এন্টিবায়টিক সেৱনৰ ফলত ক্ষতি হ’ব পাৰে লিভাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 12:54 PM IST

Antibiotic Medicine Side Effects: এন্টিবায়টিকৰ অত্যধিক ব্যৱহাৰে আপোনাক গুৰুতৰভাৱে অসুস্থ কৰি তুলিব পাৰে । WHO ৰ শেহতীয়া গৱেষণাৰ মতে, এন্টিবায়টিকৰ অত্যধিক সেৱনৰ ফলত এবছৰত গোটেই বিশ্বত প্ৰায় 50 লাখ লোকৰ মৃত্য হয় ।

Know the Side Effects of Taking Antibiotics
এন্টিবায়টিকৰ অপকাৰিতা

এন্টিবায়টিকৰ অত্যধিক সেৱনে আপোনাক গুৰুতৰভাৱে অসুস্থ কৰি তুলিব পাৰে । WHO ৰ শেহতীয়া গৱেষণাৰ মতে, নতুন পৰিসংখ্যা যথেষ্ট ভয়ংকৰ । প্ৰায় মানুহে জ্বৰ বা চৰ্দি-কাহৰ সময়ত এন্টিবায়টিক ব্যৱহাৰ কৰে । কাহ-চৰ্দি, শৰীৰৰ বিষ, জ্বৰ বা এলাৰ্জীৰ সময়তো মানুহে প্ৰায়ে এন্টিবায়টিক সেৱন কৰে । যদি আপুনিও অত্যধিক এন্টিবায়টিক সেৱন কৰে, তেন্তে একেবাৰে নকৰিব । কাৰণ WHO ৰ শেহতীয়া গৱেষণা যথেষ্ট ভয়ংকৰ । এই ঔষধৰ অত্যাধিক ব্যৱহাৰে মানৱতাৰ প্ৰতি 'এণ্টি-মাইক্ৰ'বিয়েল প্ৰতিৰোধ'ৰ ভাবুকি সৃষ্টি কৰিছে, যি যিকোনো মহামাৰীতকৈ ডাঙৰ ভাবুকি হিচাপে পৰিগণিত হৈছে ।

‘এণ্টি মাইক্ৰ’বিয়েল ৰেজিষ্টেন্স’ অৰ্থাৎ এএমআৰত আক্ৰান্ত হৈ প্ৰতি বছৰে পৃথিৱীত ৫০ লাখ লোকৰ মৃত্যু হয় । এনেদৰে পৰিস্থিতি অব্যাহত থাকিলে ২০৫০ চনৰ ভিতৰত মৃত্যুৰ সংখ্যা ১ কোটি অতিক্ৰম কৰিব । ইয়াৰ পৰা অনুমান কৰিব পাৰি যে Covid মহামাৰীৰ বাবে ৩ বছৰত ৭০ লাখ লোকৰ মৃত্যু হৈছে । এএমআৰৰ বাবে এবছৰতে ৫০ লাখ লোকৰ মৃত্যু হয় ।

এ এম আৰ কি ?

এন্টিবায়টিক ব্যৱহাৰ কৰি বেক্টেৰিয়া নিধন কৰা হয় । কিন্তু যদি কোনো এজন ব্যক্তিয়ে বাৰে বাৰে এন্টিবায়টিক ব্যৱহাৰ কৰি আছে, তেন্তে সেই ঔষধৰ বিৰুদ্ধে বেক্টেৰিয়াই নিজৰ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে । ইয়াৰ পিচত ইয়াক ঠিক কৰাটো অতি কঠিন হৈ পৰে । ইয়াক এন্টি-মাইক্ৰ’বিয়েল ৰেজিষ্টেন্স বোলা হয় । এনে পৰিস্থিতিত চিকিৎসা সঠিকভাৱে নকৰিলেও যকৃতত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে । একে সময়তে লিভাৰৰ ক্ষতি হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায় । ইয়াৰ আৰম্ভণি হয় ফেটি লিভাৰৰ পৰা আৰু লাহে লাহে ই চিৰ’ছিছ-ফাইব্ৰ’ছিছলৈ পৰিণত হয় ।

শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগটো হ’ল যকৃত । ইয়াৰ ওজন প্ৰায় ১.৫ কিলোগ্ৰাম । যকৃতৰ কাম হ’ল শৰীৰৰ মলি ফিল্টাৰ কৰা, অৰ্থাৎ যকৃতে আপোনাৰ শৰীৰক বিষমুক্ত কৰাৰ কাম কৰে । ভজা আৰু টেঙা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে । জাংক আৰু ৰিফাইন চুগাৰ খোৱাৰ পৰা বিৰত থাকিব লাগে । যদি আপুনি এই সকলোবোৰ সঠিক সময়ত নিয়ন্ত্ৰণ নকৰে তেন্তে ফেটি লিভাৰৰ ৰোগ হ’ব পাৰে । ফেটি লিভাৰ ৰোগৰ কাৰণ- মেদবহুলতা, উচ্চ কলেষ্টেৰল, ডায়েবেটিছ আৰু থাইৰয়ড ।

সতৰ্কীকৰণ: এই প্ৰতিবেদনত উল্লেখ কৰা পদ্ধতি আৰু পৰামৰ্শ কাৰ্যকৰী কৰাৰ আগতে চিকিৎসক বা আনুষংগিক বিশেষজ্ঞৰ পৰামৰ্শ ল’ব ।

লগতে পঢ়ক: শীতকালত কিয় বৃদ্ধি পাই হাৰ্ট এটাকৰ সম্ভাৱনা ? ইয়াৰ পৰা ৰক্ষা পাবলৈ অৱলম্বন কৰক এই উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.